--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই আৰম্ভ কৰা যুদ্ধৰ এবৰ পূৰ্ণ হ’ল৷ এনে সময়তে উক্ৰেইনত যুদ্ধৰ অচিলালৈ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ শেহতীয়াকৈ  ভলোডিমিৰ জেলেনস্কিৰ চৰকাৰে দুৰ্নীতিৰ অভিযোগত দেশখনৰ  প্ৰতিৰক্ষা মন্ত্ৰীক অপসাৰিত  কৰাৰ সিদ্ধান্ত লৈছে।

 যোৱা বছৰ ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ আগতে অলেক্সি ৰেজনিকভে  ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু তেওঁক পদৰ পৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ তেওঁৰ ঠাইত ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা প্ৰধান কিৰিলো বুদানোভক দেশ খনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব৷  অলেক্সি ৰেজনিকভৰ বিৰুদ্ধে শেহতীয়াকৈ একাধিক কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ মাজতে অলেক্সিক তেওঁৰ পদৰ পৰা আঁতৰাই কিৰিলোক নতুন প্ৰতিৰক্ষা মন্ত্ৰী হিচাবে নিযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইউক্ৰেইন চৰকাৰৰ এজন মুখপাত্ৰ ডেভিদ আৰখমিয়াই কয়, "এতিয়াৰ পৰা কিৰিলোৱে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব ল'ব।  ৫৬ বছৰীয়া অলেক্সীয়ে এতিয়া  উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব"।নহাতে,অলেক্সিয়ে দাবী কৰিছে যে তেওঁক উদ্যোগ মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ কথা তেওঁ নাজানে৷   এই বিষয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়েও তেওঁৰ সৈতে কোনো কথা পতা নাই বুলি তেওঁ কয়৷

উল্লেখ্য যোৱা বছৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিৰুদ্ধে বৰ্তমানৰ মূল্যতকৈ দুই-তিনিগুণ অধিক মূল্যত খাদ্য সামগ্ৰীৰ ক্ৰয়ৰ  চুক্তিত  স্বাক্ষৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। 






















FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন