--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিজেপি নেতৃত্বাধীন এনডিএ-য়ে কালি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মূৰ্মুক প্ৰক্ষেপ কৰিলে৷ আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ চৌবিশ ঘণ্টা নৌহওঁতেই দ্ৰৌপদী মূৰ্মুক প্ৰদান কৰা হৈছেজেড প্লাছনিৰাপত্তা বেষ্টনী৷

কেন্দ্ৰীয় চৰকাৰে আজি এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদী মূৰ্মুক চিআৰপিএফ কমাণ্ডোসকলৰজেড প্লাছনিৰাপত্তা বেষ্টনী প্ৰদান কৰিছে৷

ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল মূৰ্মুক এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছত কেন্দ্ৰই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ সশস্ত্ৰ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দ্বাৰা তেওঁক চৌবিশ ঘণ্টা জেড+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে।

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি আজি পুৱা ৬৪ বছৰীয়া মূৰ্মুৰ নিৰাপত্তাৰ দায়িত্ব সশস্ত্ৰ দলটোৱে গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ঘোষণাৰ পিছত মূৰ্মুৰ বাবে নেতাসকলৰ অভিনন্দন বাৰ্তাৰ জোৱাৰ উঠিছে৷

দ্ৰৌপদী মূৰ্মুৱে কয়, মই আচৰিত হোৱাৰ লগতে অতি আনন্দিত হৈছোঁ। দূৰৱৰ্তী ময়ূৰভঞ্জ জিলাৰ এগৰাকী জনজাতীয় মহিলা হিচাপে মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলোঁ৷ তেওঁ কয় যে এনডিএ চৰকাৰে এতিয়া শীৰ্ষ পদৰ বাবে এগৰাকী জনজাতীয় মহিলা বাচনি কৰি বিজেপিৰসব কা সাথ, সব কা বিশ্বাসশ্লগানক প্ৰমাণ কৰিছে।

উল্লেখযোগ্য যে, বিজেপি নেতৃত্বাধীন এনডিএয়ে কালি সন্ধিয়া দ্ৰৌপাদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ইফালে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হয়।

সন্তল সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা দ্ৰৌপাদী মূৰ্মুৱে ১৯৯৭ চনত ৰায়ৰংপুৰ নগৰ পঞ্চায়তত কাউন্সিলাৰ হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু ২০০০ চনত ওড়িশা চৰকাৰত মন্ত্ৰী আৰু পিছত ২০১৫ চনত ঝাৰখণ্ডৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ