--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শীতকাল আৰম্ভৰ লগে লগে স্বাস্থ্যজনিত বহুতো সমস্যাই দেখা দিয়ে। স্বাস্থ্য বিশেষজ্ঞৰ মতেও শীতকালত কিছুমান বিশেষ ৰোগৰ আশংকা বৃদ্ধি পায়। এনে পৰিস্থিতিত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ-সতৰ্ক হোৱা উচিত। শীতকালত কোনবোৰ ৰোগৰ আশংকা বৃদ্ধি পাই আৰু কেনে লোকে বিশেষভাৱে সতৰ্ক হোৱাটো আৱশ্যক জানো আহক।

শীতকালৰ ৰোগ-
শীতকালত বহু প্ৰকাৰৰ ভাইৰাছ আৰু বেক্টেৰিয়া সক্ৰিয় হৈ উঠে। এই বেক্টেৰিয়াবোৰ উশাহ-নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি অসুস্থ কৰি তোলে। ইয়াৰ বাবেই শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ অতি সোনকালে আৰু ব্যাপকভাৱে বিয়পি পৰে। এনে পৰিস্থিতিত চৰ্দিৰ লগতে হাওঁফাওঁৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়। ইয়াৰ উপৰি যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ এই বতৰত নিউমোনিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। শীতকালত ঠাণ্ডা আৰু শুকান বতাহৰ ফলত হাঁপানী আৰু ব্ৰংকাইটিছৰ দৰে ৰোগ বৃদ্ধি পোৱাৰ লগতে মাইগ্ৰেইনৰ বিষো অধিক দ্ৰুতগতিত আৰম্ভ হয়। ইতিমধ্যে মূৰৰ বিষ বা মাইগ্ৰেইনত ভুগি থকা লোকসকল এই বতৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বাহিৰেও যিসকল লোকৰ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকৰ বি পি এই বতৰত অধিক বৃদ্ধি পাব পাৰে। দৰাচলতে শীতকালত উষ্ণতা কম হোৱাৰ বাবে ৰক্তপৰিবাহী নলীবোৰ সাময়িকভাৱে পাতল হৈ পৰে, যাৰ বাবে বি পি বাঢ়ি যায় আৰু তেজৰ সঠিক প্ৰবাহত বাধাৰ সৃষ্টি হয়।

কেনে লোকে বিশেষভাৱে যতন লোৱা উচিত-
-শীতকালত যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেওঁলোকে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰা উচিত। উচ্চ বি পি ৰোগত আক্ৰান্তসকলেও বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। এই বতৰত সৰু ল’ৰা-ছোৱালী আৰু কেঁচুৱা সহজেই নিউমোনিয়া হয়, সেয়েহে ইয়াৰ প্ৰতি বিশেষ সাৱধানতা ল’ব লাগে। হাঁপানী, ব্ৰংকাইটিছ বা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকসকলেও শীতকালত অধিক সতৰ্ক হোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ