--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে শব্দ প্ৰদূষণৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাই। 'ফ্ৰণ্টিয়াৰ্চ 202: নয়েজ, ব্লেজ এণ্ড অমিলছ' শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। শব্দ প্ৰদূষণত শীৰ্ষ ৫ খন চহৰৰ নাম প্ৰকাশ প্ৰতিবেদনত। দ্বিতীয় স্থানত আছে ভাৰতৰ উত্তৰ প্ৰদেশৰ মুৰাদাবাদ আৰু তৃতীয় স্থানত পাকিস্তানৰ ইছলামাবাদ। বাংলাদেশৰ অন্য এখন চহৰ ৰাজশাহী আছে চতুৰ্থ স্থানত আৰু ভিয়েটনামৰ হো চি মিন চিটি পঞ্চম স্থানত আছে। অৰ্থাৎ শব্দ প্ৰদূষণৰ শীৰ্ষ ৫ খন চহৰৰ ভিতৰত ৪ খনেই দক্ষিণ এছিয়াৰ। অৱশ্যে প্ৰতিবেদনখনত তথ্য কেনেদৰে সংগ্ৰহ কৰা হৈছিল আৰু ঢাকাৰ যিকোনো এলেকাত শব্দ প্ৰদূষণ কেনেদৰে গণনা কৰা হৈছিল সেই বিষয়ে উল্লেখ কৰা হোৱা নাছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে আৱাসিক এলেকাৰ বাবে অনুমোদিত শব্দৰ স্তৰ হৈছে ৫৫ ডিবি (ডেচিবেল) আৰু বাণিজ্যিক এলেকাৰ বাবে ৭০ ডিবি। বাংলাদেশৰ ঢাকাত ১১৯ ডিবি আৰু ৰাজশাহীত ১০৩ ডিবি শব্দৰ স্তৰ আছে। যাৰ ফলত বাংলাদেশৰ এই চহৰ দুখনত ভয়ংকৰ মাত্ৰাত বৃদ্ধি পাইছে শব্দ প্ৰদূষণ। প্ৰতিবেদনখনত কোৱা হৈছে, "গাড়ীৰ শব্দ, উৰণ, ৰে'ল যাতায়ত, যন্ত্ৰপাতি, উদ্যোগ আৰু বিভিন্ন উৎসৱ আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ শব্দ প্ৰদূষণে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।" উল্লেখ্য যে বায়ু প্ৰদূষণৰ ক্ষেত্ৰতো ঢাকা শীৰ্ষ পাঁচখন চহৰৰ ভিতৰত আছে। আৰু পঢ়কঃ ১৪ কোটি ২৩ লাখ টকা! এটা উটৰ দাম শুনি চকু কপালত উঠিব আপোনাৰ….

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক