--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিজেপি নেতৃত্বাধীন এনডিএ-য়ে কালি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মূৰ্মুক প্ৰক্ষেপ কৰিলে৷ আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ চৌবিশ ঘণ্টা নৌহওঁতেই দ্ৰৌপদী মূৰ্মুক প্ৰদান কৰা হৈছেজেড প্লাছনিৰাপত্তা বেষ্টনী৷

কেন্দ্ৰীয় চৰকাৰে আজি এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদী মূৰ্মুক চিআৰপিএফ কমাণ্ডোসকলৰজেড প্লাছনিৰাপত্তা বেষ্টনী প্ৰদান কৰিছে৷

ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল মূৰ্মুক এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছত কেন্দ্ৰই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ সশস্ত্ৰ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দ্বাৰা তেওঁক চৌবিশ ঘণ্টা জেড+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে।

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি আজি পুৱা ৬৪ বছৰীয়া মূৰ্মুৰ নিৰাপত্তাৰ দায়িত্ব সশস্ত্ৰ দলটোৱে গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ঘোষণাৰ পিছত মূৰ্মুৰ বাবে নেতাসকলৰ অভিনন্দন বাৰ্তাৰ জোৱাৰ উঠিছে৷

দ্ৰৌপদী মূৰ্মুৱে কয়, মই আচৰিত হোৱাৰ লগতে অতি আনন্দিত হৈছোঁ। দূৰৱৰ্তী ময়ূৰভঞ্জ জিলাৰ এগৰাকী জনজাতীয় মহিলা হিচাপে মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলোঁ৷ তেওঁ কয় যে এনডিএ চৰকাৰে এতিয়া শীৰ্ষ পদৰ বাবে এগৰাকী জনজাতীয় মহিলা বাচনি কৰি বিজেপিৰসব কা সাথ, সব কা বিশ্বাসশ্লগানক প্ৰমাণ কৰিছে।

উল্লেখযোগ্য যে, বিজেপি নেতৃত্বাধীন এনডিএয়ে কালি সন্ধিয়া দ্ৰৌপাদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ইফালে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হয়।

সন্তল সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা দ্ৰৌপাদী মূৰ্মুৱে ১৯৯৭ চনত ৰায়ৰংপুৰ নগৰ পঞ্চায়তত কাউন্সিলাৰ হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু ২০০০ চনত ওড়িশা চৰকাৰত মন্ত্ৰী আৰু পিছত ২০১৫ চনত ঝাৰখণ্ডৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ