--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক  : শ্ৰীলংকাৰ সংকট অধিক অভাৱনীয় হৈছে। প্ৰৱল অৰ্থনৈতিক সংকটে অস্থিৰ কৰি ৰখা দেশখনত এতিয়া ৰাজনৈতিক সংকটৰো সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী  মহিন্দা ৰাজাপাক্ষেই পদত্যাগ কৰাৰ পাছত তেওঁৰ জীৱনলৈও আহি পৰিছে সংশয়। শেহতীয়াকৈ প্ৰকাশ পোৱা অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ লোকসকলৰ সৈতে দেশখনৰ দক্ষিণ-পূব প্ৰান্তৰ ত্ৰিনকোমালীৰ এটা নৌসেনা ঘাটীত আশ্ৰয় লৈছে। বিভিন্ন মাধ্যমত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানজনৰ পৰিয়ালে এখন হেলিকপ্টাৰত উঠি পলায়ন কৰাৰ ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। দেশখনৰ বিক্ষুদ্ধ জনগণৰ ৰোষৰ পৰা বাছিবলৈ এনদৰে ৰাজাপাক্ষেৰ পৰিয়ালে পলায়ন কৰিবলগীয়া হৈছে। কিন্তু তাৰ পাছতো তেওঁলোকে জনতাৰ ৰোষৰ পৰা সাৰিব পৰা নাই। দেশখনৰ ৰাজধানী কলম্বোৰ পৰা ২৭০ কিলোমিটাৰ আঁতৰৰ নৌ সেনা ঘাটীটোৰ বাহিৰতো এতিয়া বিক্ষুব্ধ লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। 

জনতাৰ ভয়ংকৰ ৰোষ প্ৰতিগহত কৰাৰ বাবে দেশৰ প্ৰতিটো প্ৰান্ততে ব্যাপক হাৰত সেনা-আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। সোমবাৰে নিশা সংঘটিত হোৱা হিংসাত্মক ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱা তথা দুই শতাধিক লোক আহত হোৱাৰ পাছত সামৰিক বাহিনীৰ সমাৱেশ বৃদ্ধি কৰা হৈছে দেশখনত। আনহাতে সমগ্ৰ দেশজুৰি বলৱৎ কৰা হৈছে সান্ধ্য আইন। এনে পৰিস্থিতিৰ পাছতো দেশখনৰ সেনা বাহিনীয়ে প্ৰতিবাদ দমন কৰিব পৰা নাই। প্ৰধানমন্ত্ৰী ৰাজাপাক্ষেৰ পদত্যাগৰ পাছতো ক্ষান্ত নোহোৱা জনগণে আনকি এতিয়া শাসকীয় দলৰ মন্ত্ৰী-সাংসদত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেৱল এয়াই নহয় প্ৰধানমন্ত্ৰী ৰাজাপাক্ষেৰ পৈত্ৰিক ঘৰ আৰু আন ভালেমান স্থানতো অগ্নিসংযোগ কৰা হৈছে। মহিন্দা ৰাজপাক্ষেৰ কলম্বোত থকা চৰকাৰী বাসভৱনত সোমবাৰে গোটেই নিশা প্ৰতিবাদ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে কমেও তেওঁৰ ঘৰৰ সন্মুখলৈ ১০টা পেট্ৰ’ল বোমা নিক্ষেপ কৰা হৈছিল। এনে ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনাও কৰিবলগীয়া হৈছিল। তাৰ পাছতে কলম্বোৰ পৰা আঁতৰাই লৈ যোৱা হয় প্ৰধানমন্ত্ৰীৰ পৰিয়ালক।

পূৰ্বে প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি হিংসাত্মক প্ৰতিবাদকাৰীয়ে আনকি দেশখনৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেৰ পৈত্ৰিক ঘৰৰ লগতে ৪১জন ৰাজনীতিকৰ ঘৰত অগ্নিসংযোগ কৰিছে। উল্লেখ্য যে, বিগত ৯ এপ্ৰিলত চৰকাৰবিৰোধী শান্তিপূৰ্ণ প্ৰতিবাদ আৰম্ভ হৈছিল আৰু তাৰ পাছতে ই ক্ৰমান্বয়ে হিংসাত্মক ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। সোমবাৰে নিশাৰ ভাগত পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু দেশখনৰ বিভিন্ন গুৰুত্বপূ্ৰ্ণ স্থান আৰু ৰাজনীতিকৰ ঘৰত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলত ৫জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় আঢ়ৈশ লোক আহত হৈছে।
ইফালে, সোমবাৰে ৰাজধানী কলম্বোত শাসকীয় দলৰ সাংসদ আমাৰাকেৰ্তি আথুকোৰালাই তেওঁৰ বাহন অৱৰোধ কৰা প্ৰতিবাদকাৰীলৈ গুলী চালনা কৰাৰ কথা পোহৰলৈ আহিছে। 

যাৰ ফলত এজন ২৭ বছৰীয়া যুৱক নিহত হয় আৰু আন দুজন আহত হয়। আৰক্ষীয়ে সদৰি কৰা মতে সাংসদজনে পাছত আত্মহত্যা কৰিছে। কিন্তু তেওঁৰ দলৰ নেতাই প্ৰকাশ কৰা অনুসৰি কৈছিল যে তেওঁক উন্মত্ত প্ৰতিবাদকাৰীয়ে হত্যা কৰিছে। সাংসদজনৰ দেহৰক্ষীকো হত্যা কৰা বুলি জানিব পৰা গৈছে। ৰাজপাক্ষেৰ দলৰ এজন প্ৰাদেশিক ৰাজনীতিবিদে সোমবাৰে দেশখনৰ দক্ষিণৰ ৱেৰাকেটিয়া চহৰত দুজন লোকক গুলীয়াই হত্যা কৰে। তেওঁৰ আক্ৰমণত আন তিনিজন লোকক আহত হৈছিল। এই ঘটনাৰ পাছৰে পৰা তেওঁ সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

দেশজুৰি বলৱত হৈ থকা কাৰ্ফিউৰ মাজতে শাসকীয় দলৰ শীৰ্ষ ৰাজনীতিবিদসকলৰ কমেও ৪১ টা ঘৰ ৰাতিটোৰ ভিতৰতে জ্বলাই দিয়া হৈছিল। সেই ঘৰবোৰত ৰখাই থোৱা শ শ মটৰচাইকেলও জ্বলাই দিয়া হৈছিল। এজন মন্ত্ৰীৰ জ্বলন্ত ঘৰৰ সন্মুখত থকা এজন অচিনাক্ত ব্যক্তিয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, "এই কাম আমি আগতে কৰা উচিত আছিল। সেই কামত আগতে কৰিব নোৱাৰি আমি  দুখহে অনুভৱ কৰিছোঁ।" এনে মন্তব্যৰ জৰিয়তে মানুহৰ ক্ষোভৰ ৰূপটো আৰু পৰিস্থিতিৰ ভয়াৱহতা প্ৰকট হৈ পৰিছে।

আৰক্ষীয়ে জনোৱা মতে, দেশখনৰ দক্ষিণ প্ৰান্তত থকা থকা ৰাজাপাক্ষে পৰিয়ালৰ পৈতৃক গাঁও মেদা মুলানাত ৰাজপাক্ষে পৰিয়ালৰ বিভিন্ন বিষয় সম্বলিত এটা সংগ্ৰহালয়ত জনতাই আক্ৰমণ কৰে আৰু ইয়াক ধ্বংস কৰে। উত্তৰ-পশ্চিম চহৰ কুৰুনেগালাত ৰাজপাক্ষেৰ এটা ৰাজনৈতিক কাৰ্যালয়ো অগ্নিসংযোগ কৰি ধ্বংস কৰে প্ৰতিবাদকাৰীয়ে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত