--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী বিবেক ৰামস্বামীয়ে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আইঅ’ৱা ককাছত জয়লাভ কৰাৰ পাছত মঙলবাৰে এই কথা ঘোষণা কৰে৷

বায়’টেক উদ্যোগীগৰাকীয়ে কয় যে আইঅ’ৱাৰ লিডঅফ ককাছত হতাশাজনকভাৱে অন্ত পেলোৱাৰ পাছত তেওঁ ৰিপাব্লিকান দলৰ মনোনয়নৰ বাবে নিজৰ প্ৰচাৰৰ অন্ত পেলাইছে।

শেহতীয়াকৈ ৰামস্বামীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ট্ৰাম্পক সমৰ্থন জনাইছে আৰু তেওঁক গুৰুতৰ অপৰাধৰ দোষী সাব্যস্ত হ’লেও তেওঁক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সোমবাৰে আইঅ’ৱাত অনুষ্ঠিত ২০২৪ চনৰ প্ৰথমখন ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বিতাত ট্ৰাম্পে জয়লাভ কৰে। বিবেকে কয় যে,হ‘আজি ৰাতিৰ পূৰ্বে মই ড’নাল্ড ট্ৰাম্পক ফোন কৰি ক’লোঁ যে তেওঁৰ জয়ৰ বাবে মই তেওঁক অভিনন্দন জনাইছো। আৰু এতিয়া আগলৈ গৈ তেওঁৰ হাতত ৰাষ্ট্ৰপতি পদৰ বাবে মোৰ সম্পূৰ্ণ সমৰ্থন থাকিব।’

চিএনএনৰ প্ৰক্ষেপণ অনুসৰি ট্ৰাম্পে আইঅ’ৱাৰ ককাচত জয়ী হৈছে। দ্বিতীয় স্থানত আছে ফ্ল’ৰিডাৰ গৱৰ্ণৰ ৰন ডিছান্টিছ, তৃতীয় স্থানত আছে দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ নিকি হেলী। ট্ৰাম্পৰ ৫৫ হাজাৰতকৈ অধিক ভোট, ডিছান্টিছৰ ২৩ হাজাৰতকৈ অধিক, হেলীৰ ২০ হাজাৰতকৈ অধিক ভোট আৰু ৰামাস্বামীয়ে ৮ হাজাৰৰ অলপ বেছি ভোটেৰে চতুৰ্থ স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন