--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিন্ধু জল চুক্তিয়ে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ অশান্তিৰ সৃষ্টি কৰিছে৷  পানীত প্ৰৱেশ কৰিছে, ভাৰতে পাকিস্তানক সিন্ধু অৱবাহিকাৰ  ছয়খন নদীৰ পানী কেনেদৰে ভাগ-বতৰা কৰা হ!’ব  সেই সন্দৰ্ভত চুক্তিপুনৰ আলোচনা কৰিবলৈ আহ্বান জনাইছে। যদিও অতীতত পানী ভাগ-বতৰাৰ ক্ষেত্ৰত বিবাদ হৈছিল, এইবাৰ বিবাদ সমাধানৰ প্ৰণালীটো নিজেই বিতৰ্কৰ মাজত সোমাই পৰিছে। 


কাৰণ বিষয়টোত পাকিস্তানে বিশ্ব বেংকৰ দ্বাৰা নিযুক্ত নিৰপেক্ষ বিশেষজ্ঞক টানি আনিছে৷  উল্লেখ্য বিশ্ব বেংকে ১৯৬০ চনত চুক্তি স্বাক্ষৰ কৰাত সহায় কৰিছিল। সিন্ধু জল চুক্তিৰ প্ৰসংগত  ভাৰতে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিষয়টোৰ মাজলৈ বিশ্ব বেংকক টানি অনাৰ কথাটো ভাৰতে মুঠেও মানি ল’ব পৰা নাই৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ কিষেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্পক লৈ নতুন দিল্লী আৰু ইছলামাবাদৰ মাজৰ সংঘাত বৃদ্ধি পাইছে৷  এই প্ৰসংগত  মধ্যস্থতা আদালত আৰু এজন নিৰপেক্ষ বিশেষজ্ঞ নিয়োগ কৰাৰ বিশ্ব বেংকৰ সিদ্ধান্তকলৈ ভাৰতে প্ৰশ্ন উত্থাপন কৰিছে ।

 যোৱা সপ্তাহত ভাৰতে পাকিস্তানক বিবাদ নিষ্পত্তিৰ বাবে   ৬২  বছৰ পুৰণি সিন্ধু জল চুক্তিৰ (আইডব্লিউটি) পুনৰীক্ষণ আৰু সংশোধন বিচাৰি জাননী জাৰি কৰিছিল। বিষয়টোত বিশ্ব বেংকৰ উপস্থিতিৰ প্ৰসংগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা  মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় ’মই নাভাবো যে তেওঁলোকে (বিশ্ব বেংক) আমাৰ বাবে চুক্তিৰ ব্যাখ্যা কৰাৰ স্থিতিত আছে। এইটো আমাৰ দুয়োখন দেশৰ মাজৰ এক চুক্তি ," । 

উল্লেখ্য কিষেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত মতভেদ সমাধানৰ বাবে বিশ্ব বেংকে এজন নিৰপেক্ষ বিশেষজ্ঞ আৰু মধ্যস্থতা আদালতৰ অধ্যক্ষ নিয়োগ কৰাৰ ঘোষণা কৰিছিল৷ ভাৰতৰ সিন্ধু জল আয়ুক্তই ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ পৰিৱৰ্তনৰ বাবে ২৫ জানুৱাৰীত তেওঁৰ পাকিস্তানী সমকক্ষক জাননী জাৰি কৰিছিল৷ সম্প্ৰতি সিন্ধু জল চুক্তিকলৈ পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতে পাকিস্তানলৈ এখন জাননী প্ৰেৰণ কৰি সিন্ধু জল চুক্তি সংশোধনৰ আহ্বান জনাইছে । ১৯৬০ চনত কৰাচীত ভাৰতৰ তদানীন্তন  প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেতিয়াৰ পাকিস্তানী ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত স্বাক্ষৰিত চুক্তি সংশোধনৰ বাবে নতুন দিল্লীয়ে প্ৰথমবাৰৰ বাবে ইছলামাবাদক আহ্বান জনাইছে।

সূত্ৰসমূহে কয়, "ভাৰতে ১৯৬০ চনৰ ছেপ্টেম্বৰৰ সিন্ধু জল চুক্তি (আইডব্লিউটি)ৰ সংশোধনৰ বাবে পাকিস্তানক জাননী জাৰি কৰিছে। এইটো দ্বাদশ অনুচ্ছেদ (৩) অনুসৰি আইডব্লিউটি... সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ আকোঁৰগোঁজ মনোভাবৰ ফলত   ভাৰতে চুক্তিত সংশোধনৰ জাননী জাৰি কৰিবলৈ বাধ্য হৈছে।" জাননীখনৰ অধীনত ভাৰতে পাকিস্তানক চুক্তিৰ "সামগ্ৰিক উলংঘন সংশোধন" কৰিবলৈ ৯০ দিনৰ ভিতৰত আন্তঃচৰকাৰী আলোচনাত বহিবলৈ আহ্বান জনাইছে আৰু  "যোৱা ৬২  বছৰৰ অভিজ্ঞতাৰে চুক্তিখন উন্নীত কৰিবলৈ" আহ্বান জনাইছে।

১৯৬০  চনৰ সিন্ধু জল চুক্তিৰ অধীনত, ৩ খন পূৱ দিশেৰে বৈ যোৱা নদী - সতলজ, বিয়াছ, আৰু ৰবিৰ পানী ভাৰতক সীমাহীনভাবে  ব্যৱহাৰৰ বাবে আৱণ্টন কৰা হৈছিল ।  আনহাতে ৩ খন পশ্চিমীয়া নদী - সিন্ধু, ঝিলাম আৰু চেনাবৰ পানী পাকিস্তানলৈ বৈ গৈছে। ইয়াৰ উপৰিও নতুন দিল্লীৰ ৩ খন পশ্চিমীয়া নদীত নদী প্ৰকল্পৰ জৰিয়তে জলবিদ্যুৎ উৎপাদন কৰাৰ অধিকাৰ আছে। পাকিস্তানে এই চুক্তিৰ অধীনত পশ্চিমীয়া নদীসমূহত ভাৰতীয় জলবিদ্যুৎ প্ৰকল্পৰ নক্সাৰ ওপৰত কাৰিকৰী আপত্তি উত্থাপন কৰিব পাৰে।
এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত পাকিস্তানে সদায় গা এৰা দি আহিছে। ২০১৫  চনত পাকিস্তানে ভাৰতৰ কিষেণগংগা আৰু ৰাটল হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্পৰ (এইচইপি) ওপৰত ইয়াৰ কাৰিকৰী আপত্তিবোৰ পৰীক্ষা কৰিবলৈ এজন নিৰপেক্ষ বিশেষজ্ঞ নিযুক্ত কৰাৰ বাবে অনুৰোধ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী