--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা উটৰ দাম ১৪ কোটি ২৩ লাখ টকা। শুনি আচৰিত যেন লাগিলেও সঁচাকৈ এটা উটৰ মূ্ল্য ইমানখিনি লৈকে উঠিছে। এই উটটো চৌদি আৰৱৰ। যি উটৰ মূল্য বৰ্তমানলৈ হোৱা মূল্য বোৰৰ ভিতৰত বিশ্বৰ অন্যতম দামী বুলি দাবী কৰিছে উটৰ গৰাকীয়ে। চৌদি আৰৱত উটক লৈ মানুহৰ মাজত যথেষ্ট উন্মাদনা আছে। চৌদি আৰৱত এই উটটো কিনিবলৈ কোটি কোটি টকাৰ নিবিদা কৰা হৈছে।মুছলমান সকলৰ পবিত্ৰ মাহ ৰমজান অহাৰ পূৰ্বে এইদৰে মূল্য বৃদ্ধি পাইছে উটৰ। উটটোৰ প্ৰাৰম্ভিক মূল্য ৫ মিলিয়ন চৌদি ৰিয়েল, ভাৰতীয় হিচাপত ১০ কোটি ১৬ লাখ ৪৮ হাজাৰ ৮৮০ টকা ধৰি দিয়া হৈছিল। যি ১০ কোটিৰ পৰা ১৪ কোটিলৈ বৃদ্ধি পায়। উটটোৰ বাবে সৰ্বাধিক নিলাম নিবিদা আছিল ৭ মিলিয়ন চৌদি ৰিয়েল। ভাৰতীয় হিচাপত সেই টকাৰ পৰিমাণ ১৪ কোটি ২৩ লাখ ৪৫ হাজাৰ ৪৬২ টকা।অৱশ্যে ইমান বেছি দামত কোনে উটটো কিনিছিল সেয়া প্ৰকাশ কৰা হোৱা নাই। https://twitter.com/Yoyahegazy1/status/1507389443254198295?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1507389443254198295%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fas.time8.in%2Frare-camel-sold-for-14-crores-in-saudi-arabia%2F ইমান উচ্চ নিবিদাত ক্ৰয় কৰা এই উটটোৰ বিশেষত্ব হ'ল এই উটটো অতি বিৰল প্ৰজাতিৰ বুলি গণ্য কৰা হয়। এই উটটো ইয়াৰ অনন্য সৌন্দৰ্য আৰু স্বকীয়তাৰ বাবে বিখ্যাত। এই প্ৰজাতিৰ উট খুব কম দেখা যায়। সেইকাৰণে মানুহে ইয়াক ক্ৰয় কৰিবলৈ কোটি কোটি টকা খৰচ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। মৰুভূমি অঞ্চলত চৌদি আৰৱ আৰু উটৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। উট চৌদি জনসাধাৰণৰ সংস্কৃতিৰ অংশ। ৰমজানত উটক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ৰমজান মাহ শেষ হোৱাৰ পিছদিনা ঈদত চৌদি আৰৱত উট বলি দিয়াৰ পৰম্পৰাও আছে।উল্লেখ্য যে পৃথিৱীৰ সৰ্ববৃহৎ উট উৎসৱ চৌদি আৰৱত অনুষ্ঠিত হয়। উট ক্লাবৰ দ্বাৰা আয়োজিত এই উৎসৱৰ উদ্দেশ্য হৈছে চৌদি আৰৱ, উপসাগৰীয় দেশ আৰু ইছলামিক সংস্কৃতিত উটৰ ঐতিহ্যৰ বিষয়ে শক্তিশালী ৰূপত প্ৰচাৰ কৰা। আৰু পঢ়কঃ মোৰ আচৰণক লৈ লজ্জিত! ক্ৰিছ ৰকক চৰ মাৰি বিশ্ববাসীৰ ওচৰত ক্ষমা বিচাৰিলে উইল স্মিথে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ