--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড চিনেমাৰ জগতৰ অভিনেত্ৰীৰ তালিকাত এক উজ্জ্বল স্থান দখল কৰিছে অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে। বলীউড জগতত আজিও তেওঁৰ চিনেমা বিখ্যাত। তেওঁৰ অভিনয় দক্ষতাৰ বাবেই তেওঁ দেশে দেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। যদিও বৰ্তমান শিল্পা শ্বেটীয়ে কোনো বিশেষ চিনেমাত অভিনয় কৰা নাই, তথাপিও তেওঁ বৰ্তমান কেইবাটাও ডান্স ৰিয়েলিটি শ্ব’ত বিচাৰক হিচাপে কাম কৰা। লগতে ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছে শিল্পা শ্বেট্টী। তেওঁৰ ছ’চিয়েল মিডিয়াত চকু ফুৰালেই জানিব পাৰি যে তেওঁ ফিটনেছ সম্পৰ্কে বহুত সজাগ তেওঁৰ ধুনীয়া মুখখন দেখি এতিয়াও বহু লোক আচৰিত হৈ পৰে

কিন্তু ২০২১ চনৰ পৰা শিল্পা শ্বেটীৰ পৰিয়ালত যেন আৰম্ভ হৈছে পাৰিবাৰিক অশান্তিৰ। বছৰৰ আৰম্ভণিতে শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা দীৰ্ঘদিন ধৰি এক কেলেংকাৰীৰ সৈতে জড়িত‌ হৈ কাৰাগাৰত বন্দী  আছিল । সেই সময়ত অভিনেত্ৰীগৰাকীয়ে পুত্ৰ-কন্যাৰ সৈতে অতি নিসংগ হৈ পৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ পৰা তেওঁ অপমানো ভোগ কৰিবলগীয়া হৈছিল। পিছে তদন্ত অব্যাহত থকাৰ পাছতো কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে ৰাজ কুন্দ্ৰাই। এইবাৰ আকৌ নতুন বছৰৰ আৰম্ভণিতে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ কাষ চাপিছে আন এক বিপদ।

আচলতে প্ৰিয় ‘প্ৰথম সন্তান’ হেৰুৱাই পেলোৱাৰ কথা নিজেই প্ৰকাশ কৰিছে শিল্পা শ্বেট্টীয়ে। মৰমৰ সন্তানৰ মৃত্যুত তেওঁ বাকৰুদ্ধ হৈ পৰিছে। ইণ্টাৰনেটত নিজৰ সন্তানৰ ফটোৰ এটা কোলাজ শ্বেয়াৰ কৰি তেওঁ এই বেয়া খবৰটো ঘোষণা কৰে। আচলতে  হঠাতে পৃথিৱী এৰি যোৱা কথাতো সহজভাৱে মানি ল’ব পৰা নাই অভিনেত্ৰীগৰাকীয়ে। বিদায়ৰ কান্দোনত তেওঁ মৰ্মাহত হৈ পৰিছে। আৰু এতিয়া ইণ্টাৰনেটৰ তাকে লৈ চৰ্চা অব্যাহত আছে।

আচলতে শিল্পা শ্বেট্টীৰ প্ৰথম সন্তানটো হৈছে তেখেতৰ পোহনীয়া কুকুৰটো। শিল্পা শ্বেট্টীৰ মৰমৰ পোহনীয়া কুকুৰ "প্ৰিন্সেছ"ৰ দেহাৱসান যাক শিল্পাই নিজৰ সন্তানৰ দৰেই ভাল পাইছিল। তেওঁৰ আকস্মিক মৃত্যুত বিধ্বস্ত হৈ পৰিছে অভিনেত্ৰীগৰাকী। অৱশ্যে শোকত মৰ্মাহত হৈয়ো ষ্টাইলৰ বাবে চুলি খুৰোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে অভিনেত্ৰীগৰাকী। হ'লেও চুলিৰ পাছফালৰ কিছু অংশ তেওঁ ট্ৰিম কৰি দিয়াৰ ফটো তেওঁ নিজে চচিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ