--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ তালিবানে শাসন চলোৱা আফগানিস্তানত এতিয়া মৃত্যুৰ কিৰিলী। এক শক্তিশালী ভূমিকম্পই তাছপাতৰ ঘৰৰ দৰে খহাই পেলাইছে দেশ খনৰ বহু ঘৰ। আজি পুৱতি নিশা দেশ খনক জোকাৰি যোৱা শক্তিশালী ভূমিকম্পত এতিয়ালৈকে  ২৫৫  জনৰো অধিক লোকৰ মৃত্যু ঘটিছে৷  

 আহত হৈছে শতাধিক লোক৷ দেশ খনৰ  পাকটিকা প্ৰদেশৰ প্ৰায়ভাগ ঘৰ ধ্বংসস্তূপত পৰিণত হৈছে। ধ্বংসস্তূপৰ মাজত বহুলোক আবদ্ধ হৈ আছে৷ স্থানীয় চৰকাৰী বিষয়া এগৰাকীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি ২৫৫ তকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷ 

নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে৷ ভূমিকম্পৰ ফলত  ১৫০ ৰো অধিক লোক আহত হৈছে। দেশ খনৰ দক্ষিণ-পূবত অৱস্থিত চহৰ খোষ্টৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ (২৭ মাইল) দূৰত ভূমিকম্পটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷  ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ মতে আফগানিস্তান, পাকিস্তান আৰু ভাৰতৰ ৫০০ কিলোমিটাৰৰো অধিক অঞ্চলত কম্পন অনুভূত হয়৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.১৷ 



আফগানিস্তানৰ ৰাজধানী কাবুলৰ লগতে পাকিস্তানৰো বহু ঠাইত  ভূমিকম্প অনুভৱ কৰাৰ বাতৰি আহিছে৷আফগানিস্তান চৰকাৰৰ এগৰাকী মুখপাত্ৰ বিলাল কৰিমীয়ে টুইটত   কয় "  যোৱা নিশা পাকটিকা প্ৰদেশৰ চাৰিখন জিলাত তীব্ৰ ভূমিকম্প অনুভূত হৈছিল, ফলত আমাৰ শ শ লোক নিহত আৰু বহু লোক আহত হৈছে৷ 

শ শ  ঘৰ ধ্বংস হৈছে,"৷  চৰকাৰে দুৰ্যোগৰ সন্মুখীন হোৱা প্ৰদেশ খনলৈ উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰিছে৷  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগে দিয়া তথ্য অনুসৰি  ভূমিকম্পটো ভূগৰ্ভৰ প্ৰায় ৫১ কিলোমিটাৰ গভীৰত সৃষ্টি হৈছিল আৰু প্ৰাবল্য আছিল ৬.১৷ ভূমিকম্পৰ সময়ত প্ৰদেশ খনৰ প্ৰায়ভাগ লোকেই গভীৰ টোপনিত আছিল৷ 

প্ৰাপ্ত খবৰ অনুসৰি এতিয়াও ধ্বংসস্তূপৰ মাজৰ পৰা মৃতদেহ ওলায়েই আছে৷  তীব্ৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা দেশ খনত ভূমিকম্পই এনেদৰে সৃষ্টি কৰা ধ্বংসলীলাই বহুতকে ভবাই তুলিছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি