--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত শৰীৰক অতিৰিক্ত যত্নৰ প্ৰয়োজন। উষ্ণতা হ্ৰাস পোৱাৰ বাবে সংক্ৰমণকে ধৰি বহু ৰোগৰ আশংকা বৃদ্ধি পায়। লগতে খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ABCৰ ৰস সেৱনে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰিব পাৰে।

আপেল(Apple), বীট(Beet) আৰু গাজৰ(Carrot)ৰ লগত অলপ নিমখ, আদা আৰু নেমুৰ ৰস মিহলাই ABC ৰস তৈয়াৰ কৰা হয়। এই ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে শীতকালত শৰীৰক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। ইয়াত আপুনি জানিব পাৰিব ঠাণ্ডা বতৰত ABC ৰস খোৱাৰ ৫ টা উপকাৰ-

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

ABCৰ ৰসত ভিটামিন চি থাকে, যিটো আপেল আৰু গাজৰত পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও শৰীৰক বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, যাৰ ফলত শীতকালত চৰ্দি আৰু ফ্লু প্ৰতিৰোধ কৰে।

ছালৰ গ্লো বৃদ্ধি কৰে

শীতকালত প্ৰায়ে ছাল শুকান আৰু নিৰ্জীৱ হৈ পৰে। এই ক্ষেত্ৰত ABCৰ ৰসত থকা ভিটামিন এ আৰু এন্টিঅক্সিডেন্টে ছালখন মেৰামতি কৰে। ই ছালখনক হাইড্ৰেটেড আৰু গ্ল’য়িং কৰি ৰখাত সহায় কৰে, যাৰ বাবে শীতকালতো আপোনাৰ মুখখন সতেজ দেখা যায়।

হজম শক্তি উন্নত কৰে

ABCৰ ৰসত থকা গাজৰ আৰু বীট দুয়োবিধতে প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয়। এই ৰসে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে আৰু অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে। এই ৰস সেৱনে পেটটো ভাল কৰি ৰখাত আৰু পাচন প্ৰক্ৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

শক্তিৰ মাত্ৰা বৃদ্ধি পায়

শীতকালত শৰীৰে প্ৰায়ে ভাগৰুৱা অনুভৱ কৰে আৰু শক্তিৰ মাত্ৰা কমি যাব পাৰে। ABCৰ ৰসত চেনিৰ প্ৰাকৃতিক উৎস থাকে। যিয়ে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে। এই ৰসে কেৱল সতেজতা দিয়াই নহয় গোটেই দিনটো শৰীৰক সক্ৰিয় কৰি ৰখাতো সহায় কৰে।

ওজন হ্ৰাস কৰাত সহায়ক

যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে ABCৰ ৰস অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। গাজৰ আৰু বীটৰ দৰে উপাদানত কেলৰি কম হোৱাই নহয়, ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। লগতে এই ৰস সেৱনে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু চৰ্বি জ্বলোৱাত সহায় কৰে, যিয়ে ওজন কমোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ