--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঘনাই মৃত্যুৰ ভাবুকি পাইছে। পাকিস্তানলৈ ঘূৰাই পঠিয়াব নোৱাৰিলে ২৬/১১ৰ দৰে আক্ৰমণৰ ভাবুকিও দিয়া হৈছে। কিন্তু প্ৰেমিকৰ সৈতে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা পাকিস্তানী কইনা সীমা হাইদৰে ভাৰত এৰি যাবলৈ অনিচ্ছুক। সীমাৰ দাবী, ভাৰতীয় প্ৰেমিক শচীনক কেতিয়াও এৰি নাযা তেওঁয়। মৰিবলগীয়া হ’লে মৰিব। লগতে তেওঁ কয় যে পাকিস্তানলৈ উভতি যোৱাৰ কোনো উদ্দেশ্য নাই। 

পাকিস্তানী গৃহিণী সীমাই চাৰিটা সন্তানসহ পাকিস্তানত থকা ৰাজমিস্ত্ৰী স্বামীক এৰি এজন যুৱ প্ৰেমিকৰ বাবে ভাৰতত প্ৰৱেশ কৰে। প্ৰেমিকৰ লগতে তেওঁকো গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছৰে পৰা সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। সীমা আৰু শচীনে জেলৰ পৰা ওলাই অহাৰ পৰাই শিৰোনাম দখল কৰি আহিছে। সীমাক চাবলৈ ওচৰৰ অঞ্চলৰ পৰা বৃহৎ সংখ্যক লোকে শচীনৰ ঘৰত ভিৰ কৰে।

উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে শচীনৰ পৰিয়ালে নিৰাপত্তা বিচৰা নাছিল। অৱশ্যে আৰক্ষীয়ে অহৰহ চকু ৰাখিছে ৰাবুপুৰাৰ শচীনৰ ঘৰত। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি সীমাৰ ভৱিষ্যত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। আৰক্ষীয়ে লগতে কয় যে যদি শচীনে চৰকাৰক আবেদন কৰে তেন্তে সীমাই ভাৰতত থাকিবলৈ দীৰ্ঘম্যাদী ভিছা লাভ কৰিব পাৰে। যদি শচীন আৰু সীমাৰ বিবাহে আইনী স্বীকৃতি পায়, তেন্তে শচীনে সীমাৰ ভাৰতীয় নাগৰিকত্বৰ বাবেও আৱেদন কৰিব পাৰে। সম্প্ৰতি বহু কথাত ওলমি আছে শচীন-সীমাৰ ‘প্ৰেম কাহিনী’ৰ ভাগ্য। ভাৰতত থকাৰ সুযোগ তেওঁ আচলতে পাব নে নাই তাক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে।

যোৱা বছৰো এটা অনুৰূপ ঘটনা সংঘটিত হৈছিল। দেশবাসীয়ে দেখিছিল  সীমা আৰু শচীনৰ দৰে আন এটা দম্পতীৰ প্ৰেম কাহিনী। ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তই বান্ধিব নোৱাৰা প্ৰেম। কিন্তু সীমা-শচীনৰ দৰে ভাগ্য তেওঁলোকৰ নাছিল।

যোৱা বছৰৰ শেষৰ ফালে পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল পাকিস্তানী কন্যা ইকৰাই। প্ৰেমিক মুলায়ম সিং যাদৱৰ সহায়ত ইক্ৰাই পাকিস্তানৰ পৰা ভাৰতলৈ সীমান্ত পাৰ হৈ আহে। সীমা আৰু শচীনে অনলাইনত PUBG খেলি থাকোঁতে লগ পাইছিল। আনহাতে অনলাইন লুডো খেলত ইকৰা আৰু মুলায়মৰ প্ৰেম হৈছিল।

ইকৰা আৰু সীমাৰ কাহিনীত ডাঙৰ পাৰ্থক্য আছে। কিন্তু সাদৃশ্যও বহুত। দুয়োজনে নেপালত প্ৰথমবাৰৰ বাবে প্ৰেমিক-প্ৰেমিকাক লগ পাইছিল। যদিও ইকৰা আৰু মুলায়মৰ দৰে সীমা আৰু শচীনৰ বিয়া কাঠমাণ্ডুৰ কোনো মন্দিৰত হোৱা নাছিল। বিয়াৰ পিছত ইকৰা আৰু মুলায়ম বাংগালুৰুলৈ গুচি যায়। তাতে ইক্ৰাই নিজৰ নাম সলনি কৰি ৰাৱা যাদৱ কৰে।

পাকিস্তানী কন্যাৰ ভাৰতত অবৈধ প্ৰৱেশৰ তথ্য লাভ কৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। ইকৰা আৰু মুলায়মক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ইকৰাক ১৯ ফেব্ৰুৱাৰীত ৱাগাহ সীমান্তত পাকিস্তানী কৰ্তৃপক্ষক গতাই দিয়া হৈছিল।

ইকৰাৰ দৰে সীমাক পাকিস্তানলৈ ঘূৰাই পঠিওৱা হ’বনে? উত্তৰত উত্তৰ প্ৰদেশৰ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ইকৰাৰ ঘটনা বাংগালুৰুত। কিন্তু সীমাৰ ঘটনা উত্তৰ প্ৰদেশত। ইকৰাৰ লগত যি হ'ল সীমাৰ লগত সেয়া হ'ব নোৱাৰে।''

২০১৯ চনত ছিমৰে পাকিস্তানৰ পৰা PUBG খেলি থকা নয়ডাৰ ২২ বছৰীয়া ল’ৰা শচীনৰ সৈতে কথা পাতিছিল। কথা-বতৰাৰ পৰাই ঘনিষ্ঠতা ক্ৰমান্বয়ে বাঢ়ি যায়। সীমাৰ স্বামী চৌদি আৰৱত বাস কৰিছিল। গতিকে সন্তানৰ সৈতে পাকিস্তানত অকলে থাকিব লগা হ’ল। সেই নিসংগতাই প্ৰেমৰ জন্ম দিয়ে। অৱশেষত তিনিবছৰ প্ৰেমৰ অন্তত সীমাই নেপালৰ মাজেৰে গোপনে ভাৰতত প্ৰৱেশ কৰে।

কেইবাদিনো আত্মগোপন কৰি থকাৰ পিছত ৪ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পেছাত গেলামালৰ দোকানত কৰ্মৰত শচীনকো গ্ৰেপ্তাৰ কৰা হয়। সীমাক থাকিবলৈ দিয়াৰ বাবে শচীনৰ পিতৃক গ্ৰেপ্তাৰ কৰা হয়। সীমাৰ ল’ৰা-ছোৱালীও তেওঁৰ সৈতে জেলৰ জিম্মাত আছিল। অৱশ্যে যোৱা শুকুৰবাৰে দুয়োজনে জামিন লাভ কৰিছিল।

কাৰাগাৰৰ পৰা ওলাই আহি নিজকে ভাৰতীয় বুলি দাবী কৰিছিল সীমাই। তেওঁ দাবী কৰে যে তেওঁ ভাৰতীয় সংস্কৃতি আৰু হিন্দু ধৰ্মক অন্তৰৰ পৰা মানি লৈছে। শচীনৰ পৰিয়ালৰ কথা ভাবি তেওঁৱো নিৰামিষ খাদ্য খাবলৈ আৰম্ভ কৰিছে। পাকিস্তানী কইনাগৰাকীয়ে কয় যে তেওঁ ভাৰতত প্ৰেমিকৰ সৈতে নতুন পৰিয়াল গঢ়িব বিচাৰে। যদিও সীমাইও স্পষ্ট কৰি দিলে যে তেওঁৰ সন্তানে ইচ্ছা কৰিলে পাকিস্তানলৈ উভতি যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু