--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৩ জুলাই অৰ্থাৎ আজি সমগ্ৰ দেশতে গুৰু পূৰ্ণিমাৰ উৎসৱ পালন কৰা হয়। হিন্দু ধৰ্মত গুৰুক ঈশ্বৰৰ সমান বুলি গণ্য কৰা হয়। অকল গুৰুৱে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ আনে। এনে অৱস্থাত আজিৰ দিনটোতে গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। এনে বহুতো গুৰুৰ কথা ধৰ্মীয় গ্ৰন্থত পোৱা যায়, এনে কেইজনমান গুৰু বিষয় জানো আহক, যিসকলে শ্ৰীৰাম, হনুমান আৰু শ্ৰীকৃষ্ণক শিক্ষা দিছিল।

 ১. গুৰু দ্ৰোণাচাৰ্যঃ- গুৰু বুলি ক’লেই গুৰু দ্ৰোণাচাৰ্য্যৰ নাম মনলৈ নাহে, সেয়া হ’ব নোৱাৰে। দ্ৰোণাচাৰ্য্যই কৌৰৱ আৰু পাণ্ডৱক অস্ত্ৰ-শস্ত্ৰৰ জ্ঞান দিছিল। তেওঁ মহাভাৰতৰ যুদ্ধত গুৰু দ্ৰোণাচাৰ্য্যই কৌৰৱসকলক সমৰ্থন কৰিছিল।

 ২. গুৰু সন্দীপনিঃ-গুৰু সন্দীপনিয়ে শ্ৰীকৃষ্ণক শিক্ষা দিছিল। শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই উজ্জেনত গুৰু সন্দীপনিৰ পৰা শিক্ষা লাভ কৰিছিল। ১১ বছৰ ৭দিন বয়সত শ্ৰীকৃষ্ণ উজ্জেনলৈ যায় আৰু তাতেই শ্ৰীকৃষ্ণই ৬৪দিনত ৬৪খন কলাৰ জ্ঞান অৰ্জন কৰিছিল। আজিও উজ্জেনত গুৰু সন্দীপনি আশ্ৰমখন আছে।

 ৩. সূৰ্যদেৱঃ- হনুমানজীৰ গুৰু আছিল সূৰ্যদেৱ। ধৰ্মীয় গ্ৰন্থ অনুসৰি সূৰ্যদেৱে হনুমানজীক শিক্ষা দিছিল। বেদ অনুসৰি হনুমানজীয়ে আহি তেওঁক গুৰু হ’বলৈ অনুৰোধ কৰিছিল। সেই মৰ্মেই তেওঁ হনুমানজীৰ গুৰু আছিল।

 ৪. বশিষ্ঠ মুনিঃ-গুৰু বশিষ্ঠ মুনিয়ে শ্ৰীৰামক শিক্ষা দিছিল। যেতিয়া ভগৱান বিষ্ণুৱে পৃথিৱীত শ্ৰীৰামৰূপে অৱতাৰ গ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ গুৰু মুনি বশিষ্ঠ হৈ পৰিছিল। মুনি বশিষ্ঠই শ্ৰীৰামক অস্ত্ৰ আৰু শাস্ত্ৰ শিকাইছিল। মুনি আছিল ৰঘুকুলৰ উপাচাৰ্য। তেওঁৱেই দশৰথক পুত্ৰকমেষ্ঠী যজ্ঞ কৰিবলৈ উপদেশ দিছিল, তাৰ পাছত শ্ৰীৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুধনৰ জন্ম হৈছিল।

 ৫. মহৰ্ষি বেদ ব্যাস- মহাভাৰত ৰচনা কৰা বেদ ব্যাস পূৰ্ণিমাৰ দিনা জন্ম হৈছিল। সেয়েহে আহাৰ মাহৰ পূৰ্ণিমা দিনটোক গুৰু পূৰ্ণিমা হিচাপে পালন কৰা হয়। তেওঁৰ মূল নাম কৃষ্ণদ্বৈপায়ন। বেদ সম্পাদনা কৰাৰ বাবেই তেওঁ বেদ ব্যাস নামেৰে জনাজাত আছিল। মহৰ্ষি বেদ ব্যাস জীয়ে মহাভাৰতকে ধৰি বহুতো পুৰাণ ৰচনা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি