--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ আগমনৰ লগে লগে বহু লোকে বিষজনিত সমস্যাত ভোগা দেখা যায়। সাধাৰণতে শীতকালত গাঁঠিৰ জঠৰতাকে ধৰি বিষৰ সমস্যা অধিক সৃষ্টি হয়। ইয়াক একপ্ৰকাৰৰ বাতবিষ বুলি কোৱা হয়। এই বাত বিষৰ ফলত গাঁঠিৰ বিষ, ফুলা আৰু জঠৰতা হ’ব পাৰে। অষ্টিঅ’আৰ্থাইটিছ, বাতবিষ, গাউট আদি ৰোগত আক্ৰান্ত হয়। বাতবিষ ৰোগীয়ে শীতকালত গাঁঠিৰ বিষৰ অধিক হোৱা দেখা যায়। 

শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ বাবে শৰীৰত কিছুমান হৰম’ন আৰু ৰাসায়নিক পদাৰ্থৰ উৎপাদন বৃদ্ধি পায়। এই হৰম’ন আৰু ৰাসায়নিক পদাৰ্থই গাঁঠিৰ ফুলা আৰু বিষৰ বাবে দায়ী। ইয়াৰ উপৰি শীতকালত গাঁঠিলৈ তেজৰ সোঁত হ্ৰাস পায়, যাৰ ফলত বিষ আৰু জঠৰতা বৃদ্ধি পাব পাৰে। শীতকালত বাতবিষৰ বিষৰ পৰা সকাহ পাবলৈ তলত দিয়া ব্যৱস্থাসমূহ ল’ব পাৰি-

* গাঁঠিবোৰ গৰম কৰি ৰাখক-

শীতকালত গৰম কাপোৰ পিন্ধক আৰু শৰীৰটোক গৰম কৰি ৰাখক। ইয়াৰ বাবে আপুনি গৰম পানীৰ বেগো ব্যৱহাৰ কৰিব পাৰে।

* নিয়মিতভাৱে ব্যায়াম কৰক-

নিয়মিত ব্যায়ামে গাঁঠিবোৰ শক্তিশালী কৰি বিষ কমোৱাত সহায় কৰিব পাৰে। অৱশ্যে ব্যায়াম আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

* আপোনাৰ ওজন নিয়ন্ত্ৰণ ৰাখক-

অতিৰিক্ত ওজনৰ বাবে গাঁঠিৰ ওপৰত চাপ পৰে, যাৰ ফলত বিষ বৃদ্ধি পাব পাৰে। গতিকে ওজন নিয়ন্ত্ৰণত ৰাখিব।

* যথেষ্ট টোপনি লওক-

পৰ্যাপ্ত টোপনীয়ে শৰীৰ সুস্থ হৈ উঠাত সহায় কৰে।

* মানসিক চাপ হ্ৰাস কৰক-

মানসিক চাপে গাঁঠিৰ বিষ বৃদ্ধি কৰিব পাৰে। গতিকে মানসিক চাপ কমোৱাৰ বাবে যোগাসন, ধ্যান বা অন্যান্য পদ্ধতি ব্যৱহাৰ কৰক।

বাতবিষ হ’লে শীতকালত গাঁঠিৰ যত্ন লোৱা আৰু উপযুক্ত ব্যৱস্থা লোৱাটো গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত বিষৰ পৰা সকাহ পোৱাৰ লগতে কাম-কাজ উন্নত হ’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী