--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যকৃৎ মানৱ শৰীৰৰ এক জৰুৰী অংগ৷ যকৃৎ কি আৰু ইয়াৰ লগত জড়িত ৰোগৰ বিষয়ে কেনেকৈ সচেতন হ’ব পাৰে জানেনে? ইয়াত আমি যকৃৎ আৰু যকৃতৰ লগত জড়িত ৰোগৰ বিষয়ে কেনেকৈ সজাগ হ’ব পাৰি সেই সম্পৰ্কে বিশ্লেষণ কৰিম। ইয়াৰ বাবে প্ৰথমে জানো আহক লিভাৰ কি! লিভাৰ হৈছে পেটৰ ওপৰৰ সোঁফালে অৱস্থিত ফুটবলৰ সমান অংগ। ইয়াৰ বহুতো কাম আছে, যেনে- পিত্ত উৎপাদন, বিলিৰুবিন শোষণ, চৰ্বি আৰু প্ৰটিন ভাঙি পেলোৱা, কাৰ্বহাইড্ৰেট জমা কৰা, তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই তেজ ফিল্টাৰ কৰি পৰিষ্কাৰ কৰা ইত্যাদি।

আপুনি জানি আচৰিত হ’ব যে যকৃত যদি ২৫%ও সুস্থ হয় তেন্তে ই নিজকে সম্পূৰ্ণৰূপে সোনকালে মেৰামতি কৰিব পাৰে। কিন্তু লিভাৰ চিৰ’ছিছ, যিটো অৱস্থাত লিভাৰ অস্বাস্থ্যকৰ হৈ পৰে, ইয়াৰ ফলত ভয়াৱহ পৰিণতিৰ সৃষ্টি হ’ব পাৰে। কিছুমান লক্ষণৰ সহায়ত আপুনি জানিব পাৰে যে আপুনি লিভাৰ চিৰ’ছিছত আক্ৰান্ত।

এনে কিছুমান লক্ষণ আছে যাৰ দ্বাৰা আপুনি প্ৰাৰম্ভিক পৰ্যায়তে লিভাৰ চিৰ’ছিছ বা যিকোনো ধৰণৰ লিভাৰ সম্পৰ্কীয় সমস্যা সহজেই ধৰা পেলাব পাৰে, যাৰ ফলত সঠিক সময়ত উপযুক্ত চিকিৎসা আৰম্ভ কৰাটো সহজ হ’ব। এটা সুস্থ যকৃত প্ৰথমে চৰ্বিযুক্ত যকৃতলৈ পৰিণত হয়, তাৰ পাছত লিভাৰ ফাইব্ৰ’ছিছৰ ৰূপ লয় আৰু শেষত যকৃতৰ চিৰ’ছিছলৈ পৰিণত হয়। ইয়াৰ পাছত শৰীৰত তলত দিয়া লক্ষণসমূহ দেখা যায়-

১/প্ৰথমতে ছাল আৰু চকুত হালধীয়া ৰং দেখা দিবলৈ আৰম্ভ কৰে, যাক জণ্ডিচ বুলিও কোৱা হয়।
২/ গাঢ় হালধীয়া ৰঙৰ প্ৰস্ৰাৱ
৩/ডাঠ বাদামী বা ৰক্তাক্ত মল
৪/বমি
৪/ বদহজম যেন লগা
৫/ভৰিৰ ফুল ফুলা
৬/ছালৰ খজুৱতি
৭/ভোক কমি যোৱা
৮/সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা
৯/পেটবিষ
১০/ দুৰ্বলতা
১১/গাঁঠিৰ বিষ
১২/ হঠাৎ ওজন কমি যোৱা

যদি আপুনিও এনে কোনো লক্ষণ কেইবাদিনো অনুভৱ কৰি আছে তেন্তে তৎক্ষণাত লিভাৰৰ কাৰ্যক্ষমতা পৰীক্ষা কৰি চিকিৎসকৰ সৈতে যোগাযোগ কৰক। এই পৰীক্ষাটোক চমুকৈ এল এফ টি বুলিও কোৱা হয়। এই পৰীক্ষাৰ জৰিয়তে আপুনি যকৃতৰ বিষয়ে সবিশেষ জানিব পাৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক