--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰথম ইণ্ডিজেনাছ এয়াৰক্ৰাফ্ট কেৰিয়াৰ, চমুকৈ আই এ চি বিক্ৰান্তৰ সাগৰীয় পৰীক্ষণৰ চতুৰ্থ পৰ্যায় দেওবাৰে সফলতাৰে সম্পূৰ্ণ কৰা হয়। ৪০,০০০ টন ওজনৰ যুদ্ধ জাহাজখনৰ সাগৰীয় পৰীক্ষণত জাহাজত বিমান চলাচলৰ সুবিধা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সঁজুলি আৰু প্ৰণালীৰ পৰীক্ষামূলক প্ৰদৰ্শন অন্তৰ্ভুক্ত আছিল। প্ৰায় ২৩,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বাহকখন চলিত মাহৰ শেষৰ ফালে ভাৰতীয় নৌসেনাক প্ৰদান কৰা হ'ব আৰু তাৰ পিছত ২২ আগষ্টত 'আজাদী কা অমৃত মহোৎসৱ' স্মৰণীয় কৰি জাহাজখন আৰম্ভ কৰা হ'ব।

ভাৰতীয় নৌসেনা আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ দ্বাৰা এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ থলুৱা ডিজাইন আৰু ৭৬ শতাংশতকৈও অধিক থলুৱা সমলৰ সৈতে নিৰ্মাণ কৰা আই এ চি বিক্ৰান্ত দেশৰ 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া ইনিশিয়েটিভ'ৰ শ্ল’গানৰ এক নৱতম আৰু উজ্জ্বল উদাহৰণ হিচাপে বিবেচিত হৈছে।

আইএচি বিক্ৰান্ত আকাৰত ২৬২ মিটাৰ দীঘল, ৬২ মিটাৰ বহল আৰু ইয়াৰ উচ্চতা মুঠ ৫৯ মিটাৰ। ইয়াৰ নিৰ্মাণ ২০০৯ চনতে আৰম্ভ হৈছিল। এই যুদ্ধজাহাজখনে মিগ-২৯কে যুঁজাৰু বিমান, কামোভ-৩১ হেলিকপ্টাৰ আৰু এমএইচ-৬০আৰ মাল্টি-ৰোল হেলিকপ্টাৰ পৰিচালনা কৰিবলৈ সাজু হৈছে।

আইএচি বিক্ৰান্তৰ দ্বাৰা বৃহৎ সংখ্যক আনুষঙ্গিক উদ্যোগৰ বিকাশৰ উপৰিও থলুৱা ডিজাইন আৰু নিৰ্মাণ ক্ষমতা বৃদ্ধি পাইছে। তদুপৰি ২,০০০ ৰো অধিক কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ কৰ্মচাৰী আৰু আনুষঙ্গিক উদ্যোগত প্ৰায় ১২,০০০ কৰ্মচাৰীৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব বুলি সদৰি কৰা হৈছে।

বিক্ৰান্তৰ প্ৰথমটো সামুদ্ৰিক পৰীক্ষণ ২১ আগষ্টত সফলতাৰে সম্পূৰ্ণ হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে ২১ অক্টোবৰ আৰু ২২ জানুৱাৰীত সাগৰীয় পৰীক্ষণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায় অনুষ্ঠিত হৈছিল।

সাগৰীয় পৰীক্ষণৰ এই তিনিটা পৰ্যায়ত যুদ্ধজাহাজখনৰ গতি দিব পৰা যন্ত্ৰপাতি, বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক কোঠাৰ সা-সঁজুলি, ডেক যন্ত্ৰপাতি, জীৱন ৰক্ষাকাৰী সঁজুলি, জাহাজৰ পথ নিৰ্দেশনা আৰু যোগাযোগ প্ৰণালীৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা