--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শুকান ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু শীতকালত খেজুৰ খাব পাৰিব নে নাই সেই লৈ বহু লোক প্ৰায়ে বিভ্ৰান্ত হৈ থকা দেখা যায়। সাধাৰণতে খেজুৰক শীতকালীন বাদাম বুলিও কোৱা হয়, শীতকাল অহাৰ লগে লগে বজাৰত খেজুৰৰ অভাৱ ঘটে, ইয়াৰ সেৱনে শৰীৰক উষ্ণতা প্ৰদান কৰে, খেজুৰত পোৱা পুষ্টিকৰ উপাদানে স্বাস্থ্যজনিত বহু সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰাখে। শীতকালত খেজুৰ খালে শৰীৰৰ বাবে কি কি উপকাৰ হয় আৰু কোনবোৰ ৰোগ নিয়ন্ত্ৰণত থাকে জানো আহক।

উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখে-

শীতকালত উষ্ণতা কম হয় যাৰ বাবে ৰক্তবাহী নলীবোৰ সাময়িকভাৱে সংকুচিত হয়, যাৰ ফলত তেজ সঠিকভাৱে যোগান ধৰাত সমস্যাৰ সৃষ্টি হয় আৰু এই অৱস্থাত ৰক্তচাপ বৃদ্ধি পায়। এনে পৰিস্থিতিত যদি আপুনি শীতকালত উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেন্তে দৈনিক খেজুৰ খোৱা অভ্যাস গঢ়ি তোলক।কাৰণ খেজুৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অতি ফলপ্ৰসূ।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে-

শীতকালত মিঠাইৰ প্ৰতি আসক্ত বাঢ়ি যায়। এনে পৰিস্থিতিত ডায়েবেটিছ বৃদ্ধি হোৱাৰ আশংকা থাকে, সেয়েহে আপুনিও দৈনিক একোটাকৈ খেজুৰ খোৱা অভ্যাস গঢ়ি তোলক। খেজুৰ মিঠা হ’লেও ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী, কাৰণ গ্লাইচেমিক ইনডেক্স ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী কৰি তোলে

 তেজৰ অভাৱ দূৰ কৰে-

শীতকালত বহু লোক ৰক্তহীনতাত ভোগে।সেয়েহে খেজুৰৰ সহায়ত ৰক্তহীনতা দূৰ কৰিব পাৰে।খেজুৰত যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায়।ইয়াত থকা আঁহ আৰু ভিটামিন-চি শৰীৰত আইৰণ আহৰণ সহায় কৰে।

হাড়বোৰ মজবুত কৰি ৰাখে-

পেশী আৰু হাড়ৰ সমস্যা প্ৰায়ে শীতকালত দেখা দিয়ে। এনে পৰিস্থিতিত খেজুৰ খোৱা অত্যন্ত উপযোগী।কাৰণ ইয়াত কেলচিয়াম, পটাছিয়াম, ফছফৰাছ, তাম আৰু মেগনেছিয়ামৰ মজুত থাকে, যিটো হাড়ৰ স্বাস্থ্যৰ বাবে উপকাৰী। বাতবিষ ৰোগীয়ে শীতকালত দৈনিক কমেও দুটা খেজুৰ খোৱা উচিত।

চৰ্দি-কাহৰ পৰা ৰক্ষা কৰে-

শীতকালত চৰ্দি-জ্বৰ আৰু কাহ আদি ভাইৰাছজনিত ৰোগসমূহ বৃদ্ধি পায়। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাত খেজুৰ অতি ফলপ্ৰসূ। ইয়াত থকা সকলো পুষ্টিকৰ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু ঋতুজনিত ৰোগসমূহ প্ৰতিৰোধ কৰিব পাৰে।

কোষ্ঠকাঠিন্যৰ বাবে উপকাৰী-

শীতকালত প্ৰায়ে কোষ্ঠকাঠিন্যৰ সমস্যাত বেছিকৈ হয়। এনে পৰিস্থিতিত প্ৰটিন আৰু আঁহযুক্ত খেজুৰ সেৱন কৰিব পাৰে। নিশা শুবলৈ যোৱাৰ আগতে কিছু খেজুৰ পানীত তিয়াই পুৱা খালী পেটত পানীখিনি খাব পাৰে। ই বিপাকীয় ক্ৰিয়া সঠিকভাৱে কাম কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ