--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে শব্দ প্ৰদূষণৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাই। 'ফ্ৰণ্টিয়াৰ্চ 202: নয়েজ, ব্লেজ এণ্ড অমিলছ' শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। শব্দ প্ৰদূষণত শীৰ্ষ ৫ খন চহৰৰ নাম প্ৰকাশ প্ৰতিবেদনত। দ্বিতীয় স্থানত আছে ভাৰতৰ উত্তৰ প্ৰদেশৰ মুৰাদাবাদ আৰু তৃতীয় স্থানত পাকিস্তানৰ ইছলামাবাদ। বাংলাদেশৰ অন্য এখন চহৰ ৰাজশাহী আছে চতুৰ্থ স্থানত আৰু ভিয়েটনামৰ হো চি মিন চিটি পঞ্চম স্থানত আছে। অৰ্থাৎ শব্দ প্ৰদূষণৰ শীৰ্ষ ৫ খন চহৰৰ ভিতৰত ৪ খনেই দক্ষিণ এছিয়াৰ। অৱশ্যে প্ৰতিবেদনখনত তথ্য কেনেদৰে সংগ্ৰহ কৰা হৈছিল আৰু ঢাকাৰ যিকোনো এলেকাত শব্দ প্ৰদূষণ কেনেদৰে গণনা কৰা হৈছিল সেই বিষয়ে উল্লেখ কৰা হোৱা নাছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে আৱাসিক এলেকাৰ বাবে অনুমোদিত শব্দৰ স্তৰ হৈছে ৫৫ ডিবি (ডেচিবেল) আৰু বাণিজ্যিক এলেকাৰ বাবে ৭০ ডিবি। বাংলাদেশৰ ঢাকাত ১১৯ ডিবি আৰু ৰাজশাহীত ১০৩ ডিবি শব্দৰ স্তৰ আছে। যাৰ ফলত বাংলাদেশৰ এই চহৰ দুখনত ভয়ংকৰ মাত্ৰাত বৃদ্ধি পাইছে শব্দ প্ৰদূষণ। প্ৰতিবেদনখনত কোৱা হৈছে, "গাড়ীৰ শব্দ, উৰণ, ৰে'ল যাতায়ত, যন্ত্ৰপাতি, উদ্যোগ আৰু বিভিন্ন উৎসৱ আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ শব্দ প্ৰদূষণে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।" উল্লেখ্য যে বায়ু প্ৰদূষণৰ ক্ষেত্ৰতো ঢাকা শীৰ্ষ পাঁচখন চহৰৰ ভিতৰত আছে। আৰু পঢ়কঃ ১৪ কোটি ২৩ লাখ টকা! এটা উটৰ দাম শুনি চকু কপালত উঠিব আপোনাৰ….

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ