--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা উটৰ দাম ১৪ কোটি ২৩ লাখ টকা। শুনি আচৰিত যেন লাগিলেও সঁচাকৈ এটা উটৰ মূ্ল্য ইমানখিনি লৈকে উঠিছে। এই উটটো চৌদি আৰৱৰ। যি উটৰ মূল্য বৰ্তমানলৈ হোৱা মূল্য বোৰৰ ভিতৰত বিশ্বৰ অন্যতম দামী বুলি দাবী কৰিছে উটৰ গৰাকীয়ে। চৌদি আৰৱত উটক লৈ মানুহৰ মাজত যথেষ্ট উন্মাদনা আছে। চৌদি আৰৱত এই উটটো কিনিবলৈ কোটি কোটি টকাৰ নিবিদা কৰা হৈছে।মুছলমান সকলৰ পবিত্ৰ মাহ ৰমজান অহাৰ পূৰ্বে এইদৰে মূল্য বৃদ্ধি পাইছে উটৰ। উটটোৰ প্ৰাৰম্ভিক মূল্য ৫ মিলিয়ন চৌদি ৰিয়েল, ভাৰতীয় হিচাপত ১০ কোটি ১৬ লাখ ৪৮ হাজাৰ ৮৮০ টকা ধৰি দিয়া হৈছিল। যি ১০ কোটিৰ পৰা ১৪ কোটিলৈ বৃদ্ধি পায়। উটটোৰ বাবে সৰ্বাধিক নিলাম নিবিদা আছিল ৭ মিলিয়ন চৌদি ৰিয়েল। ভাৰতীয় হিচাপত সেই টকাৰ পৰিমাণ ১৪ কোটি ২৩ লাখ ৪৫ হাজাৰ ৪৬২ টকা।অৱশ্যে ইমান বেছি দামত কোনে উটটো কিনিছিল সেয়া প্ৰকাশ কৰা হোৱা নাই। https://twitter.com/Yoyahegazy1/status/1507389443254198295?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1507389443254198295%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fas.time8.in%2Frare-camel-sold-for-14-crores-in-saudi-arabia%2F ইমান উচ্চ নিবিদাত ক্ৰয় কৰা এই উটটোৰ বিশেষত্ব হ'ল এই উটটো অতি বিৰল প্ৰজাতিৰ বুলি গণ্য কৰা হয়। এই উটটো ইয়াৰ অনন্য সৌন্দৰ্য আৰু স্বকীয়তাৰ বাবে বিখ্যাত। এই প্ৰজাতিৰ উট খুব কম দেখা যায়। সেইকাৰণে মানুহে ইয়াক ক্ৰয় কৰিবলৈ কোটি কোটি টকা খৰচ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। মৰুভূমি অঞ্চলত চৌদি আৰৱ আৰু উটৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। উট চৌদি জনসাধাৰণৰ সংস্কৃতিৰ অংশ। ৰমজানত উটক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ৰমজান মাহ শেষ হোৱাৰ পিছদিনা ঈদত চৌদি আৰৱত উট বলি দিয়াৰ পৰম্পৰাও আছে।উল্লেখ্য যে পৃথিৱীৰ সৰ্ববৃহৎ উট উৎসৱ চৌদি আৰৱত অনুষ্ঠিত হয়। উট ক্লাবৰ দ্বাৰা আয়োজিত এই উৎসৱৰ উদ্দেশ্য হৈছে চৌদি আৰৱ, উপসাগৰীয় দেশ আৰু ইছলামিক সংস্কৃতিত উটৰ ঐতিহ্যৰ বিষয়ে শক্তিশালী ৰূপত প্ৰচাৰ কৰা। আৰু পঢ়কঃ মোৰ আচৰণক লৈ লজ্জিত! ক্ৰিছ ৰকক চৰ মাৰি বিশ্ববাসীৰ ওচৰত ক্ষমা বিচাৰিলে উইল স্মিথে

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement