--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড চিনেমাৰ জগতৰ অভিনেত্ৰীৰ তালিকাত এক উজ্জ্বল স্থান দখল কৰিছে অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে। বলীউড জগতত আজিও তেওঁৰ চিনেমা বিখ্যাত। তেওঁৰ অভিনয় দক্ষতাৰ বাবেই তেওঁ দেশে দেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। যদিও বৰ্তমান শিল্পা শ্বেটীয়ে কোনো বিশেষ চিনেমাত অভিনয় কৰা নাই, তথাপিও তেওঁ বৰ্তমান কেইবাটাও ডান্স ৰিয়েলিটি শ্ব’ত বিচাৰক হিচাপে কাম কৰা। লগতে ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছে শিল্পা শ্বেট্টী। তেওঁৰ ছ’চিয়েল মিডিয়াত চকু ফুৰালেই জানিব পাৰি যে তেওঁ ফিটনেছ সম্পৰ্কে বহুত সজাগ তেওঁৰ ধুনীয়া মুখখন দেখি এতিয়াও বহু লোক আচৰিত হৈ পৰে

কিন্তু ২০২১ চনৰ পৰা শিল্পা শ্বেটীৰ পৰিয়ালত যেন আৰম্ভ হৈছে পাৰিবাৰিক অশান্তিৰ। বছৰৰ আৰম্ভণিতে শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা দীৰ্ঘদিন ধৰি এক কেলেংকাৰীৰ সৈতে জড়িত‌ হৈ কাৰাগাৰত বন্দী  আছিল । সেই সময়ত অভিনেত্ৰীগৰাকীয়ে পুত্ৰ-কন্যাৰ সৈতে অতি নিসংগ হৈ পৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ পৰা তেওঁ অপমানো ভোগ কৰিবলগীয়া হৈছিল। পিছে তদন্ত অব্যাহত থকাৰ পাছতো কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে ৰাজ কুন্দ্ৰাই। এইবাৰ আকৌ নতুন বছৰৰ আৰম্ভণিতে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ কাষ চাপিছে আন এক বিপদ।

আচলতে প্ৰিয় ‘প্ৰথম সন্তান’ হেৰুৱাই পেলোৱাৰ কথা নিজেই প্ৰকাশ কৰিছে শিল্পা শ্বেট্টীয়ে। মৰমৰ সন্তানৰ মৃত্যুত তেওঁ বাকৰুদ্ধ হৈ পৰিছে। ইণ্টাৰনেটত নিজৰ সন্তানৰ ফটোৰ এটা কোলাজ শ্বেয়াৰ কৰি তেওঁ এই বেয়া খবৰটো ঘোষণা কৰে। আচলতে  হঠাতে পৃথিৱী এৰি যোৱা কথাতো সহজভাৱে মানি ল’ব পৰা নাই অভিনেত্ৰীগৰাকীয়ে। বিদায়ৰ কান্দোনত তেওঁ মৰ্মাহত হৈ পৰিছে। আৰু এতিয়া ইণ্টাৰনেটৰ তাকে লৈ চৰ্চা অব্যাহত আছে।

আচলতে শিল্পা শ্বেট্টীৰ প্ৰথম সন্তানটো হৈছে তেখেতৰ পোহনীয়া কুকুৰটো। শিল্পা শ্বেট্টীৰ মৰমৰ পোহনীয়া কুকুৰ "প্ৰিন্সেছ"ৰ দেহাৱসান যাক শিল্পাই নিজৰ সন্তানৰ দৰেই ভাল পাইছিল। তেওঁৰ আকস্মিক মৃত্যুত বিধ্বস্ত হৈ পৰিছে অভিনেত্ৰীগৰাকী। অৱশ্যে শোকত মৰ্মাহত হৈয়ো ষ্টাইলৰ বাবে চুলি খুৰোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে অভিনেত্ৰীগৰাকী। হ'লেও চুলিৰ পাছফালৰ কিছু অংশ তেওঁ ট্ৰিম কৰি দিয়াৰ ফটো তেওঁ নিজে চচিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু