--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিচমিচ এনেকুৱা এবিধ শুকান ফল যি বহু গুণেৰে ভৰপূৰ। আন শুকান ফলৰ তুলনাত কম দামত বজাৰত অতি সহজেই পোৱা যায় কিচমিচ। কিচমিচক ছুপাৰফুড বুলিও কোৱা হয়, যিয়ে বহু ৰোগৰ পৰা উপশম দিব পাৰে। তেজৰ লগত জড়িত ৰোগ আৰু শৰীৰৰ বহু সমস্যাৰ পৰা সকাহ দিয়াত কিচমিচ বিশেষভাৱে উপকাৰী।

উল্লেখ্য যে ৰক্তহীনতাৰ দৰে সমস্যাত ভুগি থকাসকলে প্ৰতিদিনে পুৱা খালী পেটত তিয়াই থোৱা কিচমিচ খালে বহু উপকাৰ পোৱাৰ লগতে আইৰণৰ অভাৱ দূৰ হয়। ইয়াৰ উপৰি কিচমিচত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। কাৰ্বহাইড্ৰেট, আইৰণ, ফছফৰাছ, মেগনেছিয়াম, ভিটামিন, প্ৰটিন, পটাছিয়ামৰ দৰে এই সকলোবোৰ পুষ্টিকৰ পদাৰ্থই দাঁত আৰু হাড় শক্তিশালী কৰাত সহায় কৰে। যিসকল লোকৰ দৃষ্টিশক্তি দুৰ্বল, তেওঁলোকে কিচমিচ খাব পাৰে, কাৰণ ইয়াত থকা ভিটামিন-এ, বিটা কেৰটিন, আৰু এন্টিঅক্সিডেন্টে চকুৰ পেশী শক্তিশালী কৰে।

হৃদৰোগ নিৰাময়ৰ বাবেও কিচমিচ উপকাৰী। এক গৱেষণা অনুসৰি কিচমিচে বেয়া কলেষ্টেৰল অৰ্থাৎ এল ডি এল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰিব পাৰে, যাৰ ফলত কলেষ্টেৰলৰ ফলত হোৱা হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।

কিচমিচক কাৰ্বহাইড্ৰেটৰ প্ৰাকৃতিক উৎস বুলি গণ্য কৰা হয়।কিচমিচত অধিক পৰিমাণৰ এমিনো এচিড থাকে যিয়ে উচ্চ তীব্ৰতাসম্পন্ন ৱৰ্কআউটৰ পাছত পেশীবোৰ সুস্থ হৈ উঠাত সহায় কৰে।কিচমিচত আঁহ আৰু প্ৰ'বায়'টিক পোৱা যায়, যিয়ে স্বাস্থ্যকৰ বেক্টেৰিয়া সৃষ্টি কৰাত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণ কৰিব পাৰে।

কিচমিচত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যাৰ ফলত শৰীৰত থকা ছ’ডিয়ামৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। কিন্তু ইয়াৰ সম্পূৰ্ণ সুফল পাবলৈ পুৱা খালী পেটত কিচমিচৰ পানী খাব পাৰে আৰু ইয়াৰ পৰা শৰীৰে লাভ কৰিব অপৰিসীম উপকাৰিতা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ