--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাইৰেল ব্যক্তি। ছ'চিয়েল মিডিয়া হৈছে এনে এখন ঠাই য'ত কিছুমান অদ্ভুত বস্তুবোৰ ভাইৰেল হয়। কিন্তু, টয়লেট পেপাৰ নোপোৱাৰ, কোনে মুখ ফালিব পাৰে হয়তো আজিলৈকে  কোনেও এনে বিষয়ে শুনা নাই। কিন্তু শেহতীয়াকৈ, এজন ব্যক্তিয়ে এখন কেএফচিৰ ৰেষ্টুৰেণ্টলৈ গৈছিল আৰু এই কাম কৰিছিল। যদিও শুনিবলৈ আচৰিত, ব্যক্তিজনে কেএফচিলৈ গৈছিল আৰু এই কাম কৰাৰ বাবে ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ৩০ হাজাৰ টকাৰ জৰিমনা পৰিশোধ কৰিব লগা হৈছিল। যাৰ বাবে, এতিয়া লোকজন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ব্যক্তিজনৰ নাম কেনেথ স্কট। ৫১ বছৰীয়া ব্যক্তিজনে তেওঁৰ পত্নী আৰু পুত্ৰক কেএফচিলৈ লৈ গৈছিল। তেওঁলোকে তাত  খাদ্যৰ অৰ্ডাৰ দিছিল। তাৰ পিছত মানুহজন শৌচাগাৰলৈ গ'ল। বহুসময় যোৱাৰ পাছতো দেউতাক অহা নেদেখি মানুহজনৰ পুতেকে দেউতাকক মাতিবলৈ শৌচাগাৰলৈ গৈছিল। তেওঁ শৌচাগাৰলৈ যায় আৰু দেউতাকক সুধিলে যে তেওঁক কিবা প্ৰয়োজন নেকি। মানুহজনে তেওঁৰ পুত্ৰক কৈছিল যে শৌচালয়ত কোনো টয়লেট পেপাৰ নাই। যাওক আৰু তাত এজন কৰ্মচাৰীক কওঁক। তেওঁৰ টয়লেট পেপাৰ নাছিল বাবে তেওঁ তাৰ পৰা ওলাই আহিব পৰা নাছিল।

ইতিমধ্যে বহুসময় পাৰ হৈ গৈছিল। কিন্তু, কোনেও তেওঁক টয়লেট পেপাৰ প্ৰদান কৰা নাছিল। আনহাতে, মানুহজনৰ পুত্ৰই তাত থকা কৰ্মচাৰীসকলক কৈছিল, কিন্তু কোনেও একো কৰা নাছিল। মানুহজনে সেই অৱস্থাত শৌচাগাৰ এৰি পোনে পোনে কে এফ চি কাউণ্টাৰলৈ গৈছিল আৰু অভিযোগ কৰিছিল যে শৌচাগাৰত  টয়লেট পেপাৰ নাই। তেওঁ মেনেজাৰক ফোন কৰিবলৈ কৈছিল। অৱশ্যে, দীঘলীয়া সময়ৰ পিছত, মেনেজাৰ অহা নাছিল। বহুসময় পাৰ হৈ যোৱাৰ পিছত, যেতিয়া কে.এফ.চি. মেনেজাৰ তালৈ আহিছিল, মানুহজনে খঙত তেওঁৰ মুখত এটা ঘুঁচা মাৰিছিল। 

জানিব পৰা মতে কেনেথ স্কট নামৰ ব্যক্তিজনে ঘটনাটোৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লগা হৈছিল। ধুমুহাৰ গতিত ছচিয়েল মিডিয়াত এই ঘটনাটো ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ