--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে কোভিডৰ সংক্ৰমণ ভালি খিনি কমি গৈছে যদিও দেশত এতিয়া হ্ৰাস পোৱা নাই সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা৷ ইয়াৰ মাজতে ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধী আজি কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। আজি দেশত কোভিডৰ  সংক্ৰমণ অলপ হ্ৰাস পাইছে। বিগত  কেইদিনমানৰ  পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে  সংক্ৰমণৰ হাৰ লাহে লাহে কমি আহিছে। 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১৬,০৪৭ জন লোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। কালি, সংখ্যাটো  ১৩,০০০ -ৰ তললৈ নামি গৈছিল। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা পুনৰ মাৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁ তিনি মাহত দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত   হৈছে। তেওঁ বৰ্তমান ঘৰতে আনৰ পৰা নিজকে নিলগাই ৰাখিছে । 

ইপিনে যোৱা ২৪  ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা  সামান্য হ্ৰাস পাইছে। বৰ্তমান দেশত ১,২৮,২৬১  গৰাকী  সক্ৰিয় কোভিড ৰোগী আছে। দেশত কোভিড পজিটিভিটিৰ  হাৰ ০.২৯ শতাংশ হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য  অনুসৰি, ভাৰতত এদিনতে ৫৪ জন লোকে কোভিডত প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত কোভিড-১৯ ৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫ লাখ ২৬ হাজাৰ ৮২৬।

যদিও দেশৰ বেছিভাগ ৰাজ্যত সংক্ৰমণ নিয়ন্ত্ৰণ হৈছে তথাপি  ৰাজধানী দিল্লীৰ কৰোনা গ্ৰাফে নতুনকৈ উদ্বেগজনৰ সৃষ্টি কৰিছে৷  এদিনতে ৰাজধানী চহৰ খনত  প্ৰায় আঢ়ৈ হাজাৰ লোক কোভিডত  সংক্ৰমিত হৈছে। ২৪ ঘণ্টাত দিল্লীত সাতজন লোকে কোভিডত প্ৰাণ হেৰুৱাইছে। মহাৰাষ্ট্ৰতো  যোৱা ২৪ ঘণ্টাত প্ৰায় ১,৮০০ গৰাকী  লোক কোভিডত সংক্ৰমিত হৈছে। কেৰালা, তামিলনাডু, কৰ্ণাটকৰ দৰে ৰাজ্যৰ কৰোনা পৰিসংখ্যা এতিয়াও উদ্বেগজনক হৈয়েই আছে।

পৰিসংখ্যা অনুসৰি এতিয়ালৈকে দেশত ৪ কোটি ৩৫ লাখ ৩৫ হাজাৰ ৬১০ গৰাকী লোকে কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। ইয়াৰ ভিতৰত এদিনত ১৯,৫৩৯ জন লোক আৰোগ্য হৈছে। আৰোগ্য লাভৰ  হাৰ হৈছে  ৯৮.৫২ শতাংশ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত ২০৭  কোটিৰো অধিক কৰোনা ভেকছিন প্ৰদান কৰা হৈছে। যোৱা ২৪  ঘণ্টাত  ১৫ লাখৰো অধিক লোকক টিকাকৰণ কৰা হৈছে। 

১৮ বছৰৰ ওপৰৰ লোকসকলক বিনামূলীয়া বুষ্টাৰ পালি প্ৰদান কৰাৰ অভিযানো সম্পূৰ্ণ ৰূপত চলি আছে। টিকাকৰণৰ উপৰি  কৰোনা ৰোগী চিনাক্ত কৰাৰ বাবে পৰীক্ষাৰ বিষয়তো গুৰুত্ব দিয়া হৈছে। বিগত ২৪ ঘণ্টাত  মুঠ এক লাখ ২২ হাজাৰ ৬৫৭ টা নমুনা পৰীক্ষা কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান