--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যতসপ্তম দিনধৰি অব্যাহত আছে  ৰক্তক্ষয়ী যুঁজ । যুদ্ধত ইতিমধ্যে ৩,০০০ তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলৰ সামৰিক বাহিনীয়ে পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট  হামাছে পণবন্দী কৰি ৰখা লোকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰাণপণে চেষ্টা অব্যাহত ৰাখিছে। হামাছৰ কৱলৰ পৰা  বন্দীসকলক  উদ্ধাৰ কৰিবলৈ ইজৰাইলে এক বিশেষ অভিযান 'শ্বায়েত ১৩' আৰম্ভ কৰিছে। এই অভিযানৰ  জৰিয়তে ইহুদী দেশখনৰ  যুঁজাৰুসকলে জিহাদীসকলক ইজনৰ পিছত সিজনকৈ   হত্যা কৰি আছে। 

 'শ্বায়েত ১৩' অভিযানৰ ফলত হামাছ বহু ঠাইত দিশহাৰা হৈ পৰা বুলি জানিব পৰা গৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কৈছে যে গাজাৰ "প্ৰতিৰক্ষা দেৱাল"ৰ ওচৰত চুন্নী সন্ত্ৰাসবাদী  গোট হামাছৰ এটা বাংকাৰত অভিযান চলাই ২৫০ তকৈও অধিক পণবন্দীক উদ্ধাৰ কৰা হৈছে। একে সময়তে ইজৰাইলী সেনাই এক ভয়াৱহ  যুঁজৰ অন্তত  ৬০  জন সন্ত্ৰাসবাদিক নিধন কৰিছে। হামাছৰ উপ-কমাণ্ডাৰ মহম্মদ আবু আলীকে ধৰি ২৬ জন হামাছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।  


আইডিএফে 'শায়েত ১৩' কমাণ্ডো বাহিনীৰ দ্বাৰা চলোৱা  অভিযানটোৰ এটা ভিডিঅ'ও মুকলি কৰিছে। ভিডিঅ’টোত দেখা গৈছে  কেনেকৈ ইজৰাইলী সেনাই হামাছৰ ঘাটিত প্ৰৱেশ কৰি বহু হামাছ সদস্যক  হত্যা কৰিছে। ইয়াৰ পিছত এজন এজনকৈ  বন্দীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ অনা হৈছে। আহতসকলৰ বাবে ষ্ট্ৰেচ্ছাৰ আৰু প্ৰাথমিক চিকিৎসাও প্ৰদান কৰা হৈছে। উল্লেখ্য শনিবাৰে হামাছে ইজৰাইলৰ ওপৰত এক অভূতপূৰ্ব আক্ৰমণ চলাইছিল। ইজৰাইলে ইয়াৰ পিছতে হামাছৰ বিৰুদ্ধে  যুদ্ধ ঘোষণা কৰিছিল আৰু গাজাত হামাছৰ ঘাটি ধ্বংস কৰিবলৈ আৰম্ভ কৰিছিল। 

ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ সেনাই গাজাত  আক্ৰমণ আৰম্ভ কৰিছে। নেতান্যাহুৱে মধ্যপ্ৰাচ্যৰ মানচিত্ৰ সলনি কৰাৰ ভাবুকিএ দিছে। একে সময়তে তেওঁ  হামাছৰ সকলো সন্ত্ৰাসবাদীক হতচ্যা কৰা হ’ব বুলি ঘোষণা কৰিছে।  ইজৰাইলৰ সামৰিক বাহিনীয়ে এই সতৰ্কবাণী কাৰ্যকৰী কৰিবলৈ এতিয়া গাজাত যুুৎসু ৰূপত জঁপিয়াই পৰিছে। আমেৰিকাই ইতিমধ্যে ইহুদীসকলক সহায় কৰিবলৈ যুঁজাৰু বিমান আৰু যুদ্ধজাহাজ প্ৰেৰণ কৰিছে। ব্ৰিটেইনেও ইজৰাইললৈ সামৰিক সাহায্য প্ৰেৰণ কৰিছে।    





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত