--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যকৃৎ মানৱ শৰীৰৰ এক জৰুৰী অংগ৷ যকৃৎ কি আৰু ইয়াৰ লগত জড়িত ৰোগৰ বিষয়ে কেনেকৈ সচেতন হ’ব পাৰে জানেনে? ইয়াত আমি যকৃৎ আৰু যকৃতৰ লগত জড়িত ৰোগৰ বিষয়ে কেনেকৈ সজাগ হ’ব পাৰি সেই সম্পৰ্কে বিশ্লেষণ কৰিম। ইয়াৰ বাবে প্ৰথমে জানো আহক লিভাৰ কি! লিভাৰ হৈছে পেটৰ ওপৰৰ সোঁফালে অৱস্থিত ফুটবলৰ সমান অংগ। ইয়াৰ বহুতো কাম আছে, যেনে- পিত্ত উৎপাদন, বিলিৰুবিন শোষণ, চৰ্বি আৰু প্ৰটিন ভাঙি পেলোৱা, কাৰ্বহাইড্ৰেট জমা কৰা, তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই তেজ ফিল্টাৰ কৰি পৰিষ্কাৰ কৰা ইত্যাদি।

আপুনি জানি আচৰিত হ’ব যে যকৃত যদি ২৫%ও সুস্থ হয় তেন্তে ই নিজকে সম্পূৰ্ণৰূপে সোনকালে মেৰামতি কৰিব পাৰে। কিন্তু লিভাৰ চিৰ’ছিছ, যিটো অৱস্থাত লিভাৰ অস্বাস্থ্যকৰ হৈ পৰে, ইয়াৰ ফলত ভয়াৱহ পৰিণতিৰ সৃষ্টি হ’ব পাৰে। কিছুমান লক্ষণৰ সহায়ত আপুনি জানিব পাৰে যে আপুনি লিভাৰ চিৰ’ছিছত আক্ৰান্ত।

এনে কিছুমান লক্ষণ আছে যাৰ দ্বাৰা আপুনি প্ৰাৰম্ভিক পৰ্যায়তে লিভাৰ চিৰ’ছিছ বা যিকোনো ধৰণৰ লিভাৰ সম্পৰ্কীয় সমস্যা সহজেই ধৰা পেলাব পাৰে, যাৰ ফলত সঠিক সময়ত উপযুক্ত চিকিৎসা আৰম্ভ কৰাটো সহজ হ’ব। এটা সুস্থ যকৃত প্ৰথমে চৰ্বিযুক্ত যকৃতলৈ পৰিণত হয়, তাৰ পাছত লিভাৰ ফাইব্ৰ’ছিছৰ ৰূপ লয় আৰু শেষত যকৃতৰ চিৰ’ছিছলৈ পৰিণত হয়। ইয়াৰ পাছত শৰীৰত তলত দিয়া লক্ষণসমূহ দেখা যায়-

১/প্ৰথমতে ছাল আৰু চকুত হালধীয়া ৰং দেখা দিবলৈ আৰম্ভ কৰে, যাক জণ্ডিচ বুলিও কোৱা হয়।
২/ গাঢ় হালধীয়া ৰঙৰ প্ৰস্ৰাৱ
৩/ডাঠ বাদামী বা ৰক্তাক্ত মল
৪/বমি
৪/ বদহজম যেন লগা
৫/ভৰিৰ ফুল ফুলা
৬/ছালৰ খজুৱতি
৭/ভোক কমি যোৱা
৮/সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা
৯/পেটবিষ
১০/ দুৰ্বলতা
১১/গাঁঠিৰ বিষ
১২/ হঠাৎ ওজন কমি যোৱা

যদি আপুনিও এনে কোনো লক্ষণ কেইবাদিনো অনুভৱ কৰি আছে তেন্তে তৎক্ষণাত লিভাৰৰ কাৰ্যক্ষমতা পৰীক্ষা কৰি চিকিৎসকৰ সৈতে যোগাযোগ কৰক। এই পৰীক্ষাটোক চমুকৈ এল এফ টি বুলিও কোৱা হয়। এই পৰীক্ষাৰ জৰিয়তে আপুনি যকৃতৰ বিষয়ে সবিশেষ জানিব পাৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ