--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেলেপি খোৱাক লৈয়ে সংঘটিত হ’ল এক হত্যাকাণ্ড। কোনে জেলেপি প্ৰথম খাব তাক লৈয়ে হত্যা কৰা হ’ল এজন ২২ বছৰীয়া যুৱকক। বিহাৰৰ মধুবনীত সংঘটিত হৈছে এই জঘন্য ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কেইজনমান যুৱকে গাঁওখনৰ মহাদেৱ মন্দিৰৰ ওচৰতে অৱস্থিত এখন দোকানত জেলেপি কিনিবলৈ গৈছিল। দোকানখনত আগৰে পৰা উপস্থিত আছিল অন্য কেইজনমান যুৱক। 

দোকানখনত তেতিয়া জেলেপি কমকৈ আছিল। সেই সময়তে যুৱকসকলৰ মাজত ‘প্ৰথমে মই খাম, প্ৰথমে মই খাম’ বুলি কাজিয়া লাগে। লাহে লাহে কাজিয়াখনে তীব্ৰ ৰূপ ধাৰণ কৰে। এই সময়ছোৱাতে এজন যুৱকে আন এজন যুৱকক তীব্ৰভাৱে প্ৰহাৰ কৰে। এই প্ৰহাৰত মৃত্যুক সাবটি লয় নাচিম নামৰ যুৱকজনে। পৰিয়ালৰ লোকসকলৰ মতে, কোনোবাই এই আক্ৰমণৰ বিষয়ে তেওঁলোকক জনাইছিল। তেওঁলোক লৰালৰিকৈ ঘটনাস্থলীত উপস্থিত হৈছিল। তেওঁলোকে দেখিছিল যে নাচিমে বিষত কেঁকাই আছে। তেওঁৰ পেটত তীব্ৰ বিষ হৈছিল। এই সময়ত পৰিয়ালে নাচিমক গ্ৰাম্য চিকিৎসকৰ ওচৰলৈ লৈ যায় যদিও তেতিয়ালৈকে তেওঁৰ মৃত্যু হয়। ঘটনাৰ পিছতে গাঁওখনত দুই পক্ষৰ মাজত সংঘাত আৰম্ভ হৈছে। মৃতকৰ পিতৃয়ে জনোৱা মতে মহম্মদ নাচিম পাঁচটি সন্তানৰ ভিতৰত দ্বিতীয় পুত্ৰ আছিল। 

জুলাই মাহত হ’বলগীয়া নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল নাচিমে। প্ৰথম শ্ৰেণীত আইএছচি পাছ কৰি দৰভঙাত পঢ়া-শুনা কৰিছিল আৰু এইকেইদিন ঘৰত আহি থাকিছিলহি। অভিযুক্ত যুৱককেইজনক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই, যাৰ বাবে পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ আছে। আৰক্ষী বিষয়াসকলে ক্ষুব্ধ লোকসকলক শান্ত কৰি অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰে। গাঁৱত পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মেধাৱী নাচিমৰ হত্যাকাণ্ডত সমগ্ৰ গাঁওখনতে পৰিছে গভীৰ শোকৰ ছাঁ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ