--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাপ বুলিলেই বহুতৰে মনত এক শংকাৰ সৃষ্টি হয়৷ কিন্তু একাংশ লোকে সাপৰ সৈতে বিভিন্ন ধৰণৰ খেলা-ধূলা কৰাও দেখিবলৈ পোৱা যায়৷ সাপৰ সৈতে খেলা কৰাৰ আগতে অভিজ্ঞ হ’লেও সাৱধান হোৱাটো যথেষ্ট প্ৰয়োজন৷ বহু সময়ত বহুলোকে ধেমালিত সম্পূৰ্ণ অভিজ্ঞতা অবিহনে সাহসিকতা প্ৰদৰ্শনৰ চেষ্টা কৰি নিজৰ জীৱন বিপদলৈ থেলি দিয়ে৷ শেহতীয়াকৈ কৰ্ণাটকত এনে এটা ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। কৰ্ণাটকৰ চিৰছাৰ যুৱকৰ নাম মাজ চয়দ। তেওঁ সাপ ধৰি ভাল পায়। কিন্তু এই উৎসাহী যুৱকজনে সাপৰ সৈতে খেলা দেখুৱাবলৈ গৈ নিজৰ বাবে কঢ়িয়াই আনিলে বিপদ। বাগিচা বা পথাৰৰ মাজত যুৱকজনে তিনিডাল বিষাক্ত ফেঁটী সাপৰ সৈতে খেলা দেখুওৱাই থকা অৱস্থাত দেখা গৈছিল৷ https://twitter.com/susantananda3/status/1504098801656934403?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1504098801656934403%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcobra-bit-youth-while-he-was-doing-stunt-with-three-cobras-video-went-viral-dgtlv%2Fcid%2F1334103 যুৱকজনে ভিডিঅ’টোত সাপবোৰৰ নেজটো ধৰি আগলৈ টানি নিয়া দেখা গৈছিল। ফলস্বৰূপে, সাপকেইটা আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে। তেনে সময়তে এটা সাপে যুৱকজনৰ ভৰিত খোঁট মাৰে৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে যুৱকজনৰ এই ভয়ংকৰ কাৰ্যৰ ভিডিঅ’টো ভাইৰেল হৈ পৰে। ভিডিঅ’টো আইএফএছ বিষয়া সুশান্ত নন্দাৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছিল। তেওঁ লিখিছিল এনেদৰে- “কোনোবাই নিজৰ জীৱন বিপদত পেলায় আৰু সাপৰ সৈতে তেওঁৰ কলা প্ৰদৰ্শন কৰে! সাপবোৰে সদায় আন্দোলন অনুসৰণ কৰে। যদি আপুনি এই দিশ আৰু দিশত আছে, আপুনি বিপদৰ সন্মুখীন হ’ব লাগিব পাৰে।” ঘটনাৰ পাছতে ‘মাজ’ক উদ্ধাৰ কৰা হৈছিল আৰু চিৰচৰাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি