--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই গোচৰটো এতিয়া মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কাৰ্যালয় পাইছেগৈ। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযুক্ত অটো চালকজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ (Attempt to murder) ধাৰা ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰত এগৰাকী অটো চালকে ৰাজপথত পিক পেলাই থকাৰ সময়ত বাধা দিয়া এজন জ্যেষ্ঠ নাগৰিকক নিৰ্মমভাৱে মাৰপিট কৰাৰ এক উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে। এই ঘটনাই ৰাজহুৱা স্থানত সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু নাগৰিক দায়িত্ববোধৰ অভাৱক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।


প্ৰকাশিত খবৰ অনুসৰি, এই ঘটনাটো মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে। বৃদ্ধজনে কেৱল চালকজনক ৰাজহুৱা স্থানত থু আৰু পিক নেপেলাবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছিল। কিন্তু এই সৰল অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে, অটো চালকজনে আক্ৰমণাত্মক হৈ পৰে আৰু বৃদ্ধজনক শাৰীৰিকভাৱে মাৰপিট কৰে। এই আক্ৰমণৰ ফলত বৃদ্ধজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ এখন ভৰি ভাগি গৈছে।


এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ই ব্যাপক চৰ্চালৈ আহে আৰু স্থানীয় বাসিন্দা তথা ৰাজনৈতিক নেতাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।


এই গোচৰটো এতিয়া মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কাৰ্যালয় পাইছেগৈ। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযুক্ত অটো চালকজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ (Attempt to murder) ধাৰা ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। 


ঘটনাৰ সময়ত জ্যেষ্ঠ নাগৰিকজনৰ সৈতে তেওঁৰ পত্নীও আছিল। তেওঁ চালকজনক ৰাজহুৱা স্থানত থু নেপেলাবলৈ অনুৰোধ কৰিছিল, যাৰ ফলত দুয়োপক্ষৰ মাজত কথাৰ কটা-কটি হয় আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে।


আহত ভুক্তভোগী বৃদ্ধজনক সৰোজ দস্তুৰ বুলি চিনাক্ত কৰা হৈছে, বয়স প্ৰায় ৭৫-৭৬ বছৰ। তেওঁৰ পত্নী ৰাধিকা এছ দস্তুৰৰ বয়স প্ৰায় ৭০-৭২ বছৰ। তেওঁলোকে জুপিটাৰ হাস্পতালৰ ওচৰৰে এটা হাউছিং ছ’চাইটিত বসবাস কৰে। অভিযুক্ত অটো চালকজনৰ নাম নিশান্ত শুক্লা(৪০)।


প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আৰু পৰৱৰ্তী সময়ত ভাইৰেল হোৱা ভিডিঅ’ ফুটেজ অনুসৰি তৰ্কৰ সময়ত নিশান্ত শুক্লা অতি আক্ৰমণাত্মক হৈ পৰিছিল।


কাজিয়াখনৰ মাজতে চালকজনে বৃদ্ধজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে জোৰেৰে ঠেলা মাৰি দিয়ে। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে যেতিয়া তেওঁ এটা ডাঙৰ শিল তুলি লৈ জ্যেষ্ঠ নাগৰিকজনৰ গালৈ দলিয়াই দিয়ে। এই আক্ৰমণৰ ফলত দস্তুৰৰ এখন ভৰি ভাঙি যায় আৰু শৰীৰৰ অন্যান্য অংশতো আঘাত পায়, বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। এই ধৰণৰ ঘটনাই জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে। 


এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিয়পি পৰাৰ লগে লগে ই ব্যাপক ক্ষোভৰ সৃষ্টি কৰে আৰু স্থানীয় বাসিন্দাৰ লগতে ৰাজনৈতিক কৰ্মীসকলৰো দৃষ্টি আকৰ্ষণ কৰে। সকলোৱে একমুখে অটো চালক নিশান্ত শুক্লাৰ কঠোৰ শাস্তিৰ দাবী কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ