--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ এগৰাকী মহিলা চিকিৎসকে আত্মহত্যা কৰা পাছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ৰাজস্থানৰ দৌচাত সংঘটিত হৈছে এই ঘটনা। মহিলা চিকিৎসগৰাকীৰ নাম অৰ্চনা শৰ্মা। ঘটনাৰ বিৱৰণী অনুসৰি ২২ বছৰীয়া এগৰাকী মহিলা প্ৰসৱৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল কিন্তু অত্যাধিক ৰক্তচাপৰ ফলত প্ৰসূতিগৰাকীৰ মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত চিকিৎসক অৰ্চনা শৰ্মাৰ ওপৰত হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। অভিযোগ অনুসৰি আৰক্ষীৰ নিৰ্যাতন সহিব নোৱাৰি চিকিৎসকগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়।তদুপৰি প্ৰসূতিগৰাকীৰ মৃত্যুত হস্পাতালৰ সন্মুখত কংগ্ৰেছ নেতাকে ধৰি বহুজনে কৰা প্ৰতিবাদৰ ফলত তেওঁ মানসিকভাৱে ভাগি পৰে। অভিযোগ অনুসৰি মহিলা চিকিৎসকগৰাকীয়ে কেইবাবাৰো আৰক্ষীৰ সহায় বিচাৰে যদিও আৰক্ষীয়ে তেওঁক কোনো ধৰণৰ সহায় নকৰিলে। অৰ্চনা শৰ্মাই এখন ছুইচাইড নোটো লিখি থৈ গৈছে। তেওঁ লিখিছে-"মই কোনো ভুল কৰা নাই, মই কাকো হত্যা কৰা নাই, ৰোগীৰ মৃত্যুত চিকিৎসকসকলক অত্যাচাৰ কৰা বন্ধ কৰক।" ছুইচাইড নোটৰ শেষত তেওঁ লিখিছিল, "অনুগ্ৰহ কৰি মোৰ সন্তানক মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব।" এই ঘটনাৰ ওপৰত ভিত্তি কৰিয়েই ৰাজস্থানত চিকিৎসকসকলে ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দিল্লীতো চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি চিকিৎসা সেৱা আগবঢ়ায়। উল্লেখ্য যে অৰ্চনা শৰ্মা এগৰাকী গল্ড মেডেলিষ্ট চিকিৎসক আছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলেটে বিষয়টো গুৰুত্বসহকাৰে লৈ কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰবাবে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়ে। আৰু পঢ়কঃ মুছলিম যুৱকে কোঠাত আঁৰিছিল মোদীৰ ফটো;ভাড়াঘৰৰ মালিকে দিলে মাৰপিটৰ ভাবুকি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল