--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে মন্দিৰ নিৰ্মাণ তথা মুকলি কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে বিজেপি৷ উত্তৰ-প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মন্দিৰ নিৰ্মাণতো গুৰুত্ব দিছে বিজেপিয়ে৷ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যখনৰ ভোটাৰক আকৰ্ষণৰ এক পৰিপন্থী হিচাপে মন্দিৰৰ নিৰ্মাণকাৰ্যত চকু ৰাখিছে শাসকীয় দলটোৱে৷ বিজেপি চৰকাৰ পুনঃপ্ৰতিষ্ঠাৰ চেষ্টাত পাছ পৰি ৰোৱা নাই বিজেপিৰ নেতা-পালিনেতাও৷ বলীউডত খলকনি তোলা একালৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপিৰ সাংসদ হেমা মালিনীয়ে নিজ সমষ্টিত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ৷

অলপতে প্ৰধানমন্ত্ৰীয়ে কাশী-বিশ্বনাথ প্ৰকল্প মুকলি কৰাৰ পাছতে হেমা মালিনীয়ে নিজ সমষ্টি মথুৰাতো ৰাখিছে এলানি কাৰ্যসূচী৷ ইন্দোৰত আজি সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে কয় যে, “কাশী-বিশ্বনাথ ক’ৰিডৰ আৰু ৰাম জন্মভূমিৰ সমানে মথুৰাও গুৰুত্বপূৰ্ণ৷” তেওঁ লগতে কয় যে, শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা প্ৰেম আৰু আকৰ্ষণৰ প্ৰতীক৷ মই এই স্থানত এটা মন্দিৰ হোৱাটো বিচাৰো৷ ইতিমধ্যে সেই স্থানত এটা মন্দিৰ আছে যদিও সেই মন্দিৰ কাশী-বিশ্বনাথ প্ৰকল্পৰ দৰে সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ মোদী ডাঙৰীয়াক আহ্বান জনাইছো৷”

৩৩৯ কোটিটকীয়া প্ৰকল্পৰে পুনঃনিৰ্মাণ কৰিছে কাশী-বিশ্বনাথ প্ৰকল্প৷ বিগত ১৩ ডিচেম্বৰত প্ৰথমটো পৰ্যায় মুকলি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ৰাজ্যখনত অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ