--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই গোচৰটো এতিয়া মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কাৰ্যালয় পাইছেগৈ। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযুক্ত অটো চালকজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ (Attempt to murder) ধাৰা ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰত এগৰাকী অটো চালকে ৰাজপথত পিক পেলাই থকাৰ সময়ত বাধা দিয়া এজন জ্যেষ্ঠ নাগৰিকক নিৰ্মমভাৱে মাৰপিট কৰাৰ এক উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে। এই ঘটনাই ৰাজহুৱা স্থানত সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু নাগৰিক দায়িত্ববোধৰ অভাৱক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।


প্ৰকাশিত খবৰ অনুসৰি, এই ঘটনাটো মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে। বৃদ্ধজনে কেৱল চালকজনক ৰাজহুৱা স্থানত থু আৰু পিক নেপেলাবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছিল। কিন্তু এই সৰল অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে, অটো চালকজনে আক্ৰমণাত্মক হৈ পৰে আৰু বৃদ্ধজনক শাৰীৰিকভাৱে মাৰপিট কৰে। এই আক্ৰমণৰ ফলত বৃদ্ধজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ এখন ভৰি ভাগি গৈছে।


এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ই ব্যাপক চৰ্চালৈ আহে আৰু স্থানীয় বাসিন্দা তথা ৰাজনৈতিক নেতাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।


এই গোচৰটো এতিয়া মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কাৰ্যালয় পাইছেগৈ। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযুক্ত অটো চালকজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ (Attempt to murder) ধাৰা ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। 


ঘটনাৰ সময়ত জ্যেষ্ঠ নাগৰিকজনৰ সৈতে তেওঁৰ পত্নীও আছিল। তেওঁ চালকজনক ৰাজহুৱা স্থানত থু নেপেলাবলৈ অনুৰোধ কৰিছিল, যাৰ ফলত দুয়োপক্ষৰ মাজত কথাৰ কটা-কটি হয় আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে।


আহত ভুক্তভোগী বৃদ্ধজনক সৰোজ দস্তুৰ বুলি চিনাক্ত কৰা হৈছে, বয়স প্ৰায় ৭৫-৭৬ বছৰ। তেওঁৰ পত্নী ৰাধিকা এছ দস্তুৰৰ বয়স প্ৰায় ৭০-৭২ বছৰ। তেওঁলোকে জুপিটাৰ হাস্পতালৰ ওচৰৰে এটা হাউছিং ছ’চাইটিত বসবাস কৰে। অভিযুক্ত অটো চালকজনৰ নাম নিশান্ত শুক্লা(৪০)।


প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আৰু পৰৱৰ্তী সময়ত ভাইৰেল হোৱা ভিডিঅ’ ফুটেজ অনুসৰি তৰ্কৰ সময়ত নিশান্ত শুক্লা অতি আক্ৰমণাত্মক হৈ পৰিছিল।


কাজিয়াখনৰ মাজতে চালকজনে বৃদ্ধজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে জোৰেৰে ঠেলা মাৰি দিয়ে। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে যেতিয়া তেওঁ এটা ডাঙৰ শিল তুলি লৈ জ্যেষ্ঠ নাগৰিকজনৰ গালৈ দলিয়াই দিয়ে। এই আক্ৰমণৰ ফলত দস্তুৰৰ এখন ভৰি ভাঙি যায় আৰু শৰীৰৰ অন্যান্য অংশতো আঘাত পায়, বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। এই ধৰণৰ ঘটনাই জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে। 


এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিয়পি পৰাৰ লগে লগে ই ব্যাপক ক্ষোভৰ সৃষ্টি কৰে আৰু স্থানীয় বাসিন্দাৰ লগতে ৰাজনৈতিক কৰ্মীসকলৰো দৃষ্টি আকৰ্ষণ কৰে। সকলোৱে একমুখে অটো চালক নিশান্ত শুক্লাৰ কঠোৰ শাস্তিৰ দাবী কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু