--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত আৰম্ভ হৈছে কিশোৰ-কিশোৰীসকলৰ ক’ভিড ভেকচিনৰ প্ৰক্ৰিয়া৷ প্ৰথম দিনটোত দেশজুৰি ১২– ১৪ বছৰীয়া ২.৬০ লাখক ভেকচিনৰ প্ৰথমপালি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ১২ৰ পৰা ১৪ বছৰৰ ভিতৰত ৩ লাখতকৈয়ো অধিক কিশোৰ-কিশোৰীৱে ভেকচিন গ্ৰহণ কৰিছে৷ দেশত কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা মুঠ ১৮০.৮০ কোটি ক’ভিড ভেকচিনৰ প্ৰথমপালি প্ৰদান কৰা হৈছে। বায়’লজীকেল ইৰ ইন্ট্ৰামাছকুলাৰ ভেকচিন কৰ্বেভেক্সৰ দুয়োটা ড’জ ২৮ দিনৰ ব্যৱধানত ১২– ১৪ বছৰ শিশুসকলক প্ৰদান কৰা হ’ব। লগতে মন্ত্ৰণালয়ে টুইটযোগে আৰু জনাইছে যে ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসত ১২–১৪ বছৰ বয়সীয়াসকলক কৰ’নাৰ ভেকচিন দিয়া কাম আৰম্ভ হৈছে। ১৫ বছৰীয়াসকলক ইতিমধ্যে ১৫–১৮ বছৰ বয়সীয়াসকলৰ শ্ৰেণীৰ ভেকচিন দিয়াৰ সময়তে প্ৰদান কৰা হৈছে টিকা।   বিগত বৰ্ষৰ ১ মাৰ্চলৈকে, দেশখনত ১২ আৰু ১৩ বছৰ বয়সৰ ৪.৭ কোটি কিশোৰ-কিশোৰী আছিল। স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীৰ লগতে ৬০ বছৰৰ অধিক বয়সৰ লোকক ক’ভিড-১৯ ভেকচিনৰ ২.১৫ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে।   ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো লোকক ক’ভিড ভেকচিনৰ পালিৰ বাবে বাছনি কৰা হৈছে। পালিটোৰ প্ৰাথমিকতা আৰু অনুক্ৰম দ্বিতীয় পালি প্ৰয়োগৰ তাৰিখৰ ৯ মাহৰ পৰা ৩৯ সপ্তাহ সম্পূৰ্ণ হোৱাৰ ওপৰত আধাৰিত হ’ব। দেশজুৰি টিকাকৰণ অভিযান ১৬ জানুৱাৰী, ২০২১ৰ পৰা আৰম্ভ কৰা হৈছিল, প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱা কৰ্মীসকলক টিকাকৰণ কৰা হৈছিল। ফ্ৰণ্টলাইন কৰ্মীসকলৰ টিকাকৰণ বিগত বছৰৰ ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে