--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঘনাই মৃত্যুৰ ভাবুকি পাইছে। পাকিস্তানলৈ ঘূৰাই পঠিয়াব নোৱাৰিলে ২৬/১১ৰ দৰে আক্ৰমণৰ ভাবুকিও দিয়া হৈছে। কিন্তু প্ৰেমিকৰ সৈতে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা পাকিস্তানী কইনা সীমা হাইদৰে ভাৰত এৰি যাবলৈ অনিচ্ছুক। সীমাৰ দাবী, ভাৰতীয় প্ৰেমিক শচীনক কেতিয়াও এৰি নাযা তেওঁয়। মৰিবলগীয়া হ’লে মৰিব। লগতে তেওঁ কয় যে পাকিস্তানলৈ উভতি যোৱাৰ কোনো উদ্দেশ্য নাই। 

পাকিস্তানী গৃহিণী সীমাই চাৰিটা সন্তানসহ পাকিস্তানত থকা ৰাজমিস্ত্ৰী স্বামীক এৰি এজন যুৱ প্ৰেমিকৰ বাবে ভাৰতত প্ৰৱেশ কৰে। প্ৰেমিকৰ লগতে তেওঁকো গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছৰে পৰা সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। সীমা আৰু শচীনে জেলৰ পৰা ওলাই অহাৰ পৰাই শিৰোনাম দখল কৰি আহিছে। সীমাক চাবলৈ ওচৰৰ অঞ্চলৰ পৰা বৃহৎ সংখ্যক লোকে শচীনৰ ঘৰত ভিৰ কৰে।

উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে শচীনৰ পৰিয়ালে নিৰাপত্তা বিচৰা নাছিল। অৱশ্যে আৰক্ষীয়ে অহৰহ চকু ৰাখিছে ৰাবুপুৰাৰ শচীনৰ ঘৰত। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি সীমাৰ ভৱিষ্যত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। আৰক্ষীয়ে লগতে কয় যে যদি শচীনে চৰকাৰক আবেদন কৰে তেন্তে সীমাই ভাৰতত থাকিবলৈ দীৰ্ঘম্যাদী ভিছা লাভ কৰিব পাৰে। যদি শচীন আৰু সীমাৰ বিবাহে আইনী স্বীকৃতি পায়, তেন্তে শচীনে সীমাৰ ভাৰতীয় নাগৰিকত্বৰ বাবেও আৱেদন কৰিব পাৰে। সম্প্ৰতি বহু কথাত ওলমি আছে শচীন-সীমাৰ ‘প্ৰেম কাহিনী’ৰ ভাগ্য। ভাৰতত থকাৰ সুযোগ তেওঁ আচলতে পাব নে নাই তাক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে।

যোৱা বছৰো এটা অনুৰূপ ঘটনা সংঘটিত হৈছিল। দেশবাসীয়ে দেখিছিল  সীমা আৰু শচীনৰ দৰে আন এটা দম্পতীৰ প্ৰেম কাহিনী। ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তই বান্ধিব নোৱাৰা প্ৰেম। কিন্তু সীমা-শচীনৰ দৰে ভাগ্য তেওঁলোকৰ নাছিল।

যোৱা বছৰৰ শেষৰ ফালে পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল পাকিস্তানী কন্যা ইকৰাই। প্ৰেমিক মুলায়ম সিং যাদৱৰ সহায়ত ইক্ৰাই পাকিস্তানৰ পৰা ভাৰতলৈ সীমান্ত পাৰ হৈ আহে। সীমা আৰু শচীনে অনলাইনত PUBG খেলি থাকোঁতে লগ পাইছিল। আনহাতে অনলাইন লুডো খেলত ইকৰা আৰু মুলায়মৰ প্ৰেম হৈছিল।

ইকৰা আৰু সীমাৰ কাহিনীত ডাঙৰ পাৰ্থক্য আছে। কিন্তু সাদৃশ্যও বহুত। দুয়োজনে নেপালত প্ৰথমবাৰৰ বাবে প্ৰেমিক-প্ৰেমিকাক লগ পাইছিল। যদিও ইকৰা আৰু মুলায়মৰ দৰে সীমা আৰু শচীনৰ বিয়া কাঠমাণ্ডুৰ কোনো মন্দিৰত হোৱা নাছিল। বিয়াৰ পিছত ইকৰা আৰু মুলায়ম বাংগালুৰুলৈ গুচি যায়। তাতে ইক্ৰাই নিজৰ নাম সলনি কৰি ৰাৱা যাদৱ কৰে।

পাকিস্তানী কন্যাৰ ভাৰতত অবৈধ প্ৰৱেশৰ তথ্য লাভ কৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। ইকৰা আৰু মুলায়মক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ইকৰাক ১৯ ফেব্ৰুৱাৰীত ৱাগাহ সীমান্তত পাকিস্তানী কৰ্তৃপক্ষক গতাই দিয়া হৈছিল।

ইকৰাৰ দৰে সীমাক পাকিস্তানলৈ ঘূৰাই পঠিওৱা হ’বনে? উত্তৰত উত্তৰ প্ৰদেশৰ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ইকৰাৰ ঘটনা বাংগালুৰুত। কিন্তু সীমাৰ ঘটনা উত্তৰ প্ৰদেশত। ইকৰাৰ লগত যি হ'ল সীমাৰ লগত সেয়া হ'ব নোৱাৰে।''

২০১৯ চনত ছিমৰে পাকিস্তানৰ পৰা PUBG খেলি থকা নয়ডাৰ ২২ বছৰীয়া ল’ৰা শচীনৰ সৈতে কথা পাতিছিল। কথা-বতৰাৰ পৰাই ঘনিষ্ঠতা ক্ৰমান্বয়ে বাঢ়ি যায়। সীমাৰ স্বামী চৌদি আৰৱত বাস কৰিছিল। গতিকে সন্তানৰ সৈতে পাকিস্তানত অকলে থাকিব লগা হ’ল। সেই নিসংগতাই প্ৰেমৰ জন্ম দিয়ে। অৱশেষত তিনিবছৰ প্ৰেমৰ অন্তত সীমাই নেপালৰ মাজেৰে গোপনে ভাৰতত প্ৰৱেশ কৰে।

কেইবাদিনো আত্মগোপন কৰি থকাৰ পিছত ৪ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পেছাত গেলামালৰ দোকানত কৰ্মৰত শচীনকো গ্ৰেপ্তাৰ কৰা হয়। সীমাক থাকিবলৈ দিয়াৰ বাবে শচীনৰ পিতৃক গ্ৰেপ্তাৰ কৰা হয়। সীমাৰ ল’ৰা-ছোৱালীও তেওঁৰ সৈতে জেলৰ জিম্মাত আছিল। অৱশ্যে যোৱা শুকুৰবাৰে দুয়োজনে জামিন লাভ কৰিছিল।

কাৰাগাৰৰ পৰা ওলাই আহি নিজকে ভাৰতীয় বুলি দাবী কৰিছিল সীমাই। তেওঁ দাবী কৰে যে তেওঁ ভাৰতীয় সংস্কৃতি আৰু হিন্দু ধৰ্মক অন্তৰৰ পৰা মানি লৈছে। শচীনৰ পৰিয়ালৰ কথা ভাবি তেওঁৱো নিৰামিষ খাদ্য খাবলৈ আৰম্ভ কৰিছে। পাকিস্তানী কইনাগৰাকীয়ে কয় যে তেওঁ ভাৰতত প্ৰেমিকৰ সৈতে নতুন পৰিয়াল গঢ়িব বিচাৰে। যদিও সীমাইও স্পষ্ট কৰি দিলে যে তেওঁৰ সন্তানে ইচ্ছা কৰিলে পাকিস্তানলৈ উভতি যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ