--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক  : শ্ৰীলংকাৰ সংকট অধিক অভাৱনীয় হৈছে। প্ৰৱল অৰ্থনৈতিক সংকটে অস্থিৰ কৰি ৰখা দেশখনত এতিয়া ৰাজনৈতিক সংকটৰো সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী  মহিন্দা ৰাজাপাক্ষেই পদত্যাগ কৰাৰ পাছত তেওঁৰ জীৱনলৈও আহি পৰিছে সংশয়। শেহতীয়াকৈ প্ৰকাশ পোৱা অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ লোকসকলৰ সৈতে দেশখনৰ দক্ষিণ-পূব প্ৰান্তৰ ত্ৰিনকোমালীৰ এটা নৌসেনা ঘাটীত আশ্ৰয় লৈছে। বিভিন্ন মাধ্যমত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানজনৰ পৰিয়ালে এখন হেলিকপ্টাৰত উঠি পলায়ন কৰাৰ ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। দেশখনৰ বিক্ষুদ্ধ জনগণৰ ৰোষৰ পৰা বাছিবলৈ এনদৰে ৰাজাপাক্ষেৰ পৰিয়ালে পলায়ন কৰিবলগীয়া হৈছে। কিন্তু তাৰ পাছতো তেওঁলোকে জনতাৰ ৰোষৰ পৰা সাৰিব পৰা নাই। দেশখনৰ ৰাজধানী কলম্বোৰ পৰা ২৭০ কিলোমিটাৰ আঁতৰৰ নৌ সেনা ঘাটীটোৰ বাহিৰতো এতিয়া বিক্ষুব্ধ লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। 

জনতাৰ ভয়ংকৰ ৰোষ প্ৰতিগহত কৰাৰ বাবে দেশৰ প্ৰতিটো প্ৰান্ততে ব্যাপক হাৰত সেনা-আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। সোমবাৰে নিশা সংঘটিত হোৱা হিংসাত্মক ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱা তথা দুই শতাধিক লোক আহত হোৱাৰ পাছত সামৰিক বাহিনীৰ সমাৱেশ বৃদ্ধি কৰা হৈছে দেশখনত। আনহাতে সমগ্ৰ দেশজুৰি বলৱৎ কৰা হৈছে সান্ধ্য আইন। এনে পৰিস্থিতিৰ পাছতো দেশখনৰ সেনা বাহিনীয়ে প্ৰতিবাদ দমন কৰিব পৰা নাই। প্ৰধানমন্ত্ৰী ৰাজাপাক্ষেৰ পদত্যাগৰ পাছতো ক্ষান্ত নোহোৱা জনগণে আনকি এতিয়া শাসকীয় দলৰ মন্ত্ৰী-সাংসদত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেৱল এয়াই নহয় প্ৰধানমন্ত্ৰী ৰাজাপাক্ষেৰ পৈত্ৰিক ঘৰ আৰু আন ভালেমান স্থানতো অগ্নিসংযোগ কৰা হৈছে। মহিন্দা ৰাজপাক্ষেৰ কলম্বোত থকা চৰকাৰী বাসভৱনত সোমবাৰে গোটেই নিশা প্ৰতিবাদ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে কমেও তেওঁৰ ঘৰৰ সন্মুখলৈ ১০টা পেট্ৰ’ল বোমা নিক্ষেপ কৰা হৈছিল। এনে ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনাও কৰিবলগীয়া হৈছিল। তাৰ পাছতে কলম্বোৰ পৰা আঁতৰাই লৈ যোৱা হয় প্ৰধানমন্ত্ৰীৰ পৰিয়ালক।

পূৰ্বে প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি হিংসাত্মক প্ৰতিবাদকাৰীয়ে আনকি দেশখনৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেৰ পৈত্ৰিক ঘৰৰ লগতে ৪১জন ৰাজনীতিকৰ ঘৰত অগ্নিসংযোগ কৰিছে। উল্লেখ্য যে, বিগত ৯ এপ্ৰিলত চৰকাৰবিৰোধী শান্তিপূৰ্ণ প্ৰতিবাদ আৰম্ভ হৈছিল আৰু তাৰ পাছতে ই ক্ৰমান্বয়ে হিংসাত্মক ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। সোমবাৰে নিশাৰ ভাগত পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু দেশখনৰ বিভিন্ন গুৰুত্বপূ্ৰ্ণ স্থান আৰু ৰাজনীতিকৰ ঘৰত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলত ৫জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় আঢ়ৈশ লোক আহত হৈছে।
ইফালে, সোমবাৰে ৰাজধানী কলম্বোত শাসকীয় দলৰ সাংসদ আমাৰাকেৰ্তি আথুকোৰালাই তেওঁৰ বাহন অৱৰোধ কৰা প্ৰতিবাদকাৰীলৈ গুলী চালনা কৰাৰ কথা পোহৰলৈ আহিছে। 

যাৰ ফলত এজন ২৭ বছৰীয়া যুৱক নিহত হয় আৰু আন দুজন আহত হয়। আৰক্ষীয়ে সদৰি কৰা মতে সাংসদজনে পাছত আত্মহত্যা কৰিছে। কিন্তু তেওঁৰ দলৰ নেতাই প্ৰকাশ কৰা অনুসৰি কৈছিল যে তেওঁক উন্মত্ত প্ৰতিবাদকাৰীয়ে হত্যা কৰিছে। সাংসদজনৰ দেহৰক্ষীকো হত্যা কৰা বুলি জানিব পৰা গৈছে। ৰাজপাক্ষেৰ দলৰ এজন প্ৰাদেশিক ৰাজনীতিবিদে সোমবাৰে দেশখনৰ দক্ষিণৰ ৱেৰাকেটিয়া চহৰত দুজন লোকক গুলীয়াই হত্যা কৰে। তেওঁৰ আক্ৰমণত আন তিনিজন লোকক আহত হৈছিল। এই ঘটনাৰ পাছৰে পৰা তেওঁ সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

দেশজুৰি বলৱত হৈ থকা কাৰ্ফিউৰ মাজতে শাসকীয় দলৰ শীৰ্ষ ৰাজনীতিবিদসকলৰ কমেও ৪১ টা ঘৰ ৰাতিটোৰ ভিতৰতে জ্বলাই দিয়া হৈছিল। সেই ঘৰবোৰত ৰখাই থোৱা শ শ মটৰচাইকেলও জ্বলাই দিয়া হৈছিল। এজন মন্ত্ৰীৰ জ্বলন্ত ঘৰৰ সন্মুখত থকা এজন অচিনাক্ত ব্যক্তিয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, "এই কাম আমি আগতে কৰা উচিত আছিল। সেই কামত আগতে কৰিব নোৱাৰি আমি  দুখহে অনুভৱ কৰিছোঁ।" এনে মন্তব্যৰ জৰিয়তে মানুহৰ ক্ষোভৰ ৰূপটো আৰু পৰিস্থিতিৰ ভয়াৱহতা প্ৰকট হৈ পৰিছে।

আৰক্ষীয়ে জনোৱা মতে, দেশখনৰ দক্ষিণ প্ৰান্তত থকা থকা ৰাজাপাক্ষে পৰিয়ালৰ পৈতৃক গাঁও মেদা মুলানাত ৰাজপাক্ষে পৰিয়ালৰ বিভিন্ন বিষয় সম্বলিত এটা সংগ্ৰহালয়ত জনতাই আক্ৰমণ কৰে আৰু ইয়াক ধ্বংস কৰে। উত্তৰ-পশ্চিম চহৰ কুৰুনেগালাত ৰাজপাক্ষেৰ এটা ৰাজনৈতিক কাৰ্যালয়ো অগ্নিসংযোগ কৰি ধ্বংস কৰে প্ৰতিবাদকাৰীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ