--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৰ্তমান ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বা। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত শাসক বিৰোধী উভয় ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী প্ৰক্ষেপক লৈ। বিৰোধীয়ে প্ৰাক্তন মন্ত্ৰী তথা আই এ এছ বিষয়া যশৱন্ত সিনহাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে শাসকীয় দলে দ্ৰৌপদী মুৰ্মুৰ নাম প্ৰক্ষেপ কৰিছে। বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ নাম প্ৰকাশ কৰাৰ পাছতে তেওঁক লৈ সাধাৰণৰ নাগৰিকৰ আগ্ৰহ আৰু কৌতুহল সমানেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শৈশৱ, কৈশোৰৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ ঘাত-প্ৰতিঘাতৰ কেতবোৰ বিষয় এবাৰ উনুকিতয়াই চোৱাৰ প্ৰয়োজনীয়তা আহি পৰা বুলি আমাৰ মনে ধৰিছে। 
 

১৯৫৮ চনৰ ২০ জুনত ওড়িশাৰ ময়ুৰগঞ্জ জিলাৰ বাইদপোছী গাঁৱত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মু জনজাতীয় জনগোষ্ঠী সন্থালৰ অন্তৰ্গত। তেওঁৰ পিতৃৰ নাম বিৰঁচী নাৰায়ণ টুডু। শ্যামচৰণ মুৰ্মুৰ লগত তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল। পিছে নানা সংঘাতেৰে ভৰা দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক তথা সাংসাৰিক জীৱন। স্বামীৰ লগতে দুজন পুত্ৰক হেৰুৱাইছে দ্ৰৌপদীয়ে। ইতিশ্ৰী মুৰ্মু নামৰ এগৰাকী কন্যা সন্তানো আছে দ্ৰৌপদীৰ।

চৰম বঞ্চনা আৰু দৰিদ্ৰতাৰে মাজেৰে শৈশৱৰ দিনবোৰ কটাবলগীয়া হৈছিল দ্ৰৌপদী মুৰ্মুৱে। কিন্তু জীৱনৰ সংগ্ৰামক প্ৰেৰণা হিচাপে লৈ  ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল দ্ৰৌপদী মুৰ্মুৱে। কেৱল মাত্ৰ জীয়ৰীৰ বাবে এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাম কৰিবলৈ বাধ্য হৈছিল তেওঁ।

ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে মুৰ্মুৱে এগৰাকী শিক্ষয়ত্ৰী হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ জলসিঞ্চন আৰু শক্তি বিভাগত কনিষ্ঠ সহায়ক হিচাপেও কাম কৰিছিল তেওঁ। পৰৱৰ্তী সময়ত ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈকে সন্মানীয় সহকাৰী শিক্ষক হিচাপেও সেৱা আগবঢ়ায় অপ্ৰতিৰোধ্য দ্ৰৌপদীয়ে।

বিজেডী আৰু বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ সময়তো এগৰাকী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০২ চনৰ পৰা ২০০৪ চনলৈ দ্ৰৌপদী মুৰ্মুৱে ৰাজ্যখনত কেইবাটাও পদত অধিষ্ঠিত হৈছিল। ২০০০ চনত ঝাৰখণ্ড গঠনৰ পিছত পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথমগৰাকী ৰাজ্যপাল হিচাপে আসন অলংকৃত কৰে দ্ৰৌপদীয়ে। ২০১৫ চনৰ পৰা ২০২১ চনলৈ ৰাজ্যখনৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল দ্ৰৌপদী মুৰ্মেৱে।

এইবাৰ দেশৰ সৰ্বোচ্চ সন্মানীয় পদ,  ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। এই নিৰ্বাচনত জয়ী হ’লে দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে বিবেচিত হোৱাৰ লগতে দেশে দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে লাভ কৰিব দ্ৰৌপদী মুৰ্মুক। ২০০০ আৰু ২০০৪ চনত বিজেপিৰ টিকটত ৰাইৰাংপুৰৰ আসনৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পৰাই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰে পোখা মেলিবলৈ লয়। কেৱল সেয়াই নহয় ওড়িশাৰ পৰা দেশৰ সৰ্বোচ্চ পদত উপনীত হোৱা প্ৰথমগৰাকী ব্যক্তিৰ যোগ্যতা অৰ্জন কৰাৰ দিশে দ্ৰৌপদী মুৰ্মু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ