--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যতসপ্তম দিনধৰি অব্যাহত আছে  ৰক্তক্ষয়ী যুঁজ । যুদ্ধত ইতিমধ্যে ৩,০০০ তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলৰ সামৰিক বাহিনীয়ে পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট  হামাছে পণবন্দী কৰি ৰখা লোকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰাণপণে চেষ্টা অব্যাহত ৰাখিছে। হামাছৰ কৱলৰ পৰা  বন্দীসকলক  উদ্ধাৰ কৰিবলৈ ইজৰাইলে এক বিশেষ অভিযান 'শ্বায়েত ১৩' আৰম্ভ কৰিছে। এই অভিযানৰ  জৰিয়তে ইহুদী দেশখনৰ  যুঁজাৰুসকলে জিহাদীসকলক ইজনৰ পিছত সিজনকৈ   হত্যা কৰি আছে। 

 'শ্বায়েত ১৩' অভিযানৰ ফলত হামাছ বহু ঠাইত দিশহাৰা হৈ পৰা বুলি জানিব পৰা গৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কৈছে যে গাজাৰ "প্ৰতিৰক্ষা দেৱাল"ৰ ওচৰত চুন্নী সন্ত্ৰাসবাদী  গোট হামাছৰ এটা বাংকাৰত অভিযান চলাই ২৫০ তকৈও অধিক পণবন্দীক উদ্ধাৰ কৰা হৈছে। একে সময়তে ইজৰাইলী সেনাই এক ভয়াৱহ  যুঁজৰ অন্তত  ৬০  জন সন্ত্ৰাসবাদিক নিধন কৰিছে। হামাছৰ উপ-কমাণ্ডাৰ মহম্মদ আবু আলীকে ধৰি ২৬ জন হামাছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।  


আইডিএফে 'শায়েত ১৩' কমাণ্ডো বাহিনীৰ দ্বাৰা চলোৱা  অভিযানটোৰ এটা ভিডিঅ'ও মুকলি কৰিছে। ভিডিঅ’টোত দেখা গৈছে  কেনেকৈ ইজৰাইলী সেনাই হামাছৰ ঘাটিত প্ৰৱেশ কৰি বহু হামাছ সদস্যক  হত্যা কৰিছে। ইয়াৰ পিছত এজন এজনকৈ  বন্দীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ অনা হৈছে। আহতসকলৰ বাবে ষ্ট্ৰেচ্ছাৰ আৰু প্ৰাথমিক চিকিৎসাও প্ৰদান কৰা হৈছে। উল্লেখ্য শনিবাৰে হামাছে ইজৰাইলৰ ওপৰত এক অভূতপূৰ্ব আক্ৰমণ চলাইছিল। ইজৰাইলে ইয়াৰ পিছতে হামাছৰ বিৰুদ্ধে  যুদ্ধ ঘোষণা কৰিছিল আৰু গাজাত হামাছৰ ঘাটি ধ্বংস কৰিবলৈ আৰম্ভ কৰিছিল। 

ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ সেনাই গাজাত  আক্ৰমণ আৰম্ভ কৰিছে। নেতান্যাহুৱে মধ্যপ্ৰাচ্যৰ মানচিত্ৰ সলনি কৰাৰ ভাবুকিএ দিছে। একে সময়তে তেওঁ  হামাছৰ সকলো সন্ত্ৰাসবাদীক হতচ্যা কৰা হ’ব বুলি ঘোষণা কৰিছে।  ইজৰাইলৰ সামৰিক বাহিনীয়ে এই সতৰ্কবাণী কাৰ্যকৰী কৰিবলৈ এতিয়া গাজাত যুুৎসু ৰূপত জঁপিয়াই পৰিছে। আমেৰিকাই ইতিমধ্যে ইহুদীসকলক সহায় কৰিবলৈ যুঁজাৰু বিমান আৰু যুদ্ধজাহাজ প্ৰেৰণ কৰিছে। ব্ৰিটেইনেও ইজৰাইললৈ সামৰিক সাহায্য প্ৰেৰণ কৰিছে।    





FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল