--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাইৰেল ব্যক্তি। ছ'চিয়েল মিডিয়া হৈছে এনে এখন ঠাই য'ত কিছুমান অদ্ভুত বস্তুবোৰ ভাইৰেল হয়। কিন্তু, টয়লেট পেপাৰ নোপোৱাৰ, কোনে মুখ ফালিব পাৰে হয়তো আজিলৈকে  কোনেও এনে বিষয়ে শুনা নাই। কিন্তু শেহতীয়াকৈ, এজন ব্যক্তিয়ে এখন কেএফচিৰ ৰেষ্টুৰেণ্টলৈ গৈছিল আৰু এই কাম কৰিছিল। যদিও শুনিবলৈ আচৰিত, ব্যক্তিজনে কেএফচিলৈ গৈছিল আৰু এই কাম কৰাৰ বাবে ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ৩০ হাজাৰ টকাৰ জৰিমনা পৰিশোধ কৰিব লগা হৈছিল। যাৰ বাবে, এতিয়া লোকজন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ব্যক্তিজনৰ নাম কেনেথ স্কট। ৫১ বছৰীয়া ব্যক্তিজনে তেওঁৰ পত্নী আৰু পুত্ৰক কেএফচিলৈ লৈ গৈছিল। তেওঁলোকে তাত  খাদ্যৰ অৰ্ডাৰ দিছিল। তাৰ পিছত মানুহজন শৌচাগাৰলৈ গ'ল। বহুসময় যোৱাৰ পাছতো দেউতাক অহা নেদেখি মানুহজনৰ পুতেকে দেউতাকক মাতিবলৈ শৌচাগাৰলৈ গৈছিল। তেওঁ শৌচাগাৰলৈ যায় আৰু দেউতাকক সুধিলে যে তেওঁক কিবা প্ৰয়োজন নেকি। মানুহজনে তেওঁৰ পুত্ৰক কৈছিল যে শৌচালয়ত কোনো টয়লেট পেপাৰ নাই। যাওক আৰু তাত এজন কৰ্মচাৰীক কওঁক। তেওঁৰ টয়লেট পেপাৰ নাছিল বাবে তেওঁ তাৰ পৰা ওলাই আহিব পৰা নাছিল।

ইতিমধ্যে বহুসময় পাৰ হৈ গৈছিল। কিন্তু, কোনেও তেওঁক টয়লেট পেপাৰ প্ৰদান কৰা নাছিল। আনহাতে, মানুহজনৰ পুত্ৰই তাত থকা কৰ্মচাৰীসকলক কৈছিল, কিন্তু কোনেও একো কৰা নাছিল। মানুহজনে সেই অৱস্থাত শৌচাগাৰ এৰি পোনে পোনে কে এফ চি কাউণ্টাৰলৈ গৈছিল আৰু অভিযোগ কৰিছিল যে শৌচাগাৰত  টয়লেট পেপাৰ নাই। তেওঁ মেনেজাৰক ফোন কৰিবলৈ কৈছিল। অৱশ্যে, দীঘলীয়া সময়ৰ পিছত, মেনেজাৰ অহা নাছিল। বহুসময় পাৰ হৈ যোৱাৰ পিছত, যেতিয়া কে.এফ.চি. মেনেজাৰ তালৈ আহিছিল, মানুহজনে খঙত তেওঁৰ মুখত এটা ঘুঁচা মাৰিছিল। 

জানিব পৰা মতে কেনেথ স্কট নামৰ ব্যক্তিজনে ঘটনাটোৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লগা হৈছিল। ধুমুহাৰ গতিত ছচিয়েল মিডিয়াত এই ঘটনাটো ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি