--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শীতকাল আৰম্ভৰ লগে লগে স্বাস্থ্যজনিত বহুতো সমস্যাই দেখা দিয়ে। স্বাস্থ্য বিশেষজ্ঞৰ মতেও শীতকালত কিছুমান বিশেষ ৰোগৰ আশংকা বৃদ্ধি পায়। এনে পৰিস্থিতিত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ-সতৰ্ক হোৱা উচিত। শীতকালত কোনবোৰ ৰোগৰ আশংকা বৃদ্ধি পাই আৰু কেনে লোকে বিশেষভাৱে সতৰ্ক হোৱাটো আৱশ্যক জানো আহক।

শীতকালৰ ৰোগ-
শীতকালত বহু প্ৰকাৰৰ ভাইৰাছ আৰু বেক্টেৰিয়া সক্ৰিয় হৈ উঠে। এই বেক্টেৰিয়াবোৰ উশাহ-নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি অসুস্থ কৰি তোলে। ইয়াৰ বাবেই শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ অতি সোনকালে আৰু ব্যাপকভাৱে বিয়পি পৰে। এনে পৰিস্থিতিত চৰ্দিৰ লগতে হাওঁফাওঁৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়। ইয়াৰ উপৰি যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ এই বতৰত নিউমোনিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। শীতকালত ঠাণ্ডা আৰু শুকান বতাহৰ ফলত হাঁপানী আৰু ব্ৰংকাইটিছৰ দৰে ৰোগ বৃদ্ধি পোৱাৰ লগতে মাইগ্ৰেইনৰ বিষো অধিক দ্ৰুতগতিত আৰম্ভ হয়। ইতিমধ্যে মূৰৰ বিষ বা মাইগ্ৰেইনত ভুগি থকা লোকসকল এই বতৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বাহিৰেও যিসকল লোকৰ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকৰ বি পি এই বতৰত অধিক বৃদ্ধি পাব পাৰে। দৰাচলতে শীতকালত উষ্ণতা কম হোৱাৰ বাবে ৰক্তপৰিবাহী নলীবোৰ সাময়িকভাৱে পাতল হৈ পৰে, যাৰ বাবে বি পি বাঢ়ি যায় আৰু তেজৰ সঠিক প্ৰবাহত বাধাৰ সৃষ্টি হয়।

কেনে লোকে বিশেষভাৱে যতন লোৱা উচিত-
-শীতকালত যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেওঁলোকে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰা উচিত। উচ্চ বি পি ৰোগত আক্ৰান্তসকলেও বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। এই বতৰত সৰু ল’ৰা-ছোৱালী আৰু কেঁচুৱা সহজেই নিউমোনিয়া হয়, সেয়েহে ইয়াৰ প্ৰতি বিশেষ সাৱধানতা ল’ব লাগে। হাঁপানী, ব্ৰংকাইটিছ বা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকসকলেও শীতকালত অধিক সতৰ্ক হোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু