--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ তালিবানে শাসন চলোৱা আফগানিস্তানত এতিয়া মৃত্যুৰ কিৰিলী। এক শক্তিশালী ভূমিকম্পই তাছপাতৰ ঘৰৰ দৰে খহাই পেলাইছে দেশ খনৰ বহু ঘৰ। আজি পুৱতি নিশা দেশ খনক জোকাৰি যোৱা শক্তিশালী ভূমিকম্পত এতিয়ালৈকে  ২৫৫  জনৰো অধিক লোকৰ মৃত্যু ঘটিছে৷  

 আহত হৈছে শতাধিক লোক৷ দেশ খনৰ  পাকটিকা প্ৰদেশৰ প্ৰায়ভাগ ঘৰ ধ্বংসস্তূপত পৰিণত হৈছে। ধ্বংসস্তূপৰ মাজত বহুলোক আবদ্ধ হৈ আছে৷ স্থানীয় চৰকাৰী বিষয়া এগৰাকীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি ২৫৫ তকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷ 

নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে৷ ভূমিকম্পৰ ফলত  ১৫০ ৰো অধিক লোক আহত হৈছে। দেশ খনৰ দক্ষিণ-পূবত অৱস্থিত চহৰ খোষ্টৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ (২৭ মাইল) দূৰত ভূমিকম্পটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷  ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ মতে আফগানিস্তান, পাকিস্তান আৰু ভাৰতৰ ৫০০ কিলোমিটাৰৰো অধিক অঞ্চলত কম্পন অনুভূত হয়৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.১৷ 



আফগানিস্তানৰ ৰাজধানী কাবুলৰ লগতে পাকিস্তানৰো বহু ঠাইত  ভূমিকম্প অনুভৱ কৰাৰ বাতৰি আহিছে৷আফগানিস্তান চৰকাৰৰ এগৰাকী মুখপাত্ৰ বিলাল কৰিমীয়ে টুইটত   কয় "  যোৱা নিশা পাকটিকা প্ৰদেশৰ চাৰিখন জিলাত তীব্ৰ ভূমিকম্প অনুভূত হৈছিল, ফলত আমাৰ শ শ লোক নিহত আৰু বহু লোক আহত হৈছে৷ 

শ শ  ঘৰ ধ্বংস হৈছে,"৷  চৰকাৰে দুৰ্যোগৰ সন্মুখীন হোৱা প্ৰদেশ খনলৈ উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰিছে৷  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগে দিয়া তথ্য অনুসৰি  ভূমিকম্পটো ভূগৰ্ভৰ প্ৰায় ৫১ কিলোমিটাৰ গভীৰত সৃষ্টি হৈছিল আৰু প্ৰাবল্য আছিল ৬.১৷ ভূমিকম্পৰ সময়ত প্ৰদেশ খনৰ প্ৰায়ভাগ লোকেই গভীৰ টোপনিত আছিল৷ 

প্ৰাপ্ত খবৰ অনুসৰি এতিয়াও ধ্বংসস্তূপৰ মাজৰ পৰা মৃতদেহ ওলায়েই আছে৷  তীব্ৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা দেশ খনত ভূমিকম্পই এনেদৰে সৃষ্টি কৰা ধ্বংসলীলাই বহুতকে ভবাই তুলিছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ