--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰতৰ বতৰা আনে শেৱালি ফুলে। শেৱালিৰ সুবাসে আদৰি আনে শৰতক। নিশা ফুলি পুৱা সৰি পৰা শেৱালি ফুলক লৈ সকলোৰে বৰ হেঁপাহ। তলসৰা শেৱালি ফুল বুটলাৰো আছে এক সুকীয়া আমেজ। শেৱালি ফুল যেনে সুন্দৰ ঠিক তেনেকৈ ইয়াৰ ঔষধি গুণো অনেক আছে। কেৱল শেৱালি ফুলেই নহয় শেৱালি পাতৰো আছে অনেক উপকাৰিতা। শেৱালি পাতো ঔষধি গুণসম্পন্ন। বহু মানুহে শেৱালি পাতৰ বৰ, পকৰী আদি বনায় খায়।  আহকচোন জানো শেৱালি পাতত কি কি উপকাৰিতা আছে।


শেৱালি পাতৰ উপকাৰিতা

১) চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়।

২) জ্বৰ, চৰ্দি, কাহ আদিত ৰোগীয়ে মৌৰ লগত শেৱালি ফুলৰ পাত মিশ্ৰণ কৰি খালে যথেষ্ট উপশম পায়।

৩) কৃমিৰ সমস্যা থাকিলে শেৱালি ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।

৪) বাত বিষ বা গাঁঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী।

৫) বদহজম হ’লে, বমি হ’লে শেৱালি ফুলৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট উপকাৰ পোৱা যায়।

৬) শেৱালি গছৰ পাত খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট বৃদ্ধি পায়।

৭) মৃৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস খুৱালে এই ৰোগ যথেষ্ট আৰোগ্য হয়।

৮) মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি গছৰ পাত উপকাৰী। 

গতিকে প্ৰকৃতিয়ে দিয়া এই অমূল্য উপহাৰ যদি আমি ঘৰুৱা দিহাত প্ৰয়োগ কৰিব পাৰো তেন্তে নিশ্চয় আমি ইয়াৰ উপকাৰিতা লাভ কৰিম।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক