--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্থনৈতিক সংকটে জুৰুলা কৰা শ্ৰীলংকাত এতিয়া বুভুক্ষু জনতাৰ ক্ষোভৰ উদগীৰণ। ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰতিকাৰ বিচাৰি দেশখনৰ জনতা পুনৰ নামি পৰিছে ৰাজপথত। দেশখনৰ এই সংকটাপন্ন অৱস্থাৰ সৈতে মোকাবিলা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা শাসকপক্ষৰ বিৰুদ্ধে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ স্পষ্টৰূপত বহিৰ্প্ৰকাশ ঘটিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজধানী চহৰ কলম্বোত সমবেত হোৱা হাজাৰ হাজাৰ ক্ষোভিত জনতাই শনিবাৰে আৰক্ষীৰ বাধা নেওচি ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন দখল কৰিছিল।

ইতিপূৰ্বে চোৰাংচোৱাৰ দ্বাৰা শনিবাৰৰ এই গণ আন্দোলনৰ তথ্য লাভৰ পাছতে শুকুৰবাৰে নিশাই নিজা বাসভৱন এৰি সেনাৰ মুখ্য কাৰ্যালয়লৈ পলায়ন কৰিছিল ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই। প্ৰকাশিত খবৰ অনুসৰি জনতাৰ এই ৰুদ্ৰমূৰ্ত্তি দেখি আতংকিত হৈ পৰা ৰাজপাক্ষেই দেশ এৰি পলায়ন কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেও প্ৰতিবাদৰ ওচৰত হাৰ মানি পদত্যাগ কৰিছে।

শ্ৰীলংকাত জনসাধাৰণৰ এই প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে ভাৰতে অতিৰিক্ত হোভাৰক্ৰাফ্ট আৰু পেট্ৰ'ল নাও মোতায়েন কৰি শ্ৰীলংকাৰ জলসীমাত নিৰীক্ষণ বৃদ্ধি কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰী বা ভাৰত বিৰোধী শক্তিৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈয়ে এইদৰে নিৰীক্ষণ বৃদ্ধি কৰা হৈছে বুলি এগৰাকী জ্যেষ্ঠ কেন্দ্ৰীয় বিষয়াই জানিবলৈ দিছে।

ডৰ্ণিয়াৰ নামৰ বিমানখনেও শ্ৰীলংকাৰ সৈতে সংলগ্ন হৈ থকা পালক ষ্ট্ৰেইট এলেকাত হঠাতে শত্ৰুৰ স্থিতিৰ বিৰুদ্ধে প্ৰতিৰক্ষামূলক নিৰীক্ষণৰ বাবে অধিক হাৰত যুদ্ধ বিমান পৰিচালনা কৰি আছে।

চুবুৰীয়া দ্বীপৰাষ্ট্ৰখনত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপকূলীয় আৰক্ষীকো উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। তদুপৰি অন্য চোৰাংচোৱা সংস্থাসমূহকো এই বিষয়ত দৃষ্টি নিবদ্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

ৰামেশ্বৰমৰ ওচৰৰ মান্দাপাম অঞ্চলৰ উপকূলৰক্ষী বাহিনীয়ে এই নিৰীক্ষণ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, কিয়নো এই বাহিনীয় সাগৰৰ গভীৰ জলভূমি আৰু অগভীৰ পানীতো তীব্ৰ গতিত ভ্ৰমণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ