--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ২০১৯ চনত সংসদত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিধি অদ্যাপি প্ৰস্তুত হোৱা নাই যদিও বিদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে৷

গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত পাঁচ বছৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰা আবেদনকাৰীসকলৰ ৮৭ শতাংশই পাকিস্তানী। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানইণ্ডিয়া টুডে দ্বাৰা দাখিল কৰা আৰটিআই আবেদনৰ উত্তৰত গৃহ মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে।

বিগত পাঁচ বছৰত ,২২০জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে, তাৰে ,৫৫২ জন (৮৭ শতাংশ) নতুন নাগৰিক পাকিস্তানৰ পৰা আহিছে।আনহাতে, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ প্ৰকাশ কৰা অনুসৰি, বিগত পাঁচ বছৰত ছয় লাখতকৈও অধিক ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ নিত্যানন্দ ৰায়ে বিগত বৰ্ষত লোকসভাক জনায় যে বিগত পাঁচ বছৰত ২০১৭ চনৰ পৰা ২০২১ চনলৈ (১০ ছেপ্টেম্বৰলৈকে) ,০৮,১৬২ জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে।


আৰটিআইৰ উত্তৰত গৃহ মন্ত্ৰণালয়ে লগতে কয় যে ২০১৭ পৰা ২০২২ চনৰ ভিতৰত ,২২০ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল। একেদৰে, প্ৰতি বছৰে গড়ে ,২১,৬৩২জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল, কিন্তু বিগত পাঁচ বছৰত গড়ে ,০৪৪জন লোকেহে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। ইয়াৰ অৰ্থ হৈছে ভাৰতীয় নাগৰিকত্ব মুঠ গ্ৰহণৰ ব্ৰেইন ড্ৰেইনৰ মাত্ৰ শতাংশ।

আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকত্ব ত্যাগৰ অনুৰোধ ৪০ শতাংশৰো অধিক, তাৰ পাছতে আছে অষ্ট্ৰেলিয়া আৰু কানাডা, ৩০ শতাংশ নাগৰিকে নিজ নিজ দেশৰ নাগৰিকত্ব ত্যাগৰ বাবে আবেদন জনাইছে৷

 

ভাৰতীয়সকলৰ বাবে শীৰ্ষ গন্তব্য স্থান হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। একেসময়তে বিপৰীত প্ৰব্ৰজনো হৈ আছে, কিন্তু সেয়া অতি আণুবীক্ষণিক স্তৰত। বিগত বছৰত মাত্ৰ ৭১জন আমেৰিকান নাগৰিকেহে ভাৰতীয় নাগৰিকত্ব লোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বিপৰীতে শীৰ্ষ তিনিখন দেশ যাৰ বাসিন্দাসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল তেওঁলোক হৈছে পাকিস্তান (৮৭%), আফগানিস্তান (%) আৰু বাংলাদেশ (%)

বিগত পাঁচ বছৰত মাত্ৰ ২০২১ চনতে এক হাজাৰৰো অধিক লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল। এই বছৰ ,৭৪৫জনক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে, যাৰ ভিতৰত ,৫৮০জন আবেদনকাৰী পাকিস্তানৰ আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ