--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে ৰুজু হ’ল হত্যাৰ গোচৰ। প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই নিয়া অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কাণ্ডক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উঠিছে ধিক্কাৰ ধ্বনি। দেওবাৰে মন্ত্ৰীপুত্ৰই আৰোহন কৰি যোৱা গাড়ীয়ে খুন্দিয়াই ৰাজপথত প্ৰতিবাদ কৰি থকা চাৰিজনকৈ কৃষকক হত্যা কৰিছিল। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত এই ঘটনা সংঘটিত হৈছিল। তাৰ পাছতে উত্তপ্ত হৈ পৰিছিল লখিমপুৰ খেৰী। ইয়াৰ পাছত সৃষ্টি হোৱা সংঘৰ্ষত আন চাৰিজন লোকৰ মৃত্যু হৈছিল। এই চাৰিজন লোকক কৃষকে হত্যা কৰা বুলি অভিযোগ উঠিছিল। ইফালে, ঘটনাৰ পাছতে অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰাৰ দাবী কৰিছিল প্ৰতিবাদী কৃষকে।

তাৰ পাছতে আশীষ মিশ্ৰ আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। উল্লেখ যে, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ তথা উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মোৰ্যৰ কাৰ্যসূচীত প্ৰতিবাদী কৃষকে বাধা জন্মাবলৈ চেষ্টা কৰাৰ সময়তে এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। অজয় মিশ্ৰৰ পু্ত্ৰ আশীষ মিশ্ৰই আৰোহন কৰি অহা এখন গাড়ীসহিতে মন্ত্ৰীগৰাকীৰ কনভয়ৰ তিনিখন গাড়ীক প্ৰতিবাদকাৰীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে মন্ত্ৰীপুত্ৰৰ গাড়ী কৃষকৰ দেহৰ ওপৰেৰে পাৰ হৈ যোৱা বুলি প্ৰতিবাদী কৃষকে অভিযোগ কৰিছে। তাৰ পাছতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে আৰু দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত আঠজনলৈ লোকে প্ৰাণ হেৰুৱায়।

ইয়াৰে চাৰিজন হৈছে কৃষক। অজয় মিশ্ৰৰ পৈত্ৰিক গাঁও তিকোনীয়ালৈ মন্ত্ৰীগৰাকী আৰু উপমুখ্যমন্ত্ৰী কেশৱ মৌৰ্যৰ ভ্ৰমণৰ সময়তে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অজয় মিশ্ৰই তেওঁৰ পুত্ৰ এই ঘটনাত জড়িত নহয় বুলি দাবী কৰাৰ বিপৰীতে কৃষকসকলে এই ঘটনা মন্ত্ৰীপুত্ৰ উঠি অহা গাড়ীয়ে সংঘটিত কৰা বুলি অভিযোগ কৰিছে। গাড়ীৰ চেপাতে চাৰিজনলৈ কৃষকৰ মৃত্যু হোৱাৰ লগতে আন ছজন আহত হোৱা বুলি মন্তব্য কৰিছে প্ৰতিবাদী কৃষক সংগঠনে। কৃষি আইন বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দি অহা সংযুক্ত কৃষক মৰ্চাৰ এগৰাকী নেতা তেজিন্দৰ এছ বিৰাকো এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে প্ৰতিবাদী কৃষকসকলে কেইবাখনো বাহন জ্বলাই দিয়ে। উল্লেখ্য যে, যোৱা মাহত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই দেশজোৰা কৃষক বিদ্ৰোহক চৰম অৱজ্ঞাৰে ইয়াক ১০-১৫জন লোকৰ আন্দোলন আখ্যা দিছিল আৰু তেওঁলোকক দুই মিনিটতে ‘লাইনলৈ’ আনিব পাৰিব বুলি মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?