--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত উদীয়মান ক্ৰিকেটাৰ কে এল ৰাহুল৷ বুধবাৰে চেঞ্চুৰিয়ানত অনুষ্ঠিত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টেষ্টত শতক স্ক’ৰ কৰি বুধবাৰে ভাৰতীয় তাৰকা কে এল ৰাহুলে ইতিহাসৰ সৃষ্টি কৰে। প্ৰটিয়াছৰ দ্বাৰা প্ৰথমে বেটিং কৰিবলৈ দিয়াৰ পাছত তেওঁ ১০১ ৰাণৰ ভয়ংকৰ ইনিংছ খেলে। নতুন ৰূপত অৱতীৰ্ণ হৈ ৰাহুলে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে।


ৰাহুলৰ এই ১০১ ৰাণ চলিত টেষ্ট ছিৰিজৰ মুখ্য চৰ্চা হ’ব আৰু ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয় যে এয়া কে এলৰ শ্ৰেষ্ঠ শতক। চেঞ্চুৰিয়ানৰ ছুপাৰস্প’ৰ্ট পাৰ্কত শচীন টেণ্ডুলকাৰ আৰু ৰিকি পণ্টিঙৰ দৰে খেলুৱৈয়েও যিখিনি অৰ্জন কৰিব পৰা নাই, সেইখিনি এতিয়া তাৰকা উইকেট কীপাৰগৰাকীয়ে লাভ কৰিছে।


চেঞ্চুৰিয়ানত একাধিক টেষ্ট শতক অৰ্জন কৰা প্ৰথমজন বহিঃৰাষ্ট্ৰৰ বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুল। ২০২১ চনত চেঞ্চুৰিয়ানলৈ যোৱা অন্তিমবাৰৰ বাবে শতক লাভ কৰাৰ পাছত এইটোৱেই আছিল ৰাহুলৰ দ্বিতীয়টো টেষ্ট টন। আনকি শচীন টেণ্ডুলকাৰ, ৰিকি পণ্টিং, ছাৰ ভিভ ৰিচাৰ্ডছ, এডাম গিলক্ৰিষ্ট আৰু বীৰেন্দ্ৰ ছেহৱাগৰ দৰে খেলুৱৈয়েও এই স্থানত একাধিক টেষ্ট টন লাভ কৰা নাই।


আনহাতে বক্সিং ডে’ টেষ্টত শচীন টেণ্ডুলকাৰ আৰু অজিংক্য ৰাহানেৰ পাছত দুটা শতক অৰ্জন কৰা মাত্ৰ তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে ৰাহুল। বেক টু বেক বক্সিং ডে’ টনৰে শচীনৰ পাছত কে এল দ্বিতীয়জন ভাৰতীয় কাৰণ ইয়াৰ পূৰ্বে কেৱল শচীনেহে এই অভিলেখ গঢ়িছিল।শচীনে ১৯৯৮ আৰু ১৯৯৯ চনত বক্সিং ডে’ৰ শতক অৰ্জন কৰাৰ বিপৰীতে ২০১৪ আৰু ২০২০ চনত ৰাহানেই শতক অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু