--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত উদীয়মান ক্ৰিকেটাৰ কে এল ৰাহুল৷ বুধবাৰে চেঞ্চুৰিয়ানত অনুষ্ঠিত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টেষ্টত শতক স্ক’ৰ কৰি বুধবাৰে ভাৰতীয় তাৰকা কে এল ৰাহুলে ইতিহাসৰ সৃষ্টি কৰে। প্ৰটিয়াছৰ দ্বাৰা প্ৰথমে বেটিং কৰিবলৈ দিয়াৰ পাছত তেওঁ ১০১ ৰাণৰ ভয়ংকৰ ইনিংছ খেলে। নতুন ৰূপত অৱতীৰ্ণ হৈ ৰাহুলে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে।


ৰাহুলৰ এই ১০১ ৰাণ চলিত টেষ্ট ছিৰিজৰ মুখ্য চৰ্চা হ’ব আৰু ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয় যে এয়া কে এলৰ শ্ৰেষ্ঠ শতক। চেঞ্চুৰিয়ানৰ ছুপাৰস্প’ৰ্ট পাৰ্কত শচীন টেণ্ডুলকাৰ আৰু ৰিকি পণ্টিঙৰ দৰে খেলুৱৈয়েও যিখিনি অৰ্জন কৰিব পৰা নাই, সেইখিনি এতিয়া তাৰকা উইকেট কীপাৰগৰাকীয়ে লাভ কৰিছে।


চেঞ্চুৰিয়ানত একাধিক টেষ্ট শতক অৰ্জন কৰা প্ৰথমজন বহিঃৰাষ্ট্ৰৰ বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুল। ২০২১ চনত চেঞ্চুৰিয়ানলৈ যোৱা অন্তিমবাৰৰ বাবে শতক লাভ কৰাৰ পাছত এইটোৱেই আছিল ৰাহুলৰ দ্বিতীয়টো টেষ্ট টন। আনকি শচীন টেণ্ডুলকাৰ, ৰিকি পণ্টিং, ছাৰ ভিভ ৰিচাৰ্ডছ, এডাম গিলক্ৰিষ্ট আৰু বীৰেন্দ্ৰ ছেহৱাগৰ দৰে খেলুৱৈয়েও এই স্থানত একাধিক টেষ্ট টন লাভ কৰা নাই।


আনহাতে বক্সিং ডে’ টেষ্টত শচীন টেণ্ডুলকাৰ আৰু অজিংক্য ৰাহানেৰ পাছত দুটা শতক অৰ্জন কৰা মাত্ৰ তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে ৰাহুল। বেক টু বেক বক্সিং ডে’ টনৰে শচীনৰ পাছত কে এল দ্বিতীয়জন ভাৰতীয় কাৰণ ইয়াৰ পূৰ্বে কেৱল শচীনেহে এই অভিলেখ গঢ়িছিল।শচীনে ১৯৯৮ আৰু ১৯৯৯ চনত বক্সিং ডে’ৰ শতক অৰ্জন কৰাৰ বিপৰীতে ২০১৪ আৰু ২০২০ চনত ৰাহানেই শতক অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক