--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘নাট্টু কাকা’ আৰু নাই৷ SAB TVত সম্প্ৰচাৰিত ‘তাৰক মেহতা কা ওল্টা চশমা’ (Taarak Mehta Ka Ooltah Chashmah) শীৰ্ষক জনপ্ৰিয় কমেডী ধাৰাবাহিকখনৰ ‘নাট্টু কাকা’(Nattu Kaka) অৰ্থাৎ অভিনেতা ঘনশ্যাম নায়ক(Ghanshyam Nayak)ৰ দেহাৱসান৷ এই ধাৰাবাহিকখনৰ বাবে ঘৰে ঘৰে জনপ্ৰিয় আছিল নাট্টু কাকা৷ নাট্টু কাকা ধাৰাবাহিকখনৰ আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰসমূহৰ অন্যতম আছিল।

বিগত কিছুদিনৰ পৰা কেন্সাৰৰ সৈতে যুঁজি আছিল অভিনেতাজন৷ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে পৰলোকলৈ গমন কৰে নাট্টু কাকাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ৷ ২০০৮ চনৰ পৰা সম্প্ৰচাৰ হৈ থকা ‘তাৰক মেহতা কা ওল্টা চশমা’ ধাৰাবাহিকখনত আৰম্ভণিৰ পৰাই জড়িত আছিল অভিনেতা ঘনশ্যাম নায়ক৷

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত অভিনেতাগৰাকীৰ ডিঙিত এটা টেমুনা উঠি পিছলৈ ই ডাঙৰ হৈ আহিছিল৷ তাৰ বাবে ডিঙিৰ অস্ত্ৰোপচাৰো কৰিছিল অভিনেতাগৰাকীয়ে।চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ ডিঙিত কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰে আৰু তেতিয়াৰ পৰাই কেম’থেৰাপী লৈ আছিল নাট্টু কাকাই। নাট্টু কাকাৰ মনোবল ইমানেই বেছি আছিল যে শেষ উশাহ থকালৈকে দৃশ্যগ্ৰহণ কৰি যাব বুলি কৈছিল৷ তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ টেলিভিশ্বন জগতত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?