--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰীণা কাপুৰ খানে তেওঁৰ আহিবলগীয়া ছবি 'লাল সিং চাড্ডা'ৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। তেওঁ শেহতীয়াকৈ সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত তেওঁৰ নতুন প্ৰকল্পটোৰ বিষয়ে কৈছিল আৰু কৈছিল যে তেওঁ তেওঁৰ ২০১৮ চনৰ ছবি 'বীৰে দি ৱেডিং'ৰ প্ৰযোজক ৰিয়া কাপুৰৰ সৈতে পুনৰ যোগদান কৰিবলৈ সাজু হৈছে। কৰীণাই কৈছিল যে তেওঁৰ নতুন প্ৰকল্পটো অলপ বেলেগ হ'ব, ছবিখনৰ কাহিনী অতি আমোদজনক হ'ব। 

কৰীণাই কয় যে, "মই ৰিয়া কাপুৰৰ সৈতে এখন চলচ্চিত্ৰ কৰি আছো। যিটো 'বীৰে দি ৱেডিং ২' দৰে নহয়। যিটো হব তিনিগৰাকী মহিলাৰ কাহিনী। চলচ্চিত্ৰখন অলপ বেলেগ হ'বলৈ গৈ আছে যাৰ কাহিনী অতি কোমল আৰু আমোদজনক।" তেওঁ লগতে কয় যে নিৰ্মাতাসকলে ছবিখনৰ বাবে কলাকুশলীসকলক চূড়ান্ত কৰিছে।

অভিনেত্ৰীগৰাকীয়ে কয়, "ৰিয়াই দুজন মহান অভিনেতা পাইছে। মই তেওঁৰ নাম প্ৰকাশ কৰিব নোৱাৰো, কিন্তু মই অতি উৎসাহিত। কোৱা হৈছে যে ছবিখনৰ প্ৰযোজনা ৰ কাম এই বছৰৰ শেষৰ ফালে বা অহা বছৰৰ জানুৱাৰীৰ ভিতৰত আৰম্ভ হ'ব।

কৰীণা কাপুৰ খানক শেষবাৰৰ বাবে ২০২০ চনৰ ছবি 'আংগ্ৰেজি মিডিয়াম'ত দেখা গৈছিল, য'ত প্ৰয়াত অভিনেতা ইৰফান খান আৰু ৰাধিকা মদনে অভিনয় কৰিছিল। ১৯৯৪ চনৰ ফৰেষ্ট গাম্প চলচ্চিত্ৰৰ পুনৰ নিৰ্মাণ কৰা তেওঁৰ ছবি 'লাল সিং চাড্ডা' ১১ আগষ্টত ছবিগৃহত মুক্তি পাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু