--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে ৰুজু হ’ল হত্যাৰ গোচৰ। প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই নিয়া অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কাণ্ডক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উঠিছে ধিক্কাৰ ধ্বনি। দেওবাৰে মন্ত্ৰীপুত্ৰই আৰোহন কৰি যোৱা গাড়ীয়ে খুন্দিয়াই ৰাজপথত প্ৰতিবাদ কৰি থকা চাৰিজনকৈ কৃষকক হত্যা কৰিছিল। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত এই ঘটনা সংঘটিত হৈছিল। তাৰ পাছতে উত্তপ্ত হৈ পৰিছিল লখিমপুৰ খেৰী। ইয়াৰ পাছত সৃষ্টি হোৱা সংঘৰ্ষত আন চাৰিজন লোকৰ মৃত্যু হৈছিল। এই চাৰিজন লোকক কৃষকে হত্যা কৰা বুলি অভিযোগ উঠিছিল। ইফালে, ঘটনাৰ পাছতে অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰাৰ দাবী কৰিছিল প্ৰতিবাদী কৃষকে।

তাৰ পাছতে আশীষ মিশ্ৰ আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। উল্লেখ যে, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ তথা উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মোৰ্যৰ কাৰ্যসূচীত প্ৰতিবাদী কৃষকে বাধা জন্মাবলৈ চেষ্টা কৰাৰ সময়তে এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। অজয় মিশ্ৰৰ পু্ত্ৰ আশীষ মিশ্ৰই আৰোহন কৰি অহা এখন গাড়ীসহিতে মন্ত্ৰীগৰাকীৰ কনভয়ৰ তিনিখন গাড়ীক প্ৰতিবাদকাৰীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে মন্ত্ৰীপুত্ৰৰ গাড়ী কৃষকৰ দেহৰ ওপৰেৰে পাৰ হৈ যোৱা বুলি প্ৰতিবাদী কৃষকে অভিযোগ কৰিছে। তাৰ পাছতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে আৰু দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত আঠজনলৈ লোকে প্ৰাণ হেৰুৱায়।

ইয়াৰে চাৰিজন হৈছে কৃষক। অজয় মিশ্ৰৰ পৈত্ৰিক গাঁও তিকোনীয়ালৈ মন্ত্ৰীগৰাকী আৰু উপমুখ্যমন্ত্ৰী কেশৱ মৌৰ্যৰ ভ্ৰমণৰ সময়তে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অজয় মিশ্ৰই তেওঁৰ পুত্ৰ এই ঘটনাত জড়িত নহয় বুলি দাবী কৰাৰ বিপৰীতে কৃষকসকলে এই ঘটনা মন্ত্ৰীপুত্ৰ উঠি অহা গাড়ীয়ে সংঘটিত কৰা বুলি অভিযোগ কৰিছে। গাড়ীৰ চেপাতে চাৰিজনলৈ কৃষকৰ মৃত্যু হোৱাৰ লগতে আন ছজন আহত হোৱা বুলি মন্তব্য কৰিছে প্ৰতিবাদী কৃষক সংগঠনে। কৃষি আইন বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দি অহা সংযুক্ত কৃষক মৰ্চাৰ এগৰাকী নেতা তেজিন্দৰ এছ বিৰাকো এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে প্ৰতিবাদী কৃষকসকলে কেইবাখনো বাহন জ্বলাই দিয়ে। উল্লেখ্য যে, যোৱা মাহত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই দেশজোৰা কৃষক বিদ্ৰোহক চৰম অৱজ্ঞাৰে ইয়াক ১০-১৫জন লোকৰ আন্দোলন আখ্যা দিছিল আৰু তেওঁলোকক দুই মিনিটতে ‘লাইনলৈ’ আনিব পাৰিব বুলি মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে