--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘নাট্টু কাকা’ আৰু নাই৷ SAB TVত সম্প্ৰচাৰিত ‘তাৰক মেহতা কা ওল্টা চশমা’ (Taarak Mehta Ka Ooltah Chashmah) শীৰ্ষক জনপ্ৰিয় কমেডী ধাৰাবাহিকখনৰ ‘নাট্টু কাকা’(Nattu Kaka) অৰ্থাৎ অভিনেতা ঘনশ্যাম নায়ক(Ghanshyam Nayak)ৰ দেহাৱসান৷ এই ধাৰাবাহিকখনৰ বাবে ঘৰে ঘৰে জনপ্ৰিয় আছিল নাট্টু কাকা৷ নাট্টু কাকা ধাৰাবাহিকখনৰ আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰসমূহৰ অন্যতম আছিল।

বিগত কিছুদিনৰ পৰা কেন্সাৰৰ সৈতে যুঁজি আছিল অভিনেতাজন৷ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে পৰলোকলৈ গমন কৰে নাট্টু কাকাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ৷ ২০০৮ চনৰ পৰা সম্প্ৰচাৰ হৈ থকা ‘তাৰক মেহতা কা ওল্টা চশমা’ ধাৰাবাহিকখনত আৰম্ভণিৰ পৰাই জড়িত আছিল অভিনেতা ঘনশ্যাম নায়ক৷

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত অভিনেতাগৰাকীৰ ডিঙিত এটা টেমুনা উঠি পিছলৈ ই ডাঙৰ হৈ আহিছিল৷ তাৰ বাবে ডিঙিৰ অস্ত্ৰোপচাৰো কৰিছিল অভিনেতাগৰাকীয়ে।চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ ডিঙিত কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰে আৰু তেতিয়াৰ পৰাই কেম’থেৰাপী লৈ আছিল নাট্টু কাকাই। নাট্টু কাকাৰ মনোবল ইমানেই বেছি আছিল যে শেষ উশাহ থকালৈকে দৃশ্যগ্ৰহণ কৰি যাব বুলি কৈছিল৷ তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ টেলিভিশ্বন জগতত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড! এটা বিস্কুট ফেক্টৰীসহ ৪টাকৈ বাসগৃহ ভস্মীভূত
আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা; কি তাৎপৰ্য এই দিনটোৰ?
সামগ্ৰীত 'অ' আৰ এছ' লিখাটো বন্ধ কৰিব লাগিব ফুড-বেভাৰেজ কোম্পানীয়ে, এফ এছ এছ এ আইৰ নিৰ্দেশ
যুঁজাৰু বিমানত ৬৫ হাজাৰ কোটি ব্যয় কৰিব ভাৰতে, থলুৱাভাৱে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ
জুবিনবিহীন এমাহ, আজি প্ৰাণৰ শিল্পীৰ সোণাপুৰৰ সমাধিস্থলত দুই শতাধিক শিল্পীৰ বাঁহীৰ সুৰত 'মায়াবিনী'ৰ মূৰ্ছনা
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী