--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ সমাজত শিক্ষক-শিক্ষয়িত্ৰীক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হয়। কাৰণ শৈশৱৰ পৰাই তেওঁলোকে শিক্ষাৰ জৰিয়তে এজন ছাত্ৰক সঠিক পথ দেখুৱাই আহিছে। মানুহ যিমানেই সমৃদ্ধিশালী নহওক কিয়, শিক্ষা অবিহনে তেওঁৰ জীৱনটো সম্পূৰ্ণ অন্ধকাৰ। সেয়েহে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ আছে গুৰুদায়িত্ব। কাৰণ তেওঁলোকৰ পৰাই জীৱনৰ আদিপাঠ শিকি আৰম্ভ হয় জীৱনযাত্ৰা। গতিকে পিতৃ-মাতৃৰ পাছতেই শিক্ষকসকলক স্থান দিয়া হয় আমাৰ সমাজত।

 উল্লেখ্য যে, সদ্যহতে ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে শ্ৰেণীকোঠাত হিন্দী গীতৰ তালত নৃত্য কৰি আছে এজন ছাত্ৰ আৰু এগৰাকী শিক্ষয়িত্ৰী। 'আশিকী-২' চিনেমাৰ পৰা অৰিজিত সিঙে কণ্ঠদান কৰা 'তুম হি হো' গীতটিত নৃত্য কৰি আছে। বিদ্যালয়ৰ পোছাক পৰিধান কৰা ছাত্ৰজনে আৰু শিক্ষয়্ত্ৰীগৰাকীয়ে পৰিধান কৰিছে নীলা ৰঙৰ এখন শাৰী। সেই সময়ত শ্ৰেণীকোঠাত অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু সকলোৱে হাত চাপৰি বজাই, চিঞৰি তেওঁলোকক উৎসাহিত কৰা দৃশ্য ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈছে।

 ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ই এক নতুন বিতৰ্কৰ সৃষ্টি কৰে। বহুতৰে মতে, শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত এনে নৃত্য প্ৰদৰ্শন কৰাটো ভাল হোৱা নাছিল। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি মন্তব্য কৰে। আৰু বহুতেই শিক্ষকজনে একো ভুল কৰা নাই বুলিও মন্তব্য কৰে। কাৰণ শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হ’ব লাগে। অপ্ৰয়োজনীয়ভাৱে বিষয়টো বিতৰ্কৰ মাজলৈ লৈ যোৱাটো উচিত নহয় বুলিও একাংশই মন্তব্য কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ