--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে দুজনকৈ সাংবাদিকৰূপী উগ্ৰপন্থী৷ আজি পুৱতিনিশা শ্ৰীনগৰৰ ৰাইনাৱাৰী কোৱাৰ্টাৰত সংঘটিত আৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে দুজনকৈ উগ্ৰপন্থীক গুলীয়াই হত্যা কৰিছে। আৰক্ষীৰ ভাষ্য অনুসৰি, মৃত দুজনৰ এজন ৰায়ছ আহমেদ ভাটে এগৰাকী সাংবাদিক হিচাপে কৰ্মৰত আছিল৷ যিয়ে বিগত বৰ্ষৰ আগষ্টত লস্কৰ-ই-তৈবা (এলইটি)ত যোগদান কৰিছিল। আৰক্ষী মহাপৰিদৰ্শক(কাশ্মীৰ ৰেঞ্জ) বিজয় কুমাৰে কৈছিল যে দক্ষিণ অনন্তনাগ জিলাৰ বিজবেহাৰাৰ শ্বাহাবাদ বীৰীৰ বাসিন্দা নিহত ভাটে আগতে এটা বাতৰি পৰ্টেল ‘ভেলী নিউজ ছাৰ্ভিচ’ পৰিচালনা কৰিছিল। তেওঁৰ সৈতে পোৱা পৰিচয়-পত্ৰখনত তেওঁক প’ৰ্টেলটোৰ মুখ্য সম্পাদক আছিল বুলি জানিব পৰা গৈছে৷ পৰৱৰ্তী সময়ত উগ্ৰপন্থী গোটত যোগদান কৰি তেওঁ এজন ‘চি’ শ্ৰেণীৰ সন্ত্ৰাসবাদী হিচাপে সন্ত্ৰাসবাদ অব্যাহত ৰাখিছিল৷ আৰু সন্ত্ৰাসবাদী অপৰাধ সংঘটিত কৰাৰ বাবে অনন্তনাগ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল দুটা গোচৰ৷ আৰক্ষীয়ে নিহত ‘চি’ শ্ৰেণীৰ আনজন উগ্ৰপন্থীক বিজবেহাৰাৰ বাসিন্দা হিলাল আহমেদ ৰহ বুলি চিনাক্ত কৰে। এইটোৱে কৈছিল যে তেৱোঁ বিগত বৰ্ষৰ আগষ্টত এলইটিত যোগদান কৰিবলৈ নিৰুদ্দেশ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন