--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'বিধায়ক কিনা বেচা বজাৰ বন্ধ কৰক'। এনে এশাৰী গৰম বাক্য লিখা বেনাৰ লৈ প্ৰতিবাদত বহিছিল ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস। এতিয়া এই ফটোখন চৰ্চাৰ বিষয় হৈ পৰিছে কিয়নো ৰহাৰ বিধায়কগৰাকী নিজেই প্ৰতিবাদ কৰি নিজেই যেন বিক্ৰী গ'ল। কোৱা হয় ৰাজনৈতিক পথাৰত সকলো সম্ভৱ। কাৰোবাৰ মন গ'লেই সলাই দিব পাৰে ৰাজনৈতিক চিত্ৰপট। সেই কথাষাৰকেই যেন আখৰে আখৰে প্ৰমাণ কৰি দেখুৱালে ৰহাৰ বিধায়ক শশীকান্ত দাসে। শশীকান্ত দাস নামৰ এইগৰাকী বিধায়ক পূৰ্বতে ইমান চৰ্চাত নাছিল কিন্তু সোমবাৰৰ পৰা হঠাতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল ৰহাৰ বিধায়কগৰাকী। কিয়নো ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁইৰ পিছতে এইবাৰ ৰহাৰ বিধায়ক শশীকান্ত দাসে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হ'বলৈ আগবাঢ়িছে।

২০ ডিচেম্বৰ, সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কয় যে, ''ৰহাৰ বিধায়ক শশীকান্ত দাসে সমষ্টি উন্নয়নৰ স্বাৰ্থত বিজেপি চৰকাৰৰ লগত থাকি কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ চৰকাৰক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব।বিধায়ক শশীকান্ত দাসকো সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সকলোধৰণে সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, বিধায়ক শশীকান্ত শৰ্মাই এতিয়াই দল ত্যাগ নকৰে। তেওঁ বিধায়ক পদো ত্যাগ নকৰে। তেওঁ বিধায়ক হিচাপে চৰকাৰৰ লগত থাকি চৰকাৰক সকলো ধৰণে সহযোগিতা আগবঢ়াই যাব।'' মুখ্যমন্ত্ৰী শৰ্মাই এনেদৰে মন্তব্য কৰিলেও শশীকান্ত দাস অতি সোনকালেই বিজেপিমুখী হব বুলি চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক-অৰাজনৈতিক সকলো মহলতে। শশীকান্ত দাসে আনুষ্ঠানিকভাৱে এই পৰ্যন্ত বিজেপিত যোগ দিয়া নাই যদিও বিজেপিৰ শৰণাপন্ন হোৱা কথাটোৱে শশীকান্ত দাসে কংগ্ৰেছৰ প্ৰতি নিজৰ অনাস্থা প্ৰকাশ কৰা ইংগিত পোৱা গৈছে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপি চৰকাৰৰ অনুগত হৈ থাকিব খুজিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।

ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভৰি চুই সেৱা কৰি ক'লে- 'মই চৰকাৰৰ পক্ষত থাকিম।' এই কথাই কি ইংগিত বহন কৰে ৰাইজে নুবুজা নহয়। তেওঁ কংগ্ৰেছ ত্যাগ কৰিম বুলিও কোৱা নাই ইফালে বিজেপিৰ শৰণাপণ্ণও হৈছে….এনে হ'লে নিশ্চয়কৈ তেওঁ হ'ব ''না ঘৰ কা…না ঘাট কা''। নিজৰ স্থিতি সোনকালে যাতে স্পষ্ট কৰে বিধায়কগৰাকীয়ে তাকে আশা কৰিছে ৰহাবাসীয়ে। উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰী পক্ষত থাকিব খোজা শশীকান্ত দাসৰ নিজা আদৰ্শ কি সেয়া হয়তো তেওঁ নিজেই বুজি পোৱা নাই। সোমবাৰে হঠাতে দলীয় নেতৃত্বক একপ্ৰকাৰ চক খুৱাই বিজেপিমুখী হোৱা বিধায়ক শশীকান্ত দাসৰ বিষয়টোৰ সন্দৰ্ভত সন্ধিয়া তৎকালীনভাৱে অনুষ্ঠিত হয় কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক। এই বৈঠকতে বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইপিনে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ২৪ ঘন্টাৰ সময়সীমা ধৰি দি বিধায়ক শশীকান্ত দাসলৈ ইয়াৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়। এই জাননীৰ উত্তৰ শশীকান্ত দাসে কেনেকৈ দিয়ে সেয়া নিশ্চয়কৈ হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ ‘আপোনালোকৰ পতন হ’ব,মই অভিশাপ দিছো’! সংসদত বিজেপিক শাওপাত জয়া বচ্চনৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ