--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত ইৰাণী মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মোহম্মদী৷ইৰাণৰ এখন আদালতে ২০২৩ চনৰ শান্তি বঁটা বিজয়ী নাৰ্গেছ মোহম্মদীক কাৰাগাৰৰ আঁৰত থকাৰ সময়ত ইছলামিক গণৰাজ্যৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত অতিৰিক্ত এবছৰৰ অধিক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে বুলি সোমবাৰে তেওঁৰ পৰিয়ালে জনায়।আদালতে মহম্মদীক বৰ্জন কৰা বিচাৰৰ পাছত ১৫ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে বুলি পৰিয়ালে তেওঁলোকৰ বিবৃতিত উল্লেখ কৰে।

নাৰ্গেছক তেহৰাণৰ বাহিৰত দুবছৰ নিৰ্বাসিত থাকিবলৈও নিৰ্দেশ দিয়া হৈছিল, দুবছৰৰ বাবে ভ্ৰমণ নিষেধাজ্ঞা আৰু স্মাৰ্টফোন ব্যৱহাৰ কৰাত দুবছৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যিবোৰ নিষেধাজ্ঞা অৱশেষত মুক্ত হোৱাৰ পাছত বলবৎ হ’ব।

পৰিয়ালটোৱে জনোৱা মতে, ২০২১ চনৰ মাৰ্চ মাহৰ পাছত মহম্মদীক এইটো পঞ্চমবাৰৰ বাবে দোষী সাব্যস্ত কৰা হৈছে, এতিয়া ১২ বছৰ আৰু তিনিমাহৰ কাৰাদণ্ড, দুবছৰ নিৰ্বাসন, বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বাধা-নিষেধৰ শাস্তি প্ৰদান কৰা হৈছে৷

পৰিয়ালটোৱে এটা ৰায়দানক ধিক্কাৰ দিয়ে যিটো ৰায়দানক “ৰাজনৈতিক বিবৃতি”ৰ সৈতে মিল আছে বুলি কোৱা হৈছে, য’ত অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱা হৈছে যে “তেওঁ ইছলামিক শাসনৰ বিৰুদ্ধে জনসাধাৰণ আৰু ব্যক্তিগত মতামতক বাৰে বাৰে উচটনি দিয়ে আৰু বিশৃংখলতা আৰু অশান্তিৰ বীজ সিঁচিবলৈ উৎসাহিত কৰে”।

উল্লেখ্য যে ডিচেম্বৰ মাহত  মহম্মদীক ইৰাণত মানৱ অধিকাৰৰ বাবে প্ৰচাৰ চলোৱাৰ স্বীকৃতি স্বৰূপে নোবেল বঁটা প্ৰদান কৰা হয়।

যোৱা দুটা দশকৰ বেছিভাগ সময় জেলৰ ভিতৰত আৰু বাহিৰত কটাবলগীয়া হোৱা নাৰ্গেছে ২০২১ চনৰ নৱেম্বৰ মাহত শেহতীয়া শাস্তি ভুগিবলৈ আৰম্ভ কৰিছিল।ইছলামিক গণৰাজ্যত বাধ্যতামূলক হিজাবৰ তীব্ৰ বিৰোধী নাৰ্গেছে কাৰাগাৰৰ ভিতৰত মূৰত হিজাব পিন্ধা সম্পৰ্কেও নিয়ম উলংঘা কৰিছে।পৰিয়ালৰ মতে ইয়াৰ ফলত মহম্মদীক আৰু অধিক শাস্তি দিয়া হৈছে, বিশেষকৈ ফোন কল কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ