--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনাত কৰা হৈছে। ইজৰাইল আৰু সংযুক্ত আৰব ৰাষ্ট্ৰৰ মাজত ঐতিহাসিক শান্তি বাৰ্তাৰ সূচনা কৰাত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে পালন কৰা দায়িত্বৰ বাবে তেওঁৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

ইজৰাইল-আৰবৰ দ্বন্দ্ব অৱসান ঘটোৱাত শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হ’ল ডোনাল্ড ট্ৰাম্প ৷ উল্লেখ্য যে ইজৰাইল আৰু সংযুক্ত আৰৱ আমিৰশ্বাহিৰ মাজত শান্তি চুক্তি স্থাপনৰ মধ্যমণি আছিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী৷

ইয়াৰ পূৰ্বেও তিনিবাৰ নবেল পুৰস্কাৰৰ বাবে মনোনীত হৈছিল এসময়ৰ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ৷ পৰমাণু বিবাদ বিষয়ত উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জঙৰ লগত বন্ধুত্বৰ হাত তেওঁ প্ৰথম আগবঢ়াইছিল৷ তাৰবাবে ২০১৮ চনত নোবেল পুৰস্কাৰৰ বাবে তেওঁৰ নাম মনোনীত কৰিছিল জেড্ডেই ৷ ২০০৯ত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে শান্তিৰ নোবেল বঁটা পাইছিল বাৰাক ওবামাই ৷

টেনিৰ অফিচিয়েল ৱেবছাইট অনুসৰি তেওঁ ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰাৰ সিদ্ধান্ত লৈছিল। আব্ৰাহাম চুক্তিৰ বাবে তেওঁৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত এই চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথমে সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন আৰু ইজৰাইলৰ মাজৰ শান্তি চুক্তি আছিল এয়া৷

ইফালে, টেনিৰ পৰা এক বিবৃতিত ড’নাল্ড ট্ৰাম্পে বিগত ৩০ বছৰে মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা পালন কৰি আহিছে। দশক দশক ধৰি আমোলা, বৈদেশিক নীতিৰ পেছাদাৰী আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে বাৰে বাৰে দাবী কৰি আহিছে যে ইজৰাইল-পেলেষ্টাইনৰ সংঘাতৰ সমাধান নোহোৱালৈকে মধ্যপ্ৰাচ্যত শান্তি অসম্ভৱ। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে এই যুক্তি কাৰ্যতঃ মিছা বুলি প্ৰমাণ কৰিছে। তেওঁ মধ্যপ্ৰাচ্যত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰি সেয়া দেখুৱাইছিল। টেনিয়ে সেইটোৱেই দাবী কৰিছিল। আৰু সেইবাবেই শান্তিৰ নোবেলৰ বাবে মনোনীত হ'ল ডোনাল্ড ট্ৰাম্প৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?