--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল আহিল আৰু দেশৰ বেছিভাগ ঠাইতে ঠাণ্ডাই নিজৰ উপস্থিতি দেখুৱাবলৈ আৰম্ভ কৰিছে। শীতকালৰ লগত অহা ঠাণ্ডা বতাহে মানুহক কঁপাই তুলিছে। আপুনিও সেইসকল লোকৰ মাজৰ এজন নেকি যিয়ে অধিক ঠাণ্ডা অনুভৱ কৰে, তেন্তে কিছুমান ঘৰুৱা উপায়ে শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত অতি সহায় কৰিব। এইবোৰ গ্ৰহণ কৰিলে শৰীৰটো গৰম কৰি ৰখাই নহয় সুস্থ হৈও থাকিব পাৰিব। 

হালধি আৰু গাখীৰ

এগিলাচ গৰম গাখীৰত আধা চামুচ হালধি দি খাব। হালধিত এণ্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

আদা আৰু মৌ

এচামুচ সতেজ আদাৰ ৰস লৈ তাত আধা চামুচ মৌ মিহলাই খাব বা আদাৰ চাহ বনাই খাব। আদাই শৰীৰত তাপ উৎপন্ন কৰে আৰু মৌৱে শৰীৰক শক্তি প্ৰদান কৰে। চৰ্দি আৰু কাহৰ পৰাও ৰক্ষা কৰে।

ঘিউ আৰু মৌ

এচামুচ ঘিউ আৰু এচামুচ মৌ মিহলাই ৰাতিপুৱা খালী পেটত খাব লাগে। ই শৰীৰক ভিতৰৰ পৰা উষ্ণ কৰে আৰু হজম শক্তি শক্তিশালী কৰে।

তিল আৰু গুৰ

শীতকালত তিল আৰু গুৰ খোৱাটো বিশেষভাৱে উপকাৰী। এই দুটা মিহলাই খাওক বা তিল আৰু গুড়ৰ লাড়ু বনাই খাব পাৰে। তিল আৰু গুড়ে শীতকালত শৰীৰক উষ্ণ কৰি ৰাখে আৰু শক্তি প্ৰদান কৰে। গুড়েও তেজ শুদ্ধ কৰে।

মছলা চাহ

আদা, দালচেনি, ইলাচি, লং আৰু জালুক দি মছলা চাহ খাব। এই মছলাবোৰে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰে।

চূপ আৰু জোল

সতেজ সেউজীয়া পাতৰ শাক-পাচলিৰ চূপ বা মাংসৰ চূপ খাব পাৰে। চূপে শৰীৰক গৰম কৰি ৰখাত সহায় কৰে আৰু লগতে পুষ্টিও প্ৰদান কৰে।

গৰম পানী আৰু নিমখ

শীতকালত দিনটো গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। লগতে কেতিয়াবা ইয়াত এচিকুট নিমখ দিব। ই শৰীৰক জলসিঞ্চিত কৰি ৰাখে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ