--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ কোনো দেশত যদি শান্তি বিৰাজমান, কোনো দেশত আকৌ অশান্তিৰ কলীয়া ছাঁ। এনে বিচাৰৰ আলম লৈয়ে দেশৰ জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। শান্তি বা অশান্তিৰ আভাস অধিক নিৰ্ভৰ কৰে জনসাধাৰণৰ আচৰণ আৰু সংশ্লিষ্ট দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত। সেই হিচাপে বিশ্ব শান্তিৰ তালিকাত আইচলেণ্ড শীৰ্ষত আছে, তাৰ পিছতে আছে আফগানিস্তান।

ভাৰতৰ পৰিস্থিতি একেবাৰেই বৰ আশাব্যঞ্জক নহয়। গ্ল’বেল পিচ ইনডেক্স ২০২২ অনুসৰি ভাৰতে নিজৰ স্থিতি উন্নত কৰিছে ঠিকেই, কিন্তু সেয়া যে এক আশাপ্ৰদ সঁহাৰি কোনোপধ্য নহয় বুলি প্ৰকাশ পাইছে। পূৰ্বে ১৩৮ সংখ্যক স্থানত আছিল ভাৰতবৰ্ষ, শেহতীয়া ইনডেক্সত ভাৰত ১৩৫ সংখ্যক স্থানলৈ উন্নীত হৈছে। কিন্তু বিশ্ব শান্তিৰ সামগ্ৰিক ছবিখনৰ ক্ষেত্ৰত এয়া এক হতাশাজনক ছবি।

আইচলেণ্ডৰ পিছতে আছে নিউজিলেণ্ড, আয়াৰলেণ্ড, ডেনমাৰ্ক, অষ্ট্ৰিয়া আৰু পৰ্তুগাল আৰু একেবাৰে শেষত আছে আফগানিস্তান। ১৮৩ সংখ্যক স্থানত ঐছে দেশখন । ইয়াৰ পিছত ক্ৰমে য়েমেন, ছিৰিয়া, ৰাছিয়া, দক্ষিণ ছুডান।

যুদ্ধকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ২০২১ চনৰ পিছত বিশ্বৰ বিত্তীয় ব্যৱস্থাই ১২৮৭ লাখ কোটি টকা হেৰুৱাইছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে অশান্তিৰ তালিকাত আছে ৰাছিয়া। ইউক্ৰেইনতো বিঘ্নিত হৈছে শান্তিৰ পৰিৱেশ। চৰম অস্থিৰতাত ভুগিছে দেশখনে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ