--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাপ বুলিলেই বহুতৰে মনত এক শংকাৰ সৃষ্টি হয়৷ কিন্তু একাংশ লোকে সাপৰ সৈতে বিভিন্ন ধৰণৰ খেলা-ধূলা কৰাও দেখিবলৈ পোৱা যায়৷ সাপৰ সৈতে খেলা কৰাৰ আগতে অভিজ্ঞ হ’লেও সাৱধান হোৱাটো যথেষ্ট প্ৰয়োজন৷ বহু সময়ত বহুলোকে ধেমালিত সম্পূৰ্ণ অভিজ্ঞতা অবিহনে সাহসিকতা প্ৰদৰ্শনৰ চেষ্টা কৰি নিজৰ জীৱন বিপদলৈ থেলি দিয়ে৷ শেহতীয়াকৈ কৰ্ণাটকত এনে এটা ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। কৰ্ণাটকৰ চিৰছাৰ যুৱকৰ নাম মাজ চয়দ। তেওঁ সাপ ধৰি ভাল পায়। কিন্তু এই উৎসাহী যুৱকজনে সাপৰ সৈতে খেলা দেখুৱাবলৈ গৈ নিজৰ বাবে কঢ়িয়াই আনিলে বিপদ। বাগিচা বা পথাৰৰ মাজত যুৱকজনে তিনিডাল বিষাক্ত ফেঁটী সাপৰ সৈতে খেলা দেখুওৱাই থকা অৱস্থাত দেখা গৈছিল৷ https://twitter.com/susantananda3/status/1504098801656934403?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1504098801656934403%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcobra-bit-youth-while-he-was-doing-stunt-with-three-cobras-video-went-viral-dgtlv%2Fcid%2F1334103 যুৱকজনে ভিডিঅ’টোত সাপবোৰৰ নেজটো ধৰি আগলৈ টানি নিয়া দেখা গৈছিল। ফলস্বৰূপে, সাপকেইটা আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে। তেনে সময়তে এটা সাপে যুৱকজনৰ ভৰিত খোঁট মাৰে৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে যুৱকজনৰ এই ভয়ংকৰ কাৰ্যৰ ভিডিঅ’টো ভাইৰেল হৈ পৰে। ভিডিঅ’টো আইএফএছ বিষয়া সুশান্ত নন্দাৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছিল। তেওঁ লিখিছিল এনেদৰে- “কোনোবাই নিজৰ জীৱন বিপদত পেলায় আৰু সাপৰ সৈতে তেওঁৰ কলা প্ৰদৰ্শন কৰে! সাপবোৰে সদায় আন্দোলন অনুসৰণ কৰে। যদি আপুনি এই দিশ আৰু দিশত আছে, আপুনি বিপদৰ সন্মুখীন হ’ব লাগিব পাৰে।” ঘটনাৰ পাছতে ‘মাজ’ক উদ্ধাৰ কৰা হৈছিল আৰু চিৰচৰাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন