--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী বিবেক ৰামস্বামীয়ে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আইঅ’ৱা ককাছত জয়লাভ কৰাৰ পাছত মঙলবাৰে এই কথা ঘোষণা কৰে৷

বায়’টেক উদ্যোগীগৰাকীয়ে কয় যে আইঅ’ৱাৰ লিডঅফ ককাছত হতাশাজনকভাৱে অন্ত পেলোৱাৰ পাছত তেওঁ ৰিপাব্লিকান দলৰ মনোনয়নৰ বাবে নিজৰ প্ৰচাৰৰ অন্ত পেলাইছে।

শেহতীয়াকৈ ৰামস্বামীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ট্ৰাম্পক সমৰ্থন জনাইছে আৰু তেওঁক গুৰুতৰ অপৰাধৰ দোষী সাব্যস্ত হ’লেও তেওঁক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সোমবাৰে আইঅ’ৱাত অনুষ্ঠিত ২০২৪ চনৰ প্ৰথমখন ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বিতাত ট্ৰাম্পে জয়লাভ কৰে। বিবেকে কয় যে,হ‘আজি ৰাতিৰ পূৰ্বে মই ড’নাল্ড ট্ৰাম্পক ফোন কৰি ক’লোঁ যে তেওঁৰ জয়ৰ বাবে মই তেওঁক অভিনন্দন জনাইছো। আৰু এতিয়া আগলৈ গৈ তেওঁৰ হাতত ৰাষ্ট্ৰপতি পদৰ বাবে মোৰ সম্পূৰ্ণ সমৰ্থন থাকিব।’

চিএনএনৰ প্ৰক্ষেপণ অনুসৰি ট্ৰাম্পে আইঅ’ৱাৰ ককাচত জয়ী হৈছে। দ্বিতীয় স্থানত আছে ফ্ল’ৰিডাৰ গৱৰ্ণৰ ৰন ডিছান্টিছ, তৃতীয় স্থানত আছে দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ নিকি হেলী। ট্ৰাম্পৰ ৫৫ হাজাৰতকৈ অধিক ভোট, ডিছান্টিছৰ ২৩ হাজাৰতকৈ অধিক, হেলীৰ ২০ হাজাৰতকৈ অধিক ভোট আৰু ৰামাস্বামীয়ে ৮ হাজাৰৰ অলপ বেছি ভোটেৰে চতুৰ্থ স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ