--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ ঘৰৰ সুৰক্ষাৰ বাবে এজন লোকে ঘৰত পুহিছিল এটা পিটবুল কুকুৰ। কুকুৰটোক ঘৰলৈ পুহিবলৈ আনোতে তেওঁ কেতিয়াও ভবা নাছিল যে সেই কুকুৰেই এদিন মাকৰ মৃত্যুৰ কাৰণ হৈ পৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এই ঘটনা সংঘটিত হৈছে লক্ষ্ণৌৰ কাইজাৰবাগ আৰক্ষী থানা অঞ্চলত। এটা পোহনীয়া পিটবুল কুকুৰে এগৰাকী ৮০ বছৰীয়া মহিলাক আক্ৰমণ কৰাত মহিলাগৰাকীৰ যন্ত্ৰণাদায়ক মৃত্যু হৈছিল।

কাইজাৰবাগ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই জনোৱা মতে, ৮০ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক এটা পোহনীয়া পিটবুল কুকুৰে আক্ৰমণ কৰে। কুকুৰটোৱে এনেদৰে কামুৰিছিল যে মহিলাগৰাকীৰ মাংসও শৰীৰৰ পৰা পৃথক হৈ পৰিছিল। সেই সময়ছোৱাত মহিলাগৰাকী ঘৰত অকলে আছিল। জিম ট্ৰেইনাৰ পুত্ৰ জিমলৈ গৈছিল। মহিলাগৰাকীৰ স্বামীৰ পূৰ্বেই মৃত্যু ঘটিছে। মৃত মহিলাগৰাকীৰ নাম সুশীলা ত্ৰিপাঠী।

সুশীলা ত্ৰিপাঠীয়ে পুত্ৰৰ সৈতে কাইজাৰবাগৰ বাংলা টোলা অঞ্চলত বাস কৰিছিল। পিটবুল কুকুৰটোৰ বাহিৰেও ঘৰটোত লেব্ৰাডৰ জাতৰ আন এটা পোহনীয়া কুকুৰো আছে। তথ্য অনুসৰি সুশিলাই ঘৰৰ চাদত পিটবুলটোক খোজ কঢ়াবলৈ লৈ গৈছিল। সেইসময়তে পিটবুলৰ ডিঙিত বান্ধি থোৱা শিকলিডাল খুলি দিয়া হৈছিল। তাৰ পিছত হঠাতে সুশীলাক আক্ৰমণ কৰে কুকুৰটোৱে। কুকুৰটোৱে এনেদৰে কামুৰিছিল যে সুশীলা ত্ৰিপাঠীৰ দেহৰ পৰা মাংস এৰাই আহিছিল।

বৃদ্ধা সুশীলাই প্ৰাণৰক্ষাৰ বাবে চিঞৰিছিল যদিও পিটবুলৰ কবলৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলে। পিটবুলৰ কামোৰৰ ফলত তেওঁৰ পেট, মূৰ আৰু মুখৰ পৰা বেয়াকৈ তেজ ওলাইছিল।

পিছত বনকৰা মহিলাগৰাকী ঘৰলৈ অহাত সুশীলাক মাটিত পৰি থকা দেখি তেওঁ আচৰিত হৈ পৰে। তেওঁ পুত্ৰ অমিতক ফোন কৰে। লগে লগে অমিত জিমৰ পৰা ঘৰলৈ আহি তেজেৰে লুটুৰি-পুতুৰি হৈ পৰি থকা মাতৃক চিকিৎসালয়লৈ লৈ যায়। কিন্তু তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ'ল। চিকিৎসকে জনোৱা মতে অত্যধিক ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয়।

এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ