--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰত-বিৰোধী স্থিতি অব্যাহত ৰাখিছে। থাইলেণ্ডত অনুষ্ঠিত হোৱা বিমষ্টেক শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰাৰ সময়তে ইউনুছ চৰকাৰে ভাৰতৰ গাতে লাগি থকা দুটা স্থানত দুটা প্ৰকল্পৰ দায়িত্ব চীনক গতাই দিয়ে। এই দুয়োটা স্থান সামৰিক দিশৰ পৰা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ। ইউনুছ চৰকাৰে ভাৰতৰ বাবে উদ্বেগৰ সৃষ্টি কৰি 'চিকেন নেক' অর্থাৎ শিলিগুৰি কৰিড'ৰৰ পৰা মাত্র ১২০ কিল'মিটাৰ নিলগত চীনক এটা বিমান ঘাটি নিৰ্মাণৰ দায়িত্ব অর্পণ কৰে। 

এই বিমান ঘাটিটো নির্মাণ কৰা হ'ব বাংলাদেশৰ লালমণিৰহাট জিলাত। সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি চলিত বছৰৰ অক্টোবৰৰ পৰা লালমণিৰহাটত এই বিমান ঘাটিটো নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। ভাৰতৰ বাবে আটাইতকৈ উদ্বেগৰ কথাটো হ'ল এই বিমান ঘাটিটো নির্মাণত সহায় কৰিব পাকিস্তানৰ এটা কোম্পানীয়ে। 

এই বিমান ঘাটিটোৰ কাৰণে বাংলাদেশে বায়ু সেনাৰ পাইলটৰ ৫ জনীয়া এটা দল পাকিস্তানলৈ প্ৰেৰণ কৰে প্ৰশিক্ষণৰ কাৰণে। পাকিস্তানত বাংলাদেশী পাইলটৰ দলটোৱে জে এফ-১৭ যুঁজাৰু বিমান উৰুওৱাৰ প্ৰশিক্ষণ ল'ব। এই বিমান ঘাটিটো ভাৰতৰ জলপাইগুৰি আৰু কোচবিহাৰৰ একেবাৰে কাষতে নিৰ্মাণ কৰা হ'ব। 

মন কৰিবলগীয়া যে শিলিগুৰি কৰিড'ৰৰ একেবাৰে কাষতে চীন আৰু পাকিস্তানৰ উপস্থিতিয়ে ভাৰতৰ উদ্বেগ অধিক বৃদ্ধি কৰিব। ইফালে ইউনুছ চৰকাৰে কলকাতাৰ পৰা মাত্র ২০০ কিল'মিটাৰৰ নিলগৰ মংলা বন্দৰৰ সম্প্ৰসাৰণ তথা উন্নীতকৰণৰ দায়িত্ব চীনক দিয়ে। ইউনুছৰ চীন যাত্ৰাৰ সময়ত এই সম্পর্কত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল। 

চীনে এই বন্দৰটোৰ উন্নয়নৰ বাবে বাংলাদেশক ৪০ কোটি ডলাৰ (প্রায় ৩,৩০০ কোটি টকা) দিয়াৰ প্রতিশ্রুতি দিছে। চীনে বাংলাদেশত ছাবমেৰিনৰ যোগানো ধৰিছে। বংগোপসাগৰত এই ছাবমেৰিন মোতায়ান কৰা হ'ব। স্মৰণযোগ্য যে ইউনুছে চীনত কৰা ভ্ৰমণৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসংগত বিতর্কিত মন্তব্য দিছিল। তেওঁ অঞ্চলটোত চীনৰ অৰ্থনীতি সম্প্ৰসাৰণৰ বাবে আহ্বান জনাইছিল। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা দেশখনে ভাৰত-বিৰোধী স্থিতি গ্রহণ কৰি আহিছে। বাংলাদেশে চীনৰ লগতে পাকিস্তানৰ সৈতে সম্পর্ক অধিক ঘনিষ্ঠ কৰিবলৈ লৈছে যিটো ভাৰতৰ বাবে প্রধান চিন্তাৰ কাৰণ হৈ পৰিছে। অহা ২৪ এপ্রিলত পাকিস্তানৰ বিদেশ মন্ত্রী ইশ্বাক ডাৰে বাংলাদেশ ভ্রমণ কৰিব। আনহাতে ১৭ এপ্রিলত পাকিস্তানৰ বিদেশ সচিবে বাংলাদেশ ভ্রমণ কৰিব। ২০১২ চনৰ পাছত পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে প্ৰথমবাৰলৈ বাংলাদেশ ভ্রমণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক