--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে কোভিডৰ সংক্ৰমণ ভালি খিনি কমি গৈছে যদিও দেশত এতিয়া হ্ৰাস পোৱা নাই সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা৷ ইয়াৰ মাজতে ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধী আজি কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। আজি দেশত কোভিডৰ  সংক্ৰমণ অলপ হ্ৰাস পাইছে। বিগত  কেইদিনমানৰ  পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে  সংক্ৰমণৰ হাৰ লাহে লাহে কমি আহিছে। 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১৬,০৪৭ জন লোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। কালি, সংখ্যাটো  ১৩,০০০ -ৰ তললৈ নামি গৈছিল। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা পুনৰ মাৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁ তিনি মাহত দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত   হৈছে। তেওঁ বৰ্তমান ঘৰতে আনৰ পৰা নিজকে নিলগাই ৰাখিছে । 

ইপিনে যোৱা ২৪  ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা  সামান্য হ্ৰাস পাইছে। বৰ্তমান দেশত ১,২৮,২৬১  গৰাকী  সক্ৰিয় কোভিড ৰোগী আছে। দেশত কোভিড পজিটিভিটিৰ  হাৰ ০.২৯ শতাংশ হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য  অনুসৰি, ভাৰতত এদিনতে ৫৪ জন লোকে কোভিডত প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত কোভিড-১৯ ৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫ লাখ ২৬ হাজাৰ ৮২৬।

যদিও দেশৰ বেছিভাগ ৰাজ্যত সংক্ৰমণ নিয়ন্ত্ৰণ হৈছে তথাপি  ৰাজধানী দিল্লীৰ কৰোনা গ্ৰাফে নতুনকৈ উদ্বেগজনৰ সৃষ্টি কৰিছে৷  এদিনতে ৰাজধানী চহৰ খনত  প্ৰায় আঢ়ৈ হাজাৰ লোক কোভিডত  সংক্ৰমিত হৈছে। ২৪ ঘণ্টাত দিল্লীত সাতজন লোকে কোভিডত প্ৰাণ হেৰুৱাইছে। মহাৰাষ্ট্ৰতো  যোৱা ২৪ ঘণ্টাত প্ৰায় ১,৮০০ গৰাকী  লোক কোভিডত সংক্ৰমিত হৈছে। কেৰালা, তামিলনাডু, কৰ্ণাটকৰ দৰে ৰাজ্যৰ কৰোনা পৰিসংখ্যা এতিয়াও উদ্বেগজনক হৈয়েই আছে।

পৰিসংখ্যা অনুসৰি এতিয়ালৈকে দেশত ৪ কোটি ৩৫ লাখ ৩৫ হাজাৰ ৬১০ গৰাকী লোকে কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। ইয়াৰ ভিতৰত এদিনত ১৯,৫৩৯ জন লোক আৰোগ্য হৈছে। আৰোগ্য লাভৰ  হাৰ হৈছে  ৯৮.৫২ শতাংশ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত ২০৭  কোটিৰো অধিক কৰোনা ভেকছিন প্ৰদান কৰা হৈছে। যোৱা ২৪  ঘণ্টাত  ১৫ লাখৰো অধিক লোকক টিকাকৰণ কৰা হৈছে। 

১৮ বছৰৰ ওপৰৰ লোকসকলক বিনামূলীয়া বুষ্টাৰ পালি প্ৰদান কৰাৰ অভিযানো সম্পূৰ্ণ ৰূপত চলি আছে। টিকাকৰণৰ উপৰি  কৰোনা ৰোগী চিনাক্ত কৰাৰ বাবে পৰীক্ষাৰ বিষয়তো গুৰুত্ব দিয়া হৈছে। বিগত ২৪ ঘণ্টাত  মুঠ এক লাখ ২২ হাজাৰ ৬৫৭ টা নমুনা পৰীক্ষা কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ