--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছে। প্ৰায়ে যিকোনো বিষয়ত বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাটো অভিনেত্ৰীগৰাকীৰ অভ্যাসত পৰিণত হৈছে। ভাৰতৰ স্বাধীনতা, মহাত্মা গান্ধীক উদ্দেশ্য বিতৰ্কিত মন্তব্য কৰাৰ পাছত কংগনাই শেহতীয়াকৈ শিখ সম্প্ৰদায়ৰ কৃষকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণা কৰাৰ পিছতে অভিনেত্রী কংগনাই ইনষ্টাগ্রাম আৰু টুইটাৰত কৃষক প্রতিবাদীৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, শিখ সম্প্রদায়ৰ কৃষকক খালিস্তানীৰ সৈতে তুলনা কৰি অশোভনীয় মন্তব্য আগবঢ়াইছে৷

কংগনাই ইচ্ছাকৃতভাৱে কৃষক আন্দোলনক খলিস্তানী আন্দোলন বুলি অভিহিত কৰিছে। কংগনাৰ এই মন্তব্যই শিখ সম্প্ৰদায়ৰ অনুভূতিক তীব্ৰ আঘাত সানিছে। ভাৰতীয় অন্নদাতা কৃষকসকলক খলিস্তানী বুলি কৈ কংগনাই কৃষকসমাজক কৰিলে ঘোৰ অপমান। শিখ কৃষকসকলে কংগনা ৰাণাৱটৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে। অভিনেত্ৰীগৰাকীৰ বক্তব্যক লৈ এতিয়া মুম্বাইত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। ইয়াৰ পূৰ্বে এটা শিখ সংগঠনে মুম্বাইত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে শিখ সম্প্ৰদায়ক লৈ আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সংগঠনটোৱে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈও চিঠি লিখি কংগনাক প্ৰদান কৰা পদ্মশ্ৰী বঁটা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল।

সমগ্র শিখ সম্প্রদায়ক খালিস্তানীৰ সৈতে তুলনা কৰাৰ লগতে প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে খালিস্তানীক ভৰিৰে মোহাৰিছিল বুলি ইনষ্টাগ্রামত কৰা বিতর্কিত মন্তব্যৰ বাবে অভিনেত্রী কংগনাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শিখ সম্প্রদায়৷ দেশৰ বিভিন্ন প্রান্তত অভিনেত্রীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ শিখ সম্প্রদায়ৰ লোকে এজাহাৰ দাখিল কৰিছে৷ আকালী দলৰ নেতা মনজিন্দৰ সিং ছিৰছাই অভিনেত্রী কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷

ছিৰছাই কংগনাক হয় কাৰগাৰ নহয় মানসিক চিকিৎসালয়লৈ প্রেৰণ কৰক বুলি দাবী জনাইছে৷ দিল্লী শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা কমিটীয়ে ৰানাৱটে ইচ্ছাকৃতভাৱে কৃষকৰ প্রতিবাদক খালিস্তানী বিদ্রোহৰ সৈতে তুলনা কৰি সমগ্র শিখ সম্প্রদায়ক অপমান কৰিছে বুলি অভিযোগ কৰি থানাত এজাহাৰ দাখিল কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক