--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহৰ দ্বাৰা, মানুহৰ বাবে, মানুহৰ চৰকাৰ। গণতন্ত্ৰৰ মূলমন্ত্ৰ যথাৰ্থত বৰ্তি আছেনে? চৰকাৰৰ ভুল আঙুলিয়ালেই জাপি দিয়া হয় ৰাষ্ট্ৰদ্ৰোহৰ দৰে দোষ। আন্দোলন কৰিলেই জপিয়াই পৰে আৰক্ষী, এনআইএ, চৰকাৰ। একপ্ৰকাৰ কণ্ঠৰূদ্ধ কৰি দিয়া হৈছে গণতান্ত্ৰিক দেশৰ প্ৰজাৰ। মৌলিক অধিকাৰ খৰ্ব হোৱাৰ পৰ্যায় পাইছেগৈ এই মুলুকত। তেনেক্ষেত্ৰত আন্দোলনৰ শক্তি কিমান? ফেচীবাদী চৰকাৰক তলাব পাৰিবনে প্ৰতিবাদী জনতাৰ উদ্বেলিত কণ্ঠই?

২০১৪ চনত চৰকাৰ গঠন কৰিয়েই একপক্ষীয় সিদ্ধান্তৰে একেনিশাই বিমুদ্ৰাকৰণ নীতি কাৰ্যকৰী কৰিছিল নৰেন্দ্ৰ মোদীয়ে। যি সিদ্ধান্তৰ নেতিবাচক ফল আজিও ভুগি আছে দেশৰ জনসাধাৰণে। একপ্ৰকাৰ বিধ্বস্ত হৈছে ভাৰতীয় অৰ্থনীতি। প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য কমি গৈছে অভাৱনীয় হাৰত। ইয়াৰ পাছত আনিলে জিএছটি। সকলো ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিবলৈ মধ্যৰাতি আহ্বান কৰিলে কেবিনেট বৈঠক। খোজেপ্ৰতি চৰকাৰক কৰ সোধাব লাগিব খাটিখোৱা জনতাই। ক'লাধন ওভতাই আনি দেশৰ উন্নয়ন ত্বৰান্নিত কৰাৰ সপোন দেখুৱাই দিয়া মোদীৰ ভাষণ এতিয়া মাথো ইউটিউবত উপলব্ধ। হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ উধাও হ'ল দেশৰ কেইবাজনো প্ৰভাৱশালী উদ্যোগপতি। ইয়াৰ বিৰূদ্ধে মাত মাতিলেই জগৰ লাগে চৰকাৰৰ, জাপি দিয়ে দোষ-গোচৰ। তাৰ মাজতো গণতান্ত্ৰিক দেশৰ উপলব্ধি দিয়াবলৈ বিভিন্ন সময়ত দেশৰ নাগৰিকে মাতি গৈছে অন্যায়-অবিচাৰৰ বিৰুদ্ধে মাত, কৰি গৈছে আন্দোলন। ব্ৰিটিছ শাসনত স্বাধীনতা আন্দোলনত ভাগ লৈ কাৰাবাস খটাৰ লেখিয়া স্বাধীন ভাৰতৰ নাগৰিকেও আন্দোলন কৰি খাবলগীয়া হৈছে ৰঙাঘৰৰ ভাত।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশযুৰি জ্বলিল প্ৰতিবাদৰ অগনি। ছাত্ৰৰপৰা শিল্পীলৈ লক্ষ লক্ষ জনতা বহিল প্ৰতিবাদত। একেদৰেই প্ৰতিবাদীৰ ওপৰত চলোৱা হ'ল ক্ষমতাৰ বৰ্বৰতা, চলিল সুৰক্ষাবাহিনীৰ লাঠি-গুলী। অসমত 'কা'বিৰোধী আন্দোলনত শ্বহীদ হ'ল পাঁচগৰাকীকৈ নিৰীহ লোক। এনআইএ-ৰ দ্বাৰা ভিন্ন আৰোপ লগাই কাৰাৰুদ্ধ কৰা হ'ল প্ৰতিবাদী আন্দোলনৰ নেতাসকলক। কৃষিপ্ৰধান দেশখনৰ কৃষকৰ ওপৰতো ক্ষমতাৰ চমতা মাৰিবলৈ নেৰিলে চৰকাৰে। কৃষকক ভাতে মাৰিবলৈ আনিলে তিনিখনকৈ বিধেয়ক। দেশযুৰি আৰম্ভ হ'ল কৃষক আন্দোলন। পোন্ধৰ মাহযুৰি চলিল আন্দোলন, শ্বহীদ হ'ল প্ৰায় ৭০০ কৃষক। অৱশেষত সেও মানিলে মোদী চৰকাৰে। বাতিল কৰিলে কৃষক আইন। অন্ধ্ৰ প্ৰদেশত জগন মোহন ৰেড্ডীৰ চৰকাৰে পোষকতা কৰিলে ৰাজ্যখনৰ তিনিখন ৰাজধানী বনাবলৈ। তিনিখন ৰাজধানীৰ স্বীকৃতিৰে প্ৰৱৰ্তন কৰা হ'ল আইন। এই আইনৰ জৰিয়তে ৰাজ্যখনত কাৰ্যপালিকা. ন্যায়পালিকা আৰু বিধানমণ্ডল ৰাজধানী হিচাপে ক্ৰমে বিশাখাপট্টনম, কুৰনুল আৰু অমৰাৱতীক স্বীকৃতি দিয়া হৈছিল। বিতৰ্কিত আইনখনক লৈ সৃষ্টি হৈছিল প্ৰতিবাদৰ। অৱশেষত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে কেবিনেট বৈঠকত এই আইন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

গণতন্ত্ৰ বিপন্ন হলেও প্ৰতিবাদী কণ্ঠ ৰুদ্ধ হোৱা নাই দেশত। যেতিয়ালৈ চৰকাৰৰাজ চলি থাকিব, তেতিয়ালৈ মুখৰ হৈ থাকিব প্ৰতিবাদী সত্তা। গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ জয়ৰ আশাৰে…


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক