--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ২১ জুনৰ দিনটোত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰৰ এছকেআইচিচি ( SKICC) ত  যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে “নিজৰ আৰু সমাজৰ বাবে যোগ”।  ব্যক্তিগত কল্যাণ  আৰু সমাজৰ সামূহিক কল্যাণৰ সমন্বয়ত ইভয়কে  লাভাৱান্বিত কৰিবলৈ এইবেলৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত  গুৰুত্ব আৰোপ কৰা হৈছে।  

কেন্দ্ৰীয় শাসিত অঞ্চল কাশ্মীৰৰ  লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) আৰু স্বাস্থ্য তথা  পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী  প্ৰতাপৰাও গণপাত্ৰৱ যাদৱকে ধৰি বহু গণ্যমান্য ব্যক্তিয়েও প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

যোগৰ অনুশীলনৰ জৰিয়তে বিশ্বৰ স্বাস্থ্য আৰু সুস্থতাক প্ৰসাৰিত কৰাৰ বাৰ্তা কঢ়িয়াই নিবলৈ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীয়ে কাইলৈ সেই অনুষ্ঠানত  একত্ৰিত হ’ব। এই উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোদীয়ে  সভাত যোগৰ বিষয়ে  ভাষণ আগবঢ়োৱাৰ উপৰি যোগৰ অনুশীলনতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে উক্ত যোগৰ অনুশীলনৰ সময়তে  শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত যোগৰ  তাৎপৰ্যৰ বিষয়ে  আলোকপাত কৰিব।

যোগৰ পৰা সৰ্বাধিক লাভ অৰ্জনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো গ্ৰাম প্ৰধানলৈ এখন পত্ৰ লিখিছে আৰু তাত এইবুলি  উল্লেখ কৰিছে , “তৃণমূল পৰ্যায়ত মই আপোনালোকক এই আহ্বান জনাইছো যে যোগ আৰু বাজৰাকলৈ  জননেতৃত্বাধীন আন্দোলন  গঢ়ি তুলি  সামূহিক  স্বাস্থ্যৰ বিষয়ে অধিক সজাগতাৰ সৃষ্টি কৰক ।” পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সংস্কৰণত হোৱাৰ দৰেই প্ৰধানমন্ত্ৰীৰ এই পত্ৰই পঞ্চায়ত, অংগনবাড়ী আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰ আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেন্দ্ৰসমূহত যোগৰ কাৰ্যকলাপ বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে। 

আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ)  প্ৰতাপৰাও গণপাত্ৰৱ যাদৱৰ লগতে  আয়ুষৰ সচিব  বৈদ্য ৰাজেশ কোটেচা  তথা জ্যেষ্ঠ বিষয়াসকলে আজি  ২১ জুনৰ মূল অনুষ্ঠান হ’বলগীয়া  শ্ৰীনগৰৰ এছকেআইচিচি  পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। কাইলৈৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানটোক সকলো যোগপ্ৰেমীৰ বাবে এক উত্‍সাহজনক অভিজ্ঞতা হিচাপে পৰিগণিত কৰিবলৈ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰম্ভ হোৱাৰে পৰাই প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰচাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাতে দিল্লী, চণ্ডীগড়, ডেৰাডুন, ৰাঁচী, লক্ষ্ণৌ, মহীশূৰ, ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত মুখ্য কাৰ্যালয়কে ধৰি বিশ্বৰ বিভিন্ন  স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰি অহা হৈছে। ।

এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ দেশতে  বিস্তৃতভাবে  উদযাপন  হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোয়ো  “মহাকাশৰ বাবে যোগ” বাণীৰে  উল্লেখযোগ্য অনুষ্ঠানৰ ৰূপায়ণ কৰিব, য’ত ইছৰোৰ সকলো কেন্দ্ৰ আৰু  গোটে  চিৱাইপি বা সাধাৰণ যোগ প্ৰট’কলৰ অনুশীলনৰ  কাৰ্যসূচী গ্ৰঙম কৰিব। ইছৰোৰ স্বায়ত্তশাসিত সংস্থাসমূহেও ২১ জুনত  সাধাৰণ যোগ প্ৰট’কলৰ অনুশীলনত অংশগ্ৰহণ কৰিব। ইছৰোৰ গগনযান প্ৰকল্পৰ সৈতে জড়িতসকলেও  এই অনুশলনত অংশগ্ৰহণ কৰিব। কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তুতি  পূৰ্ণগতিত চলি আছে।

বিশ্বজুৰি থকা ভাৰতৰ বিদেশৰ দূতাবাস আৰু ভাৰতীয় মিছনেও যোগৰ ব্যাপক প্ৰভাৱ প্ৰতিফলিত কৰিব পৰাকৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস  উদযাপন কৰিব।

এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ অনুষ্ঠান উপলক্ষে শ্ৰীনগৰৰ ডাল লেকৰ পাৰত প্ৰধানমন্ত্ৰীৰ সৈতে সমাজৰ বিভিন্ন শ্ৰেণীৰ ৭ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব।

                                                                    
আয়ুষৰ সচিব বৈদ্য ৰাজেশ কোটেচাই শেহতীয়াকৈ এক সমাৱেশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই মহাযাত্ৰাৰ বিষয়ে আলোকপাত কৰি স্বাস্থ্য, সামাজিক মূল্যবোধ আদিৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগ দিৱসৰ ভূমিকা সন্দৰ্ভত উল্লেখ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ক্ষেত্ৰত ‘চৰকাৰৰ সমগ্ৰ ব্যৱস্থাটো ’ নিয়োজিত হৈছে আৰু বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজত সমন্বিত প্ৰচেষ্টা তথা  ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়টো লক্ষ্যণীয় হৈ পৰিছে। ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ দলেও দেশজুৰি অনুষ্ঠানৰ আয়োজন কৰি আহিছে, য’ত সামূহিক স্বাস্থ্যৰ ওপৰত যোগৰ প্ৰভাৱৰ বিষয়ে নানান দিশ  প্ৰতিফলিত কৰা হৈছে।

দিল্লীত আয়ুস মন্ত্ৰালয়ে নতুন দিল্লী পৌৰ নিগম (এন ডি এম চি),  ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (এ এছ আই) আৰু দিল্লী উন্নয়ন কৰ্তৃপক্ষ ( ডি ডি এ )ৰ সৈতে মিলি কৰি গণ যোগাসন অনুষ্ঠানৰ আয়োজন কৰিছে। জনসাধাৰণক আকৰ্ষিত কৰিবলৈ আয়ুস মন্ত্ৰালয়ে মাইগভ আৰু মাইভাৰতৰ মঞ্চত ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ (আই চি চি আৰ)ৰ সৈতে অংশীদাৰিত্বৰে "পৰিয়ালৰ সৈতে যোগাসন" বিষয়ক ভিডিঅ' প্ৰতিযোগিতাকে ধৰি কেইবাটাও  প্ৰতিযোগিতা আৰু কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাই  বিশ্বজুৰি পৰিয়ালসমূহক যোগাসনৰ আনন্দ প্ৰদৰ্শন আৰু পৰিয়ালৰ বন্ধন শক্তিশালী কৰিবলৈ উৎসাহিত কৰিব। প্ৰতিযোগিতাৰ ভিডিঅ’ আদি ২০২৪ চনৰ ৩০ জুন তাৰিখৰ ভিতৰত জমা দিব লাগিব।

#YogaWithFamily ভিডিঅ’ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে যোগৰ জড়িয়তে  স্বাস্থ্য আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰত সহায় কৰাৰ লগতে আকৰ্ষমীয়  পুৰস্কাৰো লাভ কৰাৰ সুযোগ লভিব। এই অনুষ্ঠানৰ বাবে অন্যান্য হেচটেগসমূহৰ ভিতৰত আছে #InternationalDayofYoga2024, #YogaForSelfAndSociety, #YogaWithFamily, আৰু #IDY2024। যোগৰ এই বিশ্বব্যাপী উদযাপনত যোগদান কৰাৰ অৰ্থে সমগ্ৰ বিশ্বৰ লোকসকলক এই হেচটেগসমূহ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
কঁঠাল খাওক, লাভ কৰিব আচৰিত উপকাৰিতা
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ