--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ ঘৰৰ সুৰক্ষাৰ বাবে এজন লোকে ঘৰত পুহিছিল এটা পিটবুল কুকুৰ। কুকুৰটোক ঘৰলৈ পুহিবলৈ আনোতে তেওঁ কেতিয়াও ভবা নাছিল যে সেই কুকুৰেই এদিন মাকৰ মৃত্যুৰ কাৰণ হৈ পৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এই ঘটনা সংঘটিত হৈছে লক্ষ্ণৌৰ কাইজাৰবাগ আৰক্ষী থানা অঞ্চলত। এটা পোহনীয়া পিটবুল কুকুৰে এগৰাকী ৮০ বছৰীয়া মহিলাক আক্ৰমণ কৰাত মহিলাগৰাকীৰ যন্ত্ৰণাদায়ক মৃত্যু হৈছিল।

কাইজাৰবাগ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই জনোৱা মতে, ৮০ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক এটা পোহনীয়া পিটবুল কুকুৰে আক্ৰমণ কৰে। কুকুৰটোৱে এনেদৰে কামুৰিছিল যে মহিলাগৰাকীৰ মাংসও শৰীৰৰ পৰা পৃথক হৈ পৰিছিল। সেই সময়ছোৱাত মহিলাগৰাকী ঘৰত অকলে আছিল। জিম ট্ৰেইনাৰ পুত্ৰ জিমলৈ গৈছিল। মহিলাগৰাকীৰ স্বামীৰ পূৰ্বেই মৃত্যু ঘটিছে। মৃত মহিলাগৰাকীৰ নাম সুশীলা ত্ৰিপাঠী।

সুশীলা ত্ৰিপাঠীয়ে পুত্ৰৰ সৈতে কাইজাৰবাগৰ বাংলা টোলা অঞ্চলত বাস কৰিছিল। পিটবুল কুকুৰটোৰ বাহিৰেও ঘৰটোত লেব্ৰাডৰ জাতৰ আন এটা পোহনীয়া কুকুৰো আছে। তথ্য অনুসৰি সুশিলাই ঘৰৰ চাদত পিটবুলটোক খোজ কঢ়াবলৈ লৈ গৈছিল। সেইসময়তে পিটবুলৰ ডিঙিত বান্ধি থোৱা শিকলিডাল খুলি দিয়া হৈছিল। তাৰ পিছত হঠাতে সুশীলাক আক্ৰমণ কৰে কুকুৰটোৱে। কুকুৰটোৱে এনেদৰে কামুৰিছিল যে সুশীলা ত্ৰিপাঠীৰ দেহৰ পৰা মাংস এৰাই আহিছিল।

বৃদ্ধা সুশীলাই প্ৰাণৰক্ষাৰ বাবে চিঞৰিছিল যদিও পিটবুলৰ কবলৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলে। পিটবুলৰ কামোৰৰ ফলত তেওঁৰ পেট, মূৰ আৰু মুখৰ পৰা বেয়াকৈ তেজ ওলাইছিল।

পিছত বনকৰা মহিলাগৰাকী ঘৰলৈ অহাত সুশীলাক মাটিত পৰি থকা দেখি তেওঁ আচৰিত হৈ পৰে। তেওঁ পুত্ৰ অমিতক ফোন কৰে। লগে লগে অমিত জিমৰ পৰা ঘৰলৈ আহি তেজেৰে লুটুৰি-পুতুৰি হৈ পৰি থকা মাতৃক চিকিৎসালয়লৈ লৈ যায়। কিন্তু তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ'ল। চিকিৎসকে জনোৱা মতে অত্যধিক ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয়।

এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে