--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছে। প্ৰায়ে যিকোনো বিষয়ত বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাটো অভিনেত্ৰীগৰাকীৰ অভ্যাসত পৰিণত হৈছে। ভাৰতৰ স্বাধীনতা, মহাত্মা গান্ধীক উদ্দেশ্য বিতৰ্কিত মন্তব্য কৰাৰ পাছত কংগনাই শেহতীয়াকৈ শিখ সম্প্ৰদায়ৰ কৃষকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণা কৰাৰ পিছতে অভিনেত্রী কংগনাই ইনষ্টাগ্রাম আৰু টুইটাৰত কৃষক প্রতিবাদীৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, শিখ সম্প্রদায়ৰ কৃষকক খালিস্তানীৰ সৈতে তুলনা কৰি অশোভনীয় মন্তব্য আগবঢ়াইছে৷

কংগনাই ইচ্ছাকৃতভাৱে কৃষক আন্দোলনক খলিস্তানী আন্দোলন বুলি অভিহিত কৰিছে। কংগনাৰ এই মন্তব্যই শিখ সম্প্ৰদায়ৰ অনুভূতিক তীব্ৰ আঘাত সানিছে। ভাৰতীয় অন্নদাতা কৃষকসকলক খলিস্তানী বুলি কৈ কংগনাই কৃষকসমাজক কৰিলে ঘোৰ অপমান। শিখ কৃষকসকলে কংগনা ৰাণাৱটৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে। অভিনেত্ৰীগৰাকীৰ বক্তব্যক লৈ এতিয়া মুম্বাইত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। ইয়াৰ পূৰ্বে এটা শিখ সংগঠনে মুম্বাইত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে শিখ সম্প্ৰদায়ক লৈ আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সংগঠনটোৱে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈও চিঠি লিখি কংগনাক প্ৰদান কৰা পদ্মশ্ৰী বঁটা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল।

সমগ্র শিখ সম্প্রদায়ক খালিস্তানীৰ সৈতে তুলনা কৰাৰ লগতে প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে খালিস্তানীক ভৰিৰে মোহাৰিছিল বুলি ইনষ্টাগ্রামত কৰা বিতর্কিত মন্তব্যৰ বাবে অভিনেত্রী কংগনাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শিখ সম্প্রদায়৷ দেশৰ বিভিন্ন প্রান্তত অভিনেত্রীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ শিখ সম্প্রদায়ৰ লোকে এজাহাৰ দাখিল কৰিছে৷ আকালী দলৰ নেতা মনজিন্দৰ সিং ছিৰছাই অভিনেত্রী কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷

ছিৰছাই কংগনাক হয় কাৰগাৰ নহয় মানসিক চিকিৎসালয়লৈ প্রেৰণ কৰক বুলি দাবী জনাইছে৷ দিল্লী শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা কমিটীয়ে ৰানাৱটে ইচ্ছাকৃতভাৱে কৃষকৰ প্রতিবাদক খালিস্তানী বিদ্রোহৰ সৈতে তুলনা কৰি সমগ্র শিখ সম্প্রদায়ক অপমান কৰিছে বুলি অভিযোগ কৰি থানাত এজাহাৰ দাখিল কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে