--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ সমাজত শিক্ষক-শিক্ষয়িত্ৰীক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হয়। কাৰণ শৈশৱৰ পৰাই তেওঁলোকে শিক্ষাৰ জৰিয়তে এজন ছাত্ৰক সঠিক পথ দেখুৱাই আহিছে। মানুহ যিমানেই সমৃদ্ধিশালী নহওক কিয়, শিক্ষা অবিহনে তেওঁৰ জীৱনটো সম্পূৰ্ণ অন্ধকাৰ। সেয়েহে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ আছে গুৰুদায়িত্ব। কাৰণ তেওঁলোকৰ পৰাই জীৱনৰ আদিপাঠ শিকি আৰম্ভ হয় জীৱনযাত্ৰা। গতিকে পিতৃ-মাতৃৰ পাছতেই শিক্ষকসকলক স্থান দিয়া হয় আমাৰ সমাজত।

 উল্লেখ্য যে, সদ্যহতে ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে শ্ৰেণীকোঠাত হিন্দী গীতৰ তালত নৃত্য কৰি আছে এজন ছাত্ৰ আৰু এগৰাকী শিক্ষয়িত্ৰী। 'আশিকী-২' চিনেমাৰ পৰা অৰিজিত সিঙে কণ্ঠদান কৰা 'তুম হি হো' গীতটিত নৃত্য কৰি আছে। বিদ্যালয়ৰ পোছাক পৰিধান কৰা ছাত্ৰজনে আৰু শিক্ষয়্ত্ৰীগৰাকীয়ে পৰিধান কৰিছে নীলা ৰঙৰ এখন শাৰী। সেই সময়ত শ্ৰেণীকোঠাত অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু সকলোৱে হাত চাপৰি বজাই, চিঞৰি তেওঁলোকক উৎসাহিত কৰা দৃশ্য ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈছে।

 ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ই এক নতুন বিতৰ্কৰ সৃষ্টি কৰে। বহুতৰে মতে, শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত এনে নৃত্য প্ৰদৰ্শন কৰাটো ভাল হোৱা নাছিল। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি মন্তব্য কৰে। আৰু বহুতেই শিক্ষকজনে একো ভুল কৰা নাই বুলিও মন্তব্য কৰে। কাৰণ শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হ’ব লাগে। অপ্ৰয়োজনীয়ভাৱে বিষয়টো বিতৰ্কৰ মাজলৈ লৈ যোৱাটো উচিত নহয় বুলিও একাংশই মন্তব্য কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ