--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই আৰম্ভ কৰা যুদ্ধৰ এবৰ পূৰ্ণ হ’ল৷ এনে সময়তে উক্ৰেইনত যুদ্ধৰ অচিলালৈ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ শেহতীয়াকৈ  ভলোডিমিৰ জেলেনস্কিৰ চৰকাৰে দুৰ্নীতিৰ অভিযোগত দেশখনৰ  প্ৰতিৰক্ষা মন্ত্ৰীক অপসাৰিত  কৰাৰ সিদ্ধান্ত লৈছে।

 যোৱা বছৰ ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ আগতে অলেক্সি ৰেজনিকভে  ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু তেওঁক পদৰ পৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ তেওঁৰ ঠাইত ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা প্ৰধান কিৰিলো বুদানোভক দেশ খনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব৷  অলেক্সি ৰেজনিকভৰ বিৰুদ্ধে শেহতীয়াকৈ একাধিক কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ মাজতে অলেক্সিক তেওঁৰ পদৰ পৰা আঁতৰাই কিৰিলোক নতুন প্ৰতিৰক্ষা মন্ত্ৰী হিচাবে নিযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইউক্ৰেইন চৰকাৰৰ এজন মুখপাত্ৰ ডেভিদ আৰখমিয়াই কয়, "এতিয়াৰ পৰা কিৰিলোৱে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব ল'ব।  ৫৬ বছৰীয়া অলেক্সীয়ে এতিয়া  উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব"।নহাতে,অলেক্সিয়ে দাবী কৰিছে যে তেওঁক উদ্যোগ মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ কথা তেওঁ নাজানে৷   এই বিষয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়েও তেওঁৰ সৈতে কোনো কথা পতা নাই বুলি তেওঁ কয়৷

উল্লেখ্য যোৱা বছৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিৰুদ্ধে বৰ্তমানৰ মূল্যতকৈ দুই-তিনিগুণ অধিক মূল্যত খাদ্য সামগ্ৰীৰ ক্ৰয়ৰ  চুক্তিত  স্বাক্ষৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। 






















FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ