গুৱাহাটী: শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ আৰু বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই (NFR) পুনৰ কেইবাখনো ৰে'ল সেৱা বাতিল, আংশিক বাতিল আৰু পথ সলনি কৰাৰ কথা ঘোষণা কৰিছে। তিনচুকীয়া সংমণ্ডলৰ অধীনৰ এই অঞ্চলসমূহত ৰে'ল লাইনৰ ওপৰেৰে পানী যোৱাৰ বাবে যাত্ৰীৰ সুৰক্ষা আৰু সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিছে।
ৰে'লৱেৰ এক বিবৃতিত কোৱা হৈছে যে, ৰাজধানী এক্সপ্ৰেছ, অৱধ আছাম এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে'লৰ পথ সলনি কৰা হৈছে। ১ আগষ্টৰ পৰা ৪ আগষ্টৰ ভিতৰত এই ৰে'লসমূহ ডিব্ৰুগড়– উত্তৰ লখিমপুৰ– ৰঙাপৰা উত্তৰ– ৰঙিয়া পথেৰে চলাচল কৰিছে।
ইয়াৰ উপৰিও, গুৱাহাটী–ডিব্ৰুগড় আৰু ডিব্ৰুগড়–গুৱাহাটী নাগাল্যান্ড এক্সপ্ৰেছ ৰে'ল দুখন নিৰ্ধাৰিত দিনসমূহত মৰিয়নি ষ্টেচনত আংশিকভাৱে বাতিল কৰা হৈছে, অৰ্থাৎ এই ৰে'ল দুখন মৰিয়নিৰ পৰা যাত্ৰা আৰম্ভ বা শেষ কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী–লেডো, লেডো–গুৱাহাটী, ৰঙিয়া–নিউ তিনচুকীয়া, নিউ তিনচুকীয়া–ৰঙিয়া আৰু যোৰহাট টাউন–তিনচুকীয়া আদিকে ধৰি কেইবাখনো যাত্ৰীবাহী, DEMU আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ সেৱা সম্পূৰ্ণৰূপে বাতিল কৰিছে।
এই পৰিস্থিতিয়ে যাত্ৰীসকলৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। ৰে'লৱে কৰ্তৃপক্ষই পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত যাত্ৰীসকলক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছে আৰু শিমলুগুৰি অংশত ৰে'ল লাইন পুনৰুদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে চলি আছে বুলিও উল্লেখ কৰিছে।