--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰতৰ বতৰা আনে শেৱালি ফুলে। শেৱালিৰ সুবাসে আদৰি আনে শৰতক। নিশা ফুলি পুৱা সৰি পৰা শেৱালি ফুলক লৈ সকলোৰে বৰ হেঁপাহ। তলসৰা শেৱালি ফুল বুটলাৰো আছে এক সুকীয়া আমেজ। শেৱালি ফুল যেনে সুন্দৰ ঠিক তেনেকৈ ইয়াৰ ঔষধি গুণো অনেক আছে। কেৱল শেৱালি ফুলেই নহয় শেৱালি পাতৰো আছে অনেক উপকাৰিতা। শেৱালি পাতো ঔষধি গুণসম্পন্ন। বহু মানুহে শেৱালি পাতৰ বৰ, পকৰী আদি বনায় খায়।  আহকচোন জানো শেৱালি পাতত কি কি উপকাৰিতা আছে।


শেৱালি পাতৰ উপকাৰিতা

১) চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়।

২) জ্বৰ, চৰ্দি, কাহ আদিত ৰোগীয়ে মৌৰ লগত শেৱালি ফুলৰ পাত মিশ্ৰণ কৰি খালে যথেষ্ট উপশম পায়।

৩) কৃমিৰ সমস্যা থাকিলে শেৱালি ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।

৪) বাত বিষ বা গাঁঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী।

৫) বদহজম হ’লে, বমি হ’লে শেৱালি ফুলৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট উপকাৰ পোৱা যায়।

৬) শেৱালি গছৰ পাত খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট বৃদ্ধি পায়।

৭) মৃৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস খুৱালে এই ৰোগ যথেষ্ট আৰোগ্য হয়।

৮) মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি গছৰ পাত উপকাৰী। 

গতিকে প্ৰকৃতিয়ে দিয়া এই অমূল্য উপহাৰ যদি আমি ঘৰুৱা দিহাত প্ৰয়োগ কৰিব পাৰো তেন্তে নিশ্চয় আমি ইয়াৰ উপকাৰিতা লাভ কৰিম।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু