--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়ে অধিক নাটকীয় ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। একনাথ সিন্দেৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে বিসম্বাদত লিপ্ত থকা শিৱসেনাৰ বিধায়কসকলৰ স্থিতিক লৈ এতিয়া সন্দেহ ঘণীভূত হৈ উঠিছে। সিন্দে শিবিৰত যোগ দিয়া বুলি ধাৰণা কৰা এগৰাকী বিধায়কৰ স্থিতিক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। মূল সুঁতিলৈ উভতি অহা বিধায়কগৰাকীয়ে চাঞ্চল্যকৰ দাবী কৰি কৈছে যে, তেওঁক অপহৰণহে কৰা হৈছিল। এতিয়াও তেওঁ উদ্ধৱ থাকৰেৰ সমৰ্থনতে আছে।

শিৱসেনাৰ বিধায়ক নীতিন দেশমুখৰ ৰহস্যজনক অন্তৰ্ধান আৰু নাটকীয় প্ৰত্যাৱৰ্তনৰ পাছত এতিয়া ব্যাপক চৰ্চা চলিছে। তেওঁ দাবী কৰিছে যে, তেওঁক অপহৰণ কৰি গুজৰাটৰ চুৰাটলৈ নিয়া হৈছিল আৰু তাৰ পৰা তেওঁ পলাই আহিবলৈ সক্ষম হৈছে। তেওঁৰ সমৰ্থন এতিয়াও উদ্ধৱ থাকৰেৰ প্ৰতিয়েই আছে। দেশমুখৰ এই দাবীয়ে ৰাজ্যখনৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ নাটকীয়তা অধিক বৃদ্ধি কৰিছে।

দেশমুখে দাবী কৰিছে যে, ‘মই আবদ্ধ অৱস্থাৰ পৰা পলায়ন কৰিছিলোঁ আৰু নিশা ৩ বজাত পথত থিয় দি আছিলোঁ। মই খোজকাঢ়িয়েই এটা গন্তব্যলৈ যাবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ পাছত শতাধিক আৰক্ষীৰ লোকে আহি মোক উদ্ধাৰ কৰে আৰু মোক হাস্পতাললৈ লৈ যায়। তেওঁলোকে মই আকস্মিক হাৰ্ট এটেকৰ সন্মুখীন হোৱা বুলি আশংকা কৰিছিল আৰু মোৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছিল।’ তেওঁ লগতে কয় যে, তেওঁ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা নাছিল যদিও তেওঁলোকে তেওঁক জোৰকৈ হাস্পতাললৈ লৈ গৈছিল।

তেওঁ সংবাদ মাধ্যমৰ আগত লগতে স্পষ্ট কৰি দিয়ে যে, তেওঁ স্বাভাৱিকতে এতিয়াও উদ্ধৱ থাকৰেৰ লগতে আছে। উল্লেখ্য যে, দেশমুখৰ পত্নীয়ে কালি বিয়লি বিধায়ক পতি নিৰুদ্দেশ হোৱাৰ গোচৰ দাখিল কৰিছিল আৰক্ষীৰ ওচৰত। শিৱসেনাৰ বিধায়কজনৰ এনে ৰহস্যজনক অন্তৰ্ধান আৰু তেওঁৰ নাটকীয় প্ৰত্যাৱৰ্তনৰ ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘু উৎপীড়নৰ ঘটনা
ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী ; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ?
গেৰুকামুখ প্রকল্প বিপজ্জনক বুলি স্বীকাৰ কেন্দ্ৰৰ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল পাকিস্তানৰ ৬খন যুঁজাৰু বিমান!  বায়ুসেনাৰ মুৰব্বীৰ দাবী
নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ
অহা সপ্তাহত মুম্বাইত ভাৰতৰ প্ৰথমটো চাৰ্জিং ষ্টেচন মুকলি কৰিব টেছলাই
সুধাকণ্ঠ স্মাৰক মুদ্রাক লৈ সামাজিক মাধ্যমত বিতর্ক
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ