--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যভ্যাসৰ ফলত ওজন বৃদ্ধি আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে শৰীৰত থাইৰয়ডৰ সমস্যা বৃদ্ধি পাইছে। মহিলাৰ বয়স বাঢ়ি অহাৰ লগে লগে থাইৰয়ড বৃদ্ধি বা হ্ৰাসৰ সমস্যাৰ বাঢ়ি যায়। থাইৰয়ড দুই প্ৰকাৰৰ- হাইপ’থাইৰয়ড আৰু হাইপাৰথাইৰয়ডিজম। যদি আপুনি থাইৰয়ড ৰোগী আৰু প্ৰতিদিনে পুৱা ঔষধ খাব নিবিচাৰে তেন্তে খাদ্যৰ কিছু পৰিৱৰ্তন কৰি এই সমস্যা সমাধান কৰিব পাৰি। থাইৰয়ডৰ লক্ষণ আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।

১. যষ্টিমধু- থাইৰয়ড ৰোগীৰ বাবে যষ্টিমধু অতি উপকাৰী। ই থাইৰয়ড নিয়ন্ত্ৰণত সহায় কৰাৰ লগতে ভাগৰ আৰু দুৰ্বলতা দূৰ কৰে। যষ্টিমধুত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যি থাইৰয়ডৰ সমস্যা দূৰ কৰাত সহায় কৰে।

২. আমলখি- আমলখি শীতকালত হোৱা এবিধ ফল। ইয়াৰ দ্বাৰা থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু থাইৰয়ড দৰে সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আমলখি আশীৰ্বাদতকৈ কম নহয়।

৩. দুগ্ধজাত সামগ্ৰী- থাইৰয়ড ৰোগীসকলে তেওঁলোকৰ দৈনিক খাদ্য তালিকাত দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত কৰা উচিত। পনিৰ, গাখীৰ, দৈ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীয়ে থাইৰয়ড হ্ৰাস কৰি শৰীৰত কেলচিয়াম, ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰাত সহায় কৰে।

৪. নাৰিকল- থাইৰয়ড নিয়ন্ত্ৰণত নাৰিকল অতি ফলপ্ৰসূ বুলিও প্ৰমাণিত হয়। প্ৰতিদিনে পুৱা নাৰিকল খালে বিপাকীয় ক্ৰিয়া শক্তিশালী হয় আৰু থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰে।

থাইৰয়ডৰ লক্ষণ-
* দ্ৰুত ওজন হ্ৰাস বা বৃদ্ধি
* হাত-ভৰি কঁপি থকা
* চুলি সৰা
* নিদ্ৰাহীনতা
* পেশীৰ বিষ
* অধিক ভোকলগা
* স্নায়বিকতা আৰু খিংখিঙীয়া হোৱা
* অত্যধিক ঘাম ওলোৱা
* অনিয়মিত মাহেকীয়া


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ