--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ এগৰাকী মহিলা চিকিৎসকে আত্মহত্যা কৰা পাছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ৰাজস্থানৰ দৌচাত সংঘটিত হৈছে এই ঘটনা। মহিলা চিকিৎসগৰাকীৰ নাম অৰ্চনা শৰ্মা। ঘটনাৰ বিৱৰণী অনুসৰি ২২ বছৰীয়া এগৰাকী মহিলা প্ৰসৱৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল কিন্তু অত্যাধিক ৰক্তচাপৰ ফলত প্ৰসূতিগৰাকীৰ মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত চিকিৎসক অৰ্চনা শৰ্মাৰ ওপৰত হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। অভিযোগ অনুসৰি আৰক্ষীৰ নিৰ্যাতন সহিব নোৱাৰি চিকিৎসকগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়।তদুপৰি প্ৰসূতিগৰাকীৰ মৃত্যুত হস্পাতালৰ সন্মুখত কংগ্ৰেছ নেতাকে ধৰি বহুজনে কৰা প্ৰতিবাদৰ ফলত তেওঁ মানসিকভাৱে ভাগি পৰে। অভিযোগ অনুসৰি মহিলা চিকিৎসকগৰাকীয়ে কেইবাবাৰো আৰক্ষীৰ সহায় বিচাৰে যদিও আৰক্ষীয়ে তেওঁক কোনো ধৰণৰ সহায় নকৰিলে। অৰ্চনা শৰ্মাই এখন ছুইচাইড নোটো লিখি থৈ গৈছে। তেওঁ লিখিছে-"মই কোনো ভুল কৰা নাই, মই কাকো হত্যা কৰা নাই, ৰোগীৰ মৃত্যুত চিকিৎসকসকলক অত্যাচাৰ কৰা বন্ধ কৰক।" ছুইচাইড নোটৰ শেষত তেওঁ লিখিছিল, "অনুগ্ৰহ কৰি মোৰ সন্তানক মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব।" এই ঘটনাৰ ওপৰত ভিত্তি কৰিয়েই ৰাজস্থানত চিকিৎসকসকলে ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দিল্লীতো চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি চিকিৎসা সেৱা আগবঢ়ায়। উল্লেখ্য যে অৰ্চনা শৰ্মা এগৰাকী গল্ড মেডেলিষ্ট চিকিৎসক আছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলেটে বিষয়টো গুৰুত্বসহকাৰে লৈ কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰবাবে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়ে। আৰু পঢ়কঃ মুছলিম যুৱকে কোঠাত আঁৰিছিল মোদীৰ ফটো;ভাড়াঘৰৰ মালিকে দিলে মাৰপিটৰ ভাবুকি

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন