--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়ে অধিক নাটকীয় ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। একনাথ সিন্দেৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে বিসম্বাদত লিপ্ত থকা শিৱসেনাৰ বিধায়কসকলৰ স্থিতিক লৈ এতিয়া সন্দেহ ঘণীভূত হৈ উঠিছে। সিন্দে শিবিৰত যোগ দিয়া বুলি ধাৰণা কৰা এগৰাকী বিধায়কৰ স্থিতিক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। মূল সুঁতিলৈ উভতি অহা বিধায়কগৰাকীয়ে চাঞ্চল্যকৰ দাবী কৰি কৈছে যে, তেওঁক অপহৰণহে কৰা হৈছিল। এতিয়াও তেওঁ উদ্ধৱ থাকৰেৰ সমৰ্থনতে আছে।

শিৱসেনাৰ বিধায়ক নীতিন দেশমুখৰ ৰহস্যজনক অন্তৰ্ধান আৰু নাটকীয় প্ৰত্যাৱৰ্তনৰ পাছত এতিয়া ব্যাপক চৰ্চা চলিছে। তেওঁ দাবী কৰিছে যে, তেওঁক অপহৰণ কৰি গুজৰাটৰ চুৰাটলৈ নিয়া হৈছিল আৰু তাৰ পৰা তেওঁ পলাই আহিবলৈ সক্ষম হৈছে। তেওঁৰ সমৰ্থন এতিয়াও উদ্ধৱ থাকৰেৰ প্ৰতিয়েই আছে। দেশমুখৰ এই দাবীয়ে ৰাজ্যখনৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ নাটকীয়তা অধিক বৃদ্ধি কৰিছে।

দেশমুখে দাবী কৰিছে যে, ‘মই আবদ্ধ অৱস্থাৰ পৰা পলায়ন কৰিছিলোঁ আৰু নিশা ৩ বজাত পথত থিয় দি আছিলোঁ। মই খোজকাঢ়িয়েই এটা গন্তব্যলৈ যাবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ পাছত শতাধিক আৰক্ষীৰ লোকে আহি মোক উদ্ধাৰ কৰে আৰু মোক হাস্পতাললৈ লৈ যায়। তেওঁলোকে মই আকস্মিক হাৰ্ট এটেকৰ সন্মুখীন হোৱা বুলি আশংকা কৰিছিল আৰু মোৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছিল।’ তেওঁ লগতে কয় যে, তেওঁ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা নাছিল যদিও তেওঁলোকে তেওঁক জোৰকৈ হাস্পতাললৈ লৈ গৈছিল।

তেওঁ সংবাদ মাধ্যমৰ আগত লগতে স্পষ্ট কৰি দিয়ে যে, তেওঁ স্বাভাৱিকতে এতিয়াও উদ্ধৱ থাকৰেৰ লগতে আছে। উল্লেখ্য যে, দেশমুখৰ পত্নীয়ে কালি বিয়লি বিধায়ক পতি নিৰুদ্দেশ হোৱাৰ গোচৰ দাখিল কৰিছিল আৰক্ষীৰ ওচৰত। শিৱসেনাৰ বিধায়কজনৰ এনে ৰহস্যজনক অন্তৰ্ধান আৰু তেওঁৰ নাটকীয় প্ৰত্যাৱৰ্তনৰ ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ