--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেলেপি খোৱাক লৈয়ে সংঘটিত হ’ল এক হত্যাকাণ্ড। কোনে জেলেপি প্ৰথম খাব তাক লৈয়ে হত্যা কৰা হ’ল এজন ২২ বছৰীয়া যুৱকক। বিহাৰৰ মধুবনীত সংঘটিত হৈছে এই জঘন্য ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কেইজনমান যুৱকে গাঁওখনৰ মহাদেৱ মন্দিৰৰ ওচৰতে অৱস্থিত এখন দোকানত জেলেপি কিনিবলৈ গৈছিল। দোকানখনত আগৰে পৰা উপস্থিত আছিল অন্য কেইজনমান যুৱক। 

দোকানখনত তেতিয়া জেলেপি কমকৈ আছিল। সেই সময়তে যুৱকসকলৰ মাজত ‘প্ৰথমে মই খাম, প্ৰথমে মই খাম’ বুলি কাজিয়া লাগে। লাহে লাহে কাজিয়াখনে তীব্ৰ ৰূপ ধাৰণ কৰে। এই সময়ছোৱাতে এজন যুৱকে আন এজন যুৱকক তীব্ৰভাৱে প্ৰহাৰ কৰে। এই প্ৰহাৰত মৃত্যুক সাবটি লয় নাচিম নামৰ যুৱকজনে। পৰিয়ালৰ লোকসকলৰ মতে, কোনোবাই এই আক্ৰমণৰ বিষয়ে তেওঁলোকক জনাইছিল। তেওঁলোক লৰালৰিকৈ ঘটনাস্থলীত উপস্থিত হৈছিল। তেওঁলোকে দেখিছিল যে নাচিমে বিষত কেঁকাই আছে। তেওঁৰ পেটত তীব্ৰ বিষ হৈছিল। এই সময়ত পৰিয়ালে নাচিমক গ্ৰাম্য চিকিৎসকৰ ওচৰলৈ লৈ যায় যদিও তেতিয়ালৈকে তেওঁৰ মৃত্যু হয়। ঘটনাৰ পিছতে গাঁওখনত দুই পক্ষৰ মাজত সংঘাত আৰম্ভ হৈছে। মৃতকৰ পিতৃয়ে জনোৱা মতে মহম্মদ নাচিম পাঁচটি সন্তানৰ ভিতৰত দ্বিতীয় পুত্ৰ আছিল। 

জুলাই মাহত হ’বলগীয়া নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল নাচিমে। প্ৰথম শ্ৰেণীত আইএছচি পাছ কৰি দৰভঙাত পঢ়া-শুনা কৰিছিল আৰু এইকেইদিন ঘৰত আহি থাকিছিলহি। অভিযুক্ত যুৱককেইজনক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই, যাৰ বাবে পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ আছে। আৰক্ষী বিষয়াসকলে ক্ষুব্ধ লোকসকলক শান্ত কৰি অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰে। গাঁৱত পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মেধাৱী নাচিমৰ হত্যাকাণ্ডত সমগ্ৰ গাঁওখনতে পৰিছে গভীৰ শোকৰ ছাঁ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে