--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনাত কৰা হৈছে। ইজৰাইল আৰু সংযুক্ত আৰব ৰাষ্ট্ৰৰ মাজত ঐতিহাসিক শান্তি বাৰ্তাৰ সূচনা কৰাত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে পালন কৰা দায়িত্বৰ বাবে তেওঁৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

ইজৰাইল-আৰবৰ দ্বন্দ্ব অৱসান ঘটোৱাত শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হ’ল ডোনাল্ড ট্ৰাম্প ৷ উল্লেখ্য যে ইজৰাইল আৰু সংযুক্ত আৰৱ আমিৰশ্বাহিৰ মাজত শান্তি চুক্তি স্থাপনৰ মধ্যমণি আছিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী৷

ইয়াৰ পূৰ্বেও তিনিবাৰ নবেল পুৰস্কাৰৰ বাবে মনোনীত হৈছিল এসময়ৰ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ৷ পৰমাণু বিবাদ বিষয়ত উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জঙৰ লগত বন্ধুত্বৰ হাত তেওঁ প্ৰথম আগবঢ়াইছিল৷ তাৰবাবে ২০১৮ চনত নোবেল পুৰস্কাৰৰ বাবে তেওঁৰ নাম মনোনীত কৰিছিল জেড্ডেই ৷ ২০০৯ত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে শান্তিৰ নোবেল বঁটা পাইছিল বাৰাক ওবামাই ৷

টেনিৰ অফিচিয়েল ৱেবছাইট অনুসৰি তেওঁ ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰাৰ সিদ্ধান্ত লৈছিল। আব্ৰাহাম চুক্তিৰ বাবে তেওঁৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত এই চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথমে সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন আৰু ইজৰাইলৰ মাজৰ শান্তি চুক্তি আছিল এয়া৷

ইফালে, টেনিৰ পৰা এক বিবৃতিত ড’নাল্ড ট্ৰাম্পে বিগত ৩০ বছৰে মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা পালন কৰি আহিছে। দশক দশক ধৰি আমোলা, বৈদেশিক নীতিৰ পেছাদাৰী আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে বাৰে বাৰে দাবী কৰি আহিছে যে ইজৰাইল-পেলেষ্টাইনৰ সংঘাতৰ সমাধান নোহোৱালৈকে মধ্যপ্ৰাচ্যত শান্তি অসম্ভৱ। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে এই যুক্তি কাৰ্যতঃ মিছা বুলি প্ৰমাণ কৰিছে। তেওঁ মধ্যপ্ৰাচ্যত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰি সেয়া দেখুৱাইছিল। টেনিয়ে সেইটোৱেই দাবী কৰিছিল। আৰু সেইবাবেই শান্তিৰ নোবেলৰ বাবে মনোনীত হ'ল ডোনাল্ড ট্ৰাম্প৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ