--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে মন্দিৰ নিৰ্মাণ তথা মুকলি কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে বিজেপি৷ উত্তৰ-প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মন্দিৰ নিৰ্মাণতো গুৰুত্ব দিছে বিজেপিয়ে৷ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যখনৰ ভোটাৰক আকৰ্ষণৰ এক পৰিপন্থী হিচাপে মন্দিৰৰ নিৰ্মাণকাৰ্যত চকু ৰাখিছে শাসকীয় দলটোৱে৷ বিজেপি চৰকাৰ পুনঃপ্ৰতিষ্ঠাৰ চেষ্টাত পাছ পৰি ৰোৱা নাই বিজেপিৰ নেতা-পালিনেতাও৷ বলীউডত খলকনি তোলা একালৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপিৰ সাংসদ হেমা মালিনীয়ে নিজ সমষ্টিত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ৷

অলপতে প্ৰধানমন্ত্ৰীয়ে কাশী-বিশ্বনাথ প্ৰকল্প মুকলি কৰাৰ পাছতে হেমা মালিনীয়ে নিজ সমষ্টি মথুৰাতো ৰাখিছে এলানি কাৰ্যসূচী৷ ইন্দোৰত আজি সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে কয় যে, “কাশী-বিশ্বনাথ ক’ৰিডৰ আৰু ৰাম জন্মভূমিৰ সমানে মথুৰাও গুৰুত্বপূৰ্ণ৷” তেওঁ লগতে কয় যে, শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা প্ৰেম আৰু আকৰ্ষণৰ প্ৰতীক৷ মই এই স্থানত এটা মন্দিৰ হোৱাটো বিচাৰো৷ ইতিমধ্যে সেই স্থানত এটা মন্দিৰ আছে যদিও সেই মন্দিৰ কাশী-বিশ্বনাথ প্ৰকল্পৰ দৰে সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ মোদী ডাঙৰীয়াক আহ্বান জনাইছো৷”

৩৩৯ কোটিটকীয়া প্ৰকল্পৰে পুনঃনিৰ্মাণ কৰিছে কাশী-বিশ্বনাথ প্ৰকল্প৷ বিগত ১৩ ডিচেম্বৰত প্ৰথমটো পৰ্যায় মুকলি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ৰাজ্যখনত অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু