--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত ইৰাণী মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মোহম্মদী৷ইৰাণৰ এখন আদালতে ২০২৩ চনৰ শান্তি বঁটা বিজয়ী নাৰ্গেছ মোহম্মদীক কাৰাগাৰৰ আঁৰত থকাৰ সময়ত ইছলামিক গণৰাজ্যৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত অতিৰিক্ত এবছৰৰ অধিক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে বুলি সোমবাৰে তেওঁৰ পৰিয়ালে জনায়।আদালতে মহম্মদীক বৰ্জন কৰা বিচাৰৰ পাছত ১৫ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে বুলি পৰিয়ালে তেওঁলোকৰ বিবৃতিত উল্লেখ কৰে।

নাৰ্গেছক তেহৰাণৰ বাহিৰত দুবছৰ নিৰ্বাসিত থাকিবলৈও নিৰ্দেশ দিয়া হৈছিল, দুবছৰৰ বাবে ভ্ৰমণ নিষেধাজ্ঞা আৰু স্মাৰ্টফোন ব্যৱহাৰ কৰাত দুবছৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যিবোৰ নিষেধাজ্ঞা অৱশেষত মুক্ত হোৱাৰ পাছত বলবৎ হ’ব।

পৰিয়ালটোৱে জনোৱা মতে, ২০২১ চনৰ মাৰ্চ মাহৰ পাছত মহম্মদীক এইটো পঞ্চমবাৰৰ বাবে দোষী সাব্যস্ত কৰা হৈছে, এতিয়া ১২ বছৰ আৰু তিনিমাহৰ কাৰাদণ্ড, দুবছৰ নিৰ্বাসন, বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বাধা-নিষেধৰ শাস্তি প্ৰদান কৰা হৈছে৷

পৰিয়ালটোৱে এটা ৰায়দানক ধিক্কাৰ দিয়ে যিটো ৰায়দানক “ৰাজনৈতিক বিবৃতি”ৰ সৈতে মিল আছে বুলি কোৱা হৈছে, য’ত অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱা হৈছে যে “তেওঁ ইছলামিক শাসনৰ বিৰুদ্ধে জনসাধাৰণ আৰু ব্যক্তিগত মতামতক বাৰে বাৰে উচটনি দিয়ে আৰু বিশৃংখলতা আৰু অশান্তিৰ বীজ সিঁচিবলৈ উৎসাহিত কৰে”।

উল্লেখ্য যে ডিচেম্বৰ মাহত  মহম্মদীক ইৰাণত মানৱ অধিকাৰৰ বাবে প্ৰচাৰ চলোৱাৰ স্বীকৃতি স্বৰূপে নোবেল বঁটা প্ৰদান কৰা হয়।

যোৱা দুটা দশকৰ বেছিভাগ সময় জেলৰ ভিতৰত আৰু বাহিৰত কটাবলগীয়া হোৱা নাৰ্গেছে ২০২১ চনৰ নৱেম্বৰ মাহত শেহতীয়া শাস্তি ভুগিবলৈ আৰম্ভ কৰিছিল।ইছলামিক গণৰাজ্যত বাধ্যতামূলক হিজাবৰ তীব্ৰ বিৰোধী নাৰ্গেছে কাৰাগাৰৰ ভিতৰত মূৰত হিজাব পিন্ধা সম্পৰ্কেও নিয়ম উলংঘা কৰিছে।পৰিয়ালৰ মতে ইয়াৰ ফলত মহম্মদীক আৰু অধিক শাস্তি দিয়া হৈছে, বিশেষকৈ ফোন কল কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে